গ্ৰীষ্মকালীন পেৰালিম্পিক পেৰিছ ২০২৪ : এক চমু আভাস।
2024 চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিক অনুষ্ঠিত হৈছিল ফ্ৰান্সৰ পেৰিছ চহৰত। ই হৈছে সোতৰতম গ্ৰীষ্মকালীন পেৰালিম্পিক গেমছ, যিতো আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটীৰ দ্বাৰা পৰিচালিত। 2024 চনৰ 28 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈ এই গেমছ অনুষ্ঠিত হৈছিল আৰু ইয়াত 22 টা খেলত 549 টা পদক ইভেণ্ট অনুষ্ঠিত কৰা হৈছিল।

পেৰিছ পেৰালিম্পিকৰ স্থানসমূহ (Venues of Paris Paralympics) -
2024 চনৰ পেৰালিম্পিক গেমছ পেৰিছ চহৰৰ কেইবাটাও স্থানত অনুষ্ঠান অনুষ্ঠিত হৈছিল। ষ্টেড ডি ফ্ৰান্স (Stade de France)ত পেৰা এথলেটিকছৰ আয়োজন কৰা হৈছিল আৰু বাৰ্চি এৰিনা (Bercy Arena)ত হুইল চেয়াৰ বাস্কেটবল খেল অনুষ্ঠিত হৈছিল। আইফেল টাৱাৰ ষ্টেডিয়াম (Eiffel Tower Stadium)ত হৈছিল অন্ধ ফুটবল খেল আৰু চেট’ ডি ভাৰ্চাইল (Château de Versailles)ত অনুষ্ঠিত হৈছিল পেৰা ইকুৱেষ্ট্ৰিয়ান ইভেণ্ট। গ্ৰেণ্ড পেলেছ (Grand Palais)ত হুইলচেয়াৰ ফেন্সিং আৰু পেৰা টাইকোৱাণ্ডো অনুষ্ঠিত হৈছিল অন্যহাতে ৰ’লেণ্ড-গাৰ’ছ (Roland-Garros) ষ্টেডিয়ামত হৈছিল হুইলচেয়াৰ টেনিছ। ইয়াৰ উপৰিও পেৰিছ লা ডিফেন্স এৰিনা (Paris La Defense Arena)ত পেৰা সাঁতোৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।
পেৰিছ পেৰালিম্পিকৰ পদকৰ তালিকা (Paris Paralympics 2024 Medal List) -
Sl. No. | অংশগ্ৰহণকাৰী (Participants) | সোণ (Gold) | ৰূপ (Silver) | ব্ৰঞ্জ (Bronze) | মুঠ (Total) |
---|---|---|---|---|---|
1. | চীন (China) | 94 | 76 | 50 | 220 |
2. | গ্ৰেট ব্ৰিটেইন (Great Britain) | 49 | 44 | 31 | 124 |
3. | আমেৰিকা যুক্তৰাষ্ট্ৰ (United States of America) | 36 | 42 | 27 | 105 |
4. | নেদাৰলেণ্ড (Netherlands) | 27 | 17 | 12 | 56 |
5. | ব্ৰাজিল (Brazil) | 25 | 26 | 38 | 89 |
6. | ইটালী (Italy) | 24 | 15 | 32 | 71 |
7. | ইউক্ৰেইন (Ukraine) | 22 | 28 | 32 | 65 |
8. | ফ্ৰান্স (France) | 19 | 28 | 28 | 75 |
9. | অষ্ট্ৰেলিয়া (Australia) | 18 | 17 | 28 | 63 |
10. | জাপান (Japan) | 14 | 10 | 17 | 41 |
পেৰিছ পেৰালিম্পিকত ভাৰতৰ স্বৰ্ণ পদক বিজয়ীসকল (Paris Paralympics Gold Medalists of India 2024) -
Sl. No. | নাম (Name) | ইভেন্ট (Event) | বিভাগ (Category) |
---|---|---|---|
1. | হৰবিন্দৰ সিং (Harvinder Singh) | পেৰা আৰ্চাৰী (Para Archery) | পুৰুষৰ ব্যক্তিগত ৰিকাৰ্ভ ওপেন (Men's Individual Recurve Open) |
2. | প্ৰবীন কুমাৰ (Praveen Kumar) | পেৰা এথলেটিকছ (Para Athletics) | পুৰুষৰ হাই জাম্প - T64 (Men's High Jump - T64) |
3. | নৱদ্বীপ সিং (Navdeep Singh) | পেৰা এথলেটিকছ (Para Athletics) | পুৰুষৰ জেভেলিন থ্ৰ' - F41 (Men's Javelin Throw) |
4. | চুমিট এন্টিল (Sumit Antil) | পেৰা এথলেটিকছ (Para Athletics) | পুৰুষৰ জেভেলিন থ্ৰ' - F64 (Men's Javelin Throw - F64) |
5. | ধৰমবীৰ নেইন (Dharambir Nain) | পেৰা এথলেটিকছ (Para Athletics) | পুৰুষৰ ক্লাব থ্ৰ' - F51 (Men's Club Throw - F51) |
6. | নিতেশ কুমাৰ (Nitesh Kumar) | পেৰা বেডমিণ্টন (Para Badminton) | পুৰুষৰ একক - SL3 (Men's Singles - SL3) |
7. | অৱনী লেখাৰা (Avani Lekhara) | শ্বুটিং পেৰা স্প’ৰ্ট (Shooting Para Sport) | মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং - SH1 (Women's 10m Air Rifle Standing - SH1) |
- See Also -
FAQ
পেৰালিম্পিক হৈছে প্ৰতিবন্ধী খেলুৱৈসকলৰ বাবে প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা বহু ক্ৰীড়া প্ৰতিযোগিতা।
পেৰিছ চহৰত 2024 চনৰ পেৰালিম্পিক গেমছ অনুষ্ঠিত হৈছিল।
- Source -
- Wikipedia
- Paralympic Website