ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ - ২০২৫।
বৰ্তমান ভাৰতত ইয়াৰ চহকী সাংস্কৃতিক আৰু প্ৰাকৃতিক সৌন্দৰ্য্য প্ৰদৰ্শন কৰা ইউনেস্কোৰ 44 টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ (World Heritage Sites) আছে। বিখ্যাত স্থানসমূহৰ ভিতৰত ভাৰতৰ ইতিহাস আৰু স্থাপত্য প্ৰতিভা প্ৰদৰ্শন কৰা তাজমহল (Taj Mahal) আৰু কুতুব মিনাৰ (Qutb Minar) আছে পশ্চিম ঘাট আৰু হিমালয়ৰ আশে পাশে থকা ৰাষ্ট্ৰীয় উদ্যানৰ দৰে প্ৰাকৃতিক স্থানসমূহে দেশৰ জৈৱ বৈচিত্ৰ্য আৰু সংৰক্ষণৰ প্ৰচেষ্টাক উজ্জ্বল কৰি তুলিছে। এই স্থানসমূহে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকক আকৰ্ষণ কৰে আৰু ইয়াৰ ঐতিহ্য সংৰক্ষণৰ প্ৰতি ভাৰতৰ নিষ্ঠা প্ৰদৰ্শন কৰে।

ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ (List of World Heritage Sites in India):
অজন্তা গুহা (Ajanta Caves) - 1983
অজন্তা গুহা হৈছে শিল কাটি তৈয়াৰ কৰা 30 টা বৌদ্ধ গুহা কীৰ্তিচিহ্নৰ সংগ্ৰহ, যি মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাত অৱস্থিত। এই গুহাবোৰ খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ সময়ৰ আৰু ইয়াক প্ৰায় 480 খ্ৰীষ্টাব্দলৈকে ব্যৱহাৰ কৰা হৈছিল। 1819 চনত চিকাৰ অভিযানৰ সময়ত এজন ব্ৰিটিছ বিষয়া কেপ্তেইন জন স্মিথে (Captain John Smith) ভুলবশতঃ এই গুহাবোৰ আৱিষ্কাৰ কৰিছিল। অজন্তা গুহাসমূহৰ অসাধাৰণ সাংস্কৃতিক তাৎপৰ্য্যৰ বাবে 1983 চনত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছিল। প্ৰাচীন ভাৰতীয় শিল্পৰ কিছুমান উত্তম উদাহৰণ হিচাপে গণ্য কৰা এই গুহাবোৰ সুন্দৰ চিত্ৰ আৰু শিলৰ কাটি লোৱা ভাস্কৰ্য্যৰ বাবে বিখ্যাত।
এলোৰা গুহা (Ellora Caves) - 1983
ইলোৰা গুহা হৈছে 34 টা শিল কাটি তৈয়াৰ কৰা গুহা, য’ত হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মীয় কীৰ্তিচিহ্ন আছে। ই ভাৰতৰ মহাৰাষ্ট্ৰ জিলাত অৱস্থিত আৰু এই গুহাবোৰ 600-1000 খ্ৰীষ্টাব্দৰ সময়ৰ বুলি অনুমান কৰা হয়। এই গুহাত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ একক শিলৰ খনন পৰা তৈয়াৰ কৰা কৈলাশ মন্দিৰ (Kailash Temple) আছে, যিটো হৈছে ভগৱান শিৱ (Lord Shiva)ৰ প্ৰতি উৎসৰ্গিত ৰথ আকৃতিৰ কীৰ্তিচিহ্ন। এই গুহাসমূহত ভাৰতৰ বৈচিত্ৰময় সাংস্কৃতিক ঐতিহ্য আৰু আকৰ্ষণীয় শিল কটা স্থাপত্যৰ প্ৰদৰ্শন দেখা পোৱা যায়।
আগ্ৰা দুৰ্গ (Agra Fort) - 1983
আগ্ৰা দুৰ্গ হৈছে উত্তৰ প্ৰদেশৰ আগ্ৰাত অৱস্থিত এটা ঐতিহাসিক দুৰ্গ। ইয়াক লালকিল্লা (Red Fort) বুলিও জনা যায়। ইয়াক 1565 চনৰ পৰা 1573 চনৰ ভিতৰত মোগল সম্ৰাট আকবৰে নিৰ্মাণ কৰিছিল আৰু 1638 চনলৈকে ই মোগল সম্ৰাটসকলৰ মূল বাসস্থান আছিল। ইছলামিক আৰু হিন্দু স্থাপত্যৰ মিশ্ৰণৰ বাবে বিখ্যাত এই দুৰ্গটো ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ। মূল গঠনসমূহৰ ভিতৰত আছে দিৱান-ই-আম (Diwan-i-Am), দিৱান-ই-খাছ (Diwan-i-Khas), জাহাংগীৰ পেলেচ (Jahangir Palace) আৰু খাছ মহল (Khas Mahal)।
তাজমহল (Taj Mahal) - 1983
আগ্ৰাত অৱস্থিত তাজমহল হৈছে বগা মাৰ্বলৰ এক আচৰিত সমাধিক্ষেত্ৰ। 1632 চনৰ পৰা 1653 চনৰ ভিতৰত সম্ৰাট শ্বাহজাহানে (Emperor Shah Jahan) পত্নী মুমতাজ মহল (Mumtaz Mahal)ৰ স্মৃতিত নিৰ্মাণ কৰিছিল। সৌন্দৰ্য্য আৰু প্ৰতিসমতাৰ বাবে বিখ্যাত ই এক স্থাপত্যৰ আশ্চৰ্য্য। তাজমহল ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু ইয়াক বিশ্বৰ নতুন সাতটা আশ্চৰ্য্যৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।
সূৰ্য্য মন্দিৰ (Sun Temple) - 1984
সূৰ্য্য মন্দিৰ হৈছে ত্ৰয়োদশ শতিকাৰ এক হিন্দু মন্দিৰ যিটো ওড়িশাৰ কনাৰ্কত অৱস্থিত। ইয়াক কনাৰ্ক সূৰ্য্য মন্দিৰ (Konark Sun Temple) বুলিও জনা যায়। সূৰ্য্য দেৱতাক উৎসৰ্গিত এই মন্দিৰটোৰ ডিজাইন এটা বিশাল ৰথৰ আকৃতিত কৰা হৈছে য’ত বাৰযোৰ জটিলভাৱে খোদিত চকা আৰু সাতটা ঘোঁৰা আছে। 1250 খ্ৰীষ্টাব্দৰ আশে-পাশে পূব গংগা বংশ (Eastern Ganga Dynasty)ৰ ৰজা প্ৰথম নৰসিংহদেৱে নিৰ্মাণ কৰা এই মন্দিৰটো আচৰিত ধৰণৰ স্থাপত্য আৰু বিশদ ভাস্কৰ্য্যৰ বাবে বিখ্যাত। 1984 চনত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছিল।
কীৰ্তিচিহ্ন গোট, মহাবলীপুৰম (Group of Monuments, Mahabalipuram) - 1984
মহাবলীপুৰমৰ কীৰ্তিচিহ্ন গোট হৈছে তামিলনাডুৰ উপকূলীয় ৰিজ’ৰ্ট চহৰ মহাবলীপুৰমৰ থকা সপ্তম আৰু অষ্টম শতিকাৰ ধৰ্মীয় কীৰ্তিচিহ্নৰ সংকলন। ই চেন্নাইৰ পৰা প্ৰায় 60 কিলোমিটাৰ দক্ষিণে বংগ উপসাগৰৰ ক’ৰ’মণ্ডেল উপকূল (Coromandel Coast)ত অৱস্থিত। এই স্থানত 40 টা প্ৰাচীন কীৰ্তিচিহ্ন আৰু হিন্দু মন্দিৰ আছে। পল্লৱ বংশ (Pallava Dynasty)ৰ শাসনকালত এই কীৰ্তিচিহ্নসমূহ নিৰ্মাণ কৰা হৈছিল। 1960 চনৰ পিছত পুনৰ নিৰ্মাণ কৰা এই স্থান ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ দ্বাৰা পৰিচালিত হৈছে।
অসমত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে ভাৰতীয় এশিঙীয়া গঁড় (One Horned Rhinoceros)ৰ জনসংখ্যাৰ বাবে বিখ্যাত এখন ৰাষ্ট্ৰীয় উদ্যান। 1974 চনত স্থাপিত এই ৰাষ্ট্ৰীয় উদ্যানখনৰ আয়তন প্ৰায় 1,090 বৰ্গ কিলোমিটাৰ। ইয়াৰ উপৰিও ইয়াত বাঘ, হাতী, বনৰীয়া জল ম’হ আৰু বিভিন্ন প্ৰজাতিৰ চৰাইৰ বাসস্থান। কাজিৰঙাৰ চহকী জৈৱ বৈচিত্ৰ্য আৰু সফল সংৰক্ষণ প্ৰচেষ্টাৰ ফলত 1985 চনত ইয়াক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হয়।
মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যান, প্ৰজেক্ট টাইগাৰ সংৰক্ষিত বনাঞ্চল আৰু হাতী সংৰক্ষিত বনাঞ্চল। হিমালয়ৰ পাদদেশত অৱস্থিত এই ৰাষ্ট্ৰীয় উদ্যানখন ভূটানৰ ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যান (Royal Manas National Park)ৰ সীমাৰেখাত অৱস্থিত। এই উদ্যানখন বিৰল আৰু বিলুপ্তপ্ৰায় স্থানীয় বন্যপ্ৰাণী যেনে অসম চালৰ কচ্ছপ (Assam Roofed Turtle), হিস্পিড হাৰে (Hispid Hare), সোণালী বান্দৰ (Golden Langur) আৰু পিগমি হাগ (Pygmy Hog) আদিৰ বাবে জনাজাত। মানস ৰাষ্ট্ৰীয় উদ্যান বন্য জল ম’হ (Wild Water Buffalo)ৰ জনসংখ্যাৰ বাবেও বিখ্যাত।
কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান (Keoladeo National Park) - 1985
কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান ৰাজস্থানত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যানখনত হাজাৰ হাজাৰ থলুৱা আৰু পৰিভ্ৰমী চৰাই পোৱা যায় বিশেষকৈ শীতকালত, যেতিয়া কঠোৰ শীতকালৰ পৰা হাত সাৰিবলৈ বহুতো ভিন্ন প্ৰজাতিৰ চৰাই ভাৰতলৈ উৰি আহে। ৰাষ্ট্ৰীয় উদ্যানখনত কমেও 400 টা পক্ষীৰ প্ৰজাতি পৰ্যবেক্ষণ কৰা হৈছে। ইয়াৰ ব্যতিক্ৰমী পক্ষী জৈৱ বৈচিত্ৰ্যৰ বাবে ইয়াক 1985 চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপেও ঘোষণা কৰা হৈছে।
গোৱাৰ গীৰ্জা আৰু কনভেণ্ট (Churches and Convents of Goa ) - 1986
গোৱা ৰাজ্যৰ গোৱা ভেলহাত অৱস্থিত ধৰ্মীয় স্মৃতিসৌধৰ এটা গোটক ইউনেস্ক’ই দিয়া নামটোৱেই হৈছে গোৱা গীৰ্জা আৰু কনভেণ্ট। যিবোৰক 1986 চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ ভিতৰত আছে বেচিলিকা অৱ বম জেছুছ (Basilica of Bom Jesus), ছে কেথেড্ৰেল (Se Cathedral), চাৰ্চ অৱ চেণ্ট ফ্ৰান্সিছ অৱ আচিচি (Church of St. Francis of Assisi), চাৰ্চ অৱ আৱাৰ লেডী অৱ দ্য ৰোজাৰী (Church of Our Lady of the Rosary), চাৰ্চ অৱ চেণ্ট কেজেটান (Church of St. Cajetan), কনভেণ্ট অৱ চেণ্ট মনিকা (Convent of St. Monica) আৰু চেপেল অৱ চেণ্ট কেথেৰিন (Chapel of St. Catherine).
খাজুৰাহো স্মৃতিসৌধৰ গোট (Khajuraho Group of Monuments) - 1986
মধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাৰ হিন্দু আৰু দিগম্বৰা জৈন মন্দিৰৰ এটা গোট হৈছে খাজুৰাহো স্মৃতিসৌধৰ গোট। প্ৰায়বোৰ খাজুৰাহো মন্দিৰেই 885 খ্ৰীষ্টাব্দৰ পৰা 1000 খ্ৰীষ্টাব্দৰ ভিতৰত চাণ্ডেলা বংশ (Chandela Dynasty)ই নিৰ্মাণ কৰিছিল। ঐতিহাসিক তথ্য অনুসৰি খাজুৰাহো মন্দিৰ স্থানত দ্বাদশ শতিকাৰ ভিতৰত 85 টা মন্দিৰ আছিল, যিবোৰ 20 বৰ্গ কিলোমিটাৰত বিস্তৃত আছিল। ইয়াৰ ভিতৰত প্ৰায় 25 মন্দিৰহে ৰৈ গৈছে, যি ছয় বৰ্গ কিলোমিটাৰত বিস্তৃত।
হাম্পি স্মৃতিসৌধৰ গোট (Group of Monuments at Hampi) - 1986
হাম্পি স্মৃতিসৌধৰ গোট হৈছে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু ই কৰ্ণাটকৰ বিজয়নগৰ জিলাৰ হাম্পি চহৰত অৱস্থিত। হাম্পি বিজয়নগৰ সাম্ৰাজ্যৰ ৰাজধানী আছিল। ৰামায়ণ (Ramayana) আৰু হিন্দু ধৰ্মৰ পুৰাণত ইয়াক পম্পা দেৱী তীৰ্থ ক্ষেত্ৰ (Pampa Devi Tirtha Kshetra) হিচাপে উল্লেখ কৰা হৈছে। বীৰুপাক্ষ মন্দিৰ (Virupaksha Temple)ৰ সৈতে হাম্পি ধৰ্মীয় কেন্দ্ৰ হিচাপে অব্যাহত আছে।
ফতেহপুৰ ছিক্ৰী (Fatehpur Sikri) - 1986
উত্তৰ প্ৰদেশৰ আগ্ৰা জিলাৰ এখন চহৰ হৈছে ফতেহপুৰ ছিক্ৰী। ফতেহপুৰ ছিক্ৰী 1571 চনত সম্ৰাট আকবৰে মোগল সাম্ৰাজ্যৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল। এই স্থানত মোগল শৈলীৰ কীৰ্তিচিহ্ন আৰু মন্দিৰৰ এক বৃহৎ সংগ্ৰহ আছে, যেনে জামা মছজিদ (Jama Masjid), পঞ্চমহল ৰাজপ্ৰসাদ (Panch Mahal Palace) আৰু চেলিম চিষ্টিৰ সমাধি (Tomb of Salim Chishti)। মোগল সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ইয়াৰ ঐতিহাসিক গুৰুত্ব আৰু ইয়াৰ অসাধাৰণ স্থাপত্যৰ বাবে ফতেহপুৰ ছিক্ৰীয়ে 1986 চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰে।
স্মৃতিসৌধৰ গোট, পট্টাডাকাল (Group of Monuments at Pattadakal) - 1987
পট্টাডাকালত নটা হিন্দু মন্দিৰ আৰু এটা জৈন মন্দিৰ আছে যিবোৰ চালুক্য বংশ (Chalukya Dynasty)ৰ অধীনত সপ্তম আৰু অষ্টম শতিকাত নিৰ্মাণ কৰা হৈছিল। উত্তৰ আৰু দক্ষিণ ভাৰতৰ প্ৰভাৱ মিহলি কৰি বদামী চালুক্য শৈলীত নিৰ্মাণ কৰা হৈছিল।
এলিফান্টা গুহা (Elephanta Caves) - 1987
মহাৰাষ্ট্ৰৰ মুম্বাই বন্দৰৰ এলিফেণ্টা দ্বীপ (Elephanta Island)ত অৱস্থিত ভাস্কৰ্য্য শিল্পৰ এক নেটৱৰ্ক হৈছে এলিফেণ্টা গুহা। পঞ্চম শতিকাৰ পৰা অষ্টম শতিকাৰ এই গুহাবোৰ শিলৰ কাটি লোৱা আকৰ্ষণীয় স্থাপত্য আৰু জটিল খোদিত শিল্পৰ বাবে জনাজাত। আটাইতকৈ বিখ্যাত ভাস্কৰ্য্যটো হ’ল বিশাল তিনিমূৰীয়া শিৱ (Three Headed Shiva) যাক ত্ৰিমূৰ্তি বুলিও কোৱা হয়। এই গুহাসমূহ সাংস্কৃতিক আৰু ঐতিহাসিক তাৎপৰ্য্যৰ বাবে স্বীকৃতিপ্ৰাপ্ত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ।
মহান জীৱন্ত চোলা মন্দিৰ (Great Living Chola Temples) - 1987
মহান জীৱন্ত চোলা মন্দিৰ হৈছে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ। ভাৰতৰ তামিলনাডু ৰাজ্যত থকা তিনিটা চোলা বংশ (Chola Dynasty) যুগৰ হিন্দু মন্দিৰৰ এটা গোটক এই নামেৰে নামকৰণ কৰা হৈছে। এই মন্দিৰসমূহ খ্ৰীষ্টীয় একাদশ শতিকাৰ আৰম্ভণিৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত সম্পূৰ্ণ হৈছিল। ইয়াৰ ভিতৰত থাঞ্জাভুৰৰ বৃহদিশ্বৰ মন্দিৰ, গংগাইকণ্ডা চোলাপুৰমৰ বৃহদিশ্বৰ মন্দিৰ আৰু দাৰাছুৰমৰ আইৰাৱতেশ্বৰ মন্দিৰ আদি অন্তৰ্ভুক্ত।
সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান (Sundarbans National Park) - 1987
সুন্দৰবন হৈছে বংগ উপসাগৰত গংগা, ব্ৰহ্মপুত্ৰ আৰু মেঘনা নদীৰ সংগমেৰে গঠিত হোৱা বদ্বীপত থকা এক বনাঞ্চল। এই বদ্বীপটো অতি ঘন অৰণ্যৰে আবৃত আৰু ই বংগ বাঘ (Bengal Tiger)ৰ অন্যতম বৃহৎ সংৰক্ষিত বনাঞ্চল। ইয়াৰ উপৰিও ইয়াত নিমখীয়া পানীৰ কুমিৰকে ধৰি বিভিন্ন ধৰণৰ চৰাই, সৰীসৃপ আৰু অকৃমি প্ৰজাতিৰ প্ৰাণীও পোৱা যায়। 1987 চনত ইয়াক উনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিছাপো লিপিবদ্ধ কৰা হৈছিল।
নন্দা দেৱী আৰু ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যান (Nanda Devi and Valley of Flowers National Parks) - 1988
নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান আৰু ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যান হৈছে উত্তৰাখণ্ডত থকা ইউনেস্ক’ৰ এক বিশ্ব ঐতিহ্য ক্ষেত্ৰ। ইয়াত দুয়োখন ৰাষ্ট্ৰীয় উদ্যানক লগ কৰি গঠন কৰা হৈছে। নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যানৰ মূল এলেকা 630.33 বৰ্গ কিলোমিটাৰ আৰু ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যানৰ মূল এলেকা 87.50 বৰ্গকিলোমিটাৰ। দুয়োখন ৰাষ্ট্ৰীয় উদ্যানৰ মাজৰ অঞ্চলটোক বাফাৰ জ’ন বুলি কোৱা হয় আৰু ইয়াৰ আয়তন 5,148.57 বৰ্গকিলোমিটাৰ।
বৌদ্ধ কীৰ্তিচিহ্ন, সাঁচী (Buddhist Monuments at Sanchi) - 1989
সাঁচি স্তুপা হৈছে এক বৌদ্ধ কমপ্লেক্স যি ইয়াৰ মহান স্তুপৰ বাবে বিখ্যাত। ই মধ্য প্ৰদেশৰ ৰাইজেন জিলাৰ সাঁচি টাউনৰ এটা পাহাৰৰ শিখৰত অৱস্থিত। সাঁচীৰ মহান স্তুপ ভাৰতৰ অন্যতম পুৰণি শিলৰ গঠন আৰু ভাৰতৰ ঐতিহাসিক স্থাপত্যৰ এক গুৰুত্বপূৰ্ণ স্মৃতিসৌধ। ইয়াক প্ৰথমে খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত মৌৰ্য সম্ৰাট অশোকে নিৰ্মান কৰাইছিল। ভাৰতীয় সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি ইয়াৰ গুৰুত্ব বুজাবলৈ 200 টকাৰ ভাৰতীয় মুদ্ৰাৰ নোটৰ ওলোটা ফালে সাঁচি স্তুপৰ অংকন কৰা হৈছে।
হুমায়ুনৰ সমাধি (Humayun's Tomb) - 1993
হুমায়ুনৰ সমাধি হৈছে দিল্লীত অৱস্থিত মোগল সম্ৰাট হুমায়ুন (Humayun)ৰ সমাধি স্থল। 1558 চনত হুমায়ুনৰ প্ৰথম পত্নী তথা মুখ্য সম্ৰাজ্ঞী বেগা বেগমে (Bega Begum) তেওঁৰ পৃষ্ঠপোষকতাত এই সমাধিস্থল নিৰ্মাণৰ দায়িত্ব লৈছিল। ইয়াৰ ডিজাইন কৰিছিল পাৰ্চী স্থপতিবিদ মিৰাক মিৰ্জা গিয়াছ আৰু তেওঁৰ পুত্ৰ ছায়িদ মহম্মদে। 1993 চনত এই সমাধিটো ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল।
কুতুব মিনাৰ আৰু ইয়াৰ কীৰ্তিচিহ্ন (Qutb Minar and its Monuments) - 1993
ভাৰতৰ মাউণ্টেন ৰেলৱে (Mountain Railways of India) - 1999
ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী শাসনৰ সময়ত নিৰ্মিত তিনিটা পাহাৰীয়া ৰেলপথ ইয়াত সামৰি লোৱা হৈছে। ইয়াৰ ভিতৰত আছে – দাৰ্জিলিং হিমালয়ান ৰেলৱে (Darjeeling Himalayan Railway), নীলগিৰি মাউণ্টেন ৰেলৱে (Nilgiri Mountain Railway) আৰু কলকা-চিমলা ৰেলৱে (Kalka-Shimla Railway)।
মহাবোধী মন্দিৰ কমপ্লেক্স (Mahabodhi Temple Complex) - 2002
ভীমবেটকাৰ শিলৰ আশ্ৰয় (Rock Shelters of Bhimbetka) - 2003
ছত্ৰপতি শিৱাজী টাৰ্মিনাছ (Chhatrapati Shivaji Terminus) - 2004
মুম্বাইৰ ঐতিহাসিক ছত্রপতি শিৱাজী টাৰ্মিনাছ 19 শতিকাৰ শেষৰ ফালে নিৰ্মাণ কৰা হৈছিল। ভিক্টোৰিয়ান গথিক শৈলী অনুসৰি ফ্ৰেডেৰিক উইলিয়াম ষ্টিভেন্সে (Frederick William Stevens) ইয়াৰ ডিজাইন কৰিছিল। ই ইটালীৰ গথিক স্থাপত্যৰ লগত ভাৰতীয় পৰম্পৰাগত অট্টালিকাৰ সৈতে সংযুক্ত কৰে। ই ব্ৰিটিছ কমনৱেলথৰ ভিতৰত মুম্বাইৰ এক প্ৰধান বাণিজ্যিক বন্দৰ আছিল।
চম্পানেৰ-পাৱগধ প্ৰত্নতাত্ত্বিক উদ্যান (Champaner-Pavagadh Archaeological Park) - 2004
লালকিল্লা কমপ্লেক্স (Red Fort Complex) - 2007
লালকিল্লা হৈছে এক ঐতিহাসিক মোগল দুৰ্গ, যি ভাৰতৰ পুৰণি দিল্লী অঞ্চলত অৱস্থিত। ই মোগল সম্ৰাটসকলৰ মূল বাসস্থান হিচাপে কাম কৰিছিল আৰু 1639 চনত সম্ৰাট শ্বাহজাহানে উদ্বোধন কৰিছিল। মোগলৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্তৰ পিছত এই দুৰ্গটো নিৰ্মাণ কৰা হৈছিল। মূলতঃ ৰঙা আৰু বগা ৰঙেৰে সজোৱা এই দুৰ্গৰ ডিজাইন তাজমহল (Taj Mahal)ৰ স্থপতি উস্তাদ আহমদ লাহোৰীৰ বুলি কোৱা হয়। পাৰ্চী আৰু ভাৰতীয় স্থাপত্য শৈলীৰ সংমিশ্ৰণেৰে শ্বাহজাহানৰ ৰাজত্বকালৰ মোগল স্থাপত্যৰ এক বিশিষ্ট উদাহৰণ হৈছে লালকিল্লা।
জয়পুৰৰ যন্তৰ মন্তৰ (The Jantar Mantar, Jaipur) - 2010
পশ্চিম ঘাট (Western Ghats) - 2012
ভাৰত উপমহাদেশৰ পশ্চিম উপকূলৰ কাষেৰে বিস্তৃত পৰ্বতমালা হৈছে পশ্চিম ঘাট। ই পাহাৰীয়া অৰণ্যৰে আবৃত। এই অঞ্চলটো জৈৱ বৈচিত্ৰ্যৰ হটস্পট আৰু বিলুপ্তপ্ৰায় প্ৰজাতিৰ যেনে বংগ বাঘ (Bengal Tiger), সিংহৰ ঠেংযুক্ত মাকাক, নীলগিৰি তহৰ (Nilgiri Tahr), নীলগিৰি লাংগুৰ আদি প্ৰাণীৰ বাসস্থান।
ৰাজস্থানৰ পাহাৰীয়া দুৰ্গ (Hill Forts of Rajasthan) - 2013
ৰাণী ষ্টেপৱেল (Queen's Stepwell) - 2014
গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান (Great Himalayan National Park) - 2014
নালন্দা মহাবিহাৰা (Nalanda Mahavihara) - 2016
ভাৰতৰ বিহাৰত অৱস্থিত নালন্দা মহাবিহাৰ আছিল এক প্ৰাচীন শিক্ষাৰ কেন্দ্ৰ আৰু বৌদ্ধ মঠৰ বিশ্ববিদ্যালয়। খ্ৰীষ্টীয় পঞ্চম শতিকাত প্ৰতিষ্ঠা শিক্ষাৰ এই কেন্দ্ৰটো দ্বাদশ শতিকালৈকে ফুলি উঠিছিল। এই স্থানত স্তুপ, মন্দিৰ, আৱাসিক ভৱন আৰু শিক্ষামূলক ভৱন আছে। নালন্দাই সমগ্ৰ এছিয়াৰ পৰা পণ্ডিতক আকৰ্ষণ কৰিছিল আৰু ইয়াৰ সময়ছোৱাত ই আছিল এক বিশিষ্ট বৌদ্ধিক কেন্দ্ৰ। ইয়াৰ ঐতিহাসিক আৰু শৈক্ষিক তাৎপৰ্য্যৰ বাবে 2016 চনত ইয়াক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছিল।
খাংচেডজংগা ৰাষ্ট্ৰীয় উদ্যান (Khangchendzonga National Park) - 2016
চণ্ডীগড় কেপিটেল কমপ্লেক্স (Chandigarh Capitol Complex) - 2016
আহমদাবাদৰ ঐতিহাসিক চহৰ (Historic City of Ahmadabad) - 2017
ঐতিহাসিক চহৰ আহমদাবাদ হৈছে এখন দেৱালযুক্ত চহৰ যিখন 1411 চনত গুজৰাট চুলতান (Gujarat Sultanate)ৰ প্ৰথম আহমদ শ্বাহে (Ahmad Shah-I) প্ৰতিষ্ঠা কৰিছিল। ছয় শতিকাজুৰি ই গুজৰাট ৰাজ্যৰ ৰাজধানী হৈ আছিল আৰু পিছলৈ গুজৰাটৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হয়। 2017 চনৰ জুলাই মাহত ইউনেস্ক’ই ইয়াক বিশ্ব ঐতিহ্য নগৰ হিচাপে আখ্যা দিয়ে।
মুম্বাইৰ ভিক্টোৰিয়ান গথিক আৰু আৰ্ট ডেকো এনচেম্বল (Victorian Gothic and Art Deco Ensembles of Mumbai) - 2018
মুম্বাইৰ ভিক্টোৰিয়ান গথিক আৰু আৰ্ট ডেকো এনচেম্বল ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ। ইয়াত 19 শতিকাৰ ভিক্টোৰিয়ান গথিক ৰাজহুৱা ভৱন আৰু 20 শতিকাৰ আৰ্ট ডেকো ব্যক্তিগত গঠনৰ অনন্য মিশ্ৰণ দেখা পোৱা যায় আৰু এইবোৰ দক্ষিণ মুম্বাইৰ অভাল ময়দানৰ চাৰিওফালে অৱস্থিত। ইয়াৰ মাটিকালি 66.34 হেক্টৰ আৰু বাফাৰ জ’ন 378.78 হেক্টৰ।
জয়পুৰ চহৰ (Jaipur City) - 2019
ৰাজপুত শাসক দ্বিতীয় জয় সিংহ (Jai Singh II)ই 1727 চনত জয়পুৰ প্ৰতিষ্ঠা কৰিছিল। এই চহৰখন প্ৰাচীন হিন্দু আৰু পশ্চিমীয়া আদৰ্শৰ পৰা অনুপ্ৰাণিত হৈ অঞ্চলটোৰ মধ্যযুগীয় স্থাপত্যৰ পৰা আঁতৰি গ্ৰীড প্লেনেৰে নিৰ্মাণ কৰা হৈছিল। ই আছিল এক শক্তিশালী বাণিজ্য কেন্দ্ৰ আৰু শিল্পীসকলৰ বাসস্থান। গুৰুত্বপূৰ্ণ অট্টালিকা আৰু স্থানসমূহৰ ভিতৰত হাৱা মহল প্ৰাসাদ (Hawa Mahal Palace), গোবিন্দ দেৱজী মন্দিৰ (Govind Dev Ji Temple), চহৰ প্ৰাসাদ (City Palace), আৰু যন্তৰ মন্তৰ (Jantar Mantar) আদি উল্লেখযোগ্য।
ৰমপ্পা মন্দিৰ (Ramappa Temple) - 2021
ৰমাপ্পা মন্দিৰ হৈছে ভাৰতৰ তেলেংগানাৰ মুলুগু জিলাৰ পালাম্পেট গাঁৱত অৱস্থিত হিন্দু দেৱতা শিৱৰ প্ৰতি উৎসৰ্গিত কাকতীয়া শৈলীৰ এক হিন্দু মন্দিৰ। ৰমাপ্পা মন্দিৰ যাক ৰুদ্ৰেশ্বৰ মন্দিৰ বুলিও জনা যায়। এই মন্দিৰৰ এটা শিলালিপিত কোৱা হৈছে যে ইয়াক ৰেচেৰলা ৰুদ্ৰ ৰেড্ডী (Recherla Rudra Reddy)য়ে 1213 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিল।
ধোলাভিৰা (Dholavira) - 2021
ধোলাভিৰা হৈছে সিন্ধু উপত্যকাৰ সভ্যতা (Indus Valley Civilization)ৰ এটা প্ৰধান স্থান আৰু ই ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ। উন্নত নগৰ পৰিকল্পনাৰে খ্ৰীষ্টপূৰ্ব 3000-1500 চনৰ ভিতৰত ই ফুলি উঠিছিল। ইয়াৰ জলাশয় আৰু নলাৰ অনন্য পানী ব্যৱস্থাপনাৰ পৰা বুজা যায় যে হাৰাপ্পানসকলে কেনেকৈ শুষ্ক পৰিস্থিতিৰ সৈতে খাপ খাই পৰিছিল। 47 হেক্টৰ মাটিত বিস্তৃত ধোলাভিৰা হৰপ্পানৰ বৃহত্তম বসতিসমূহৰ ভিতৰত অন্যতম।
শান্তিনিকেতন (Santiniketan) - 2023
শান্তিনিকেতন হৈছে পশ্চিম বংগৰ বীৰভুম জিলাত অৱস্থিত বলপুৰ চহৰৰ এটা চুবুৰী। শান্তিনিকেতনক 19 শতিকাৰ দ্বিতীয়াৰ্ধত দেবেন্দ্ৰনাথ ঠাকুৰে আশ্ৰম হিচাপে প্ৰতিষ্ঠা কৰিছিল। 2023 চনত বিশ্ব ঐতিহ্য সমিতিৰ দ্বাৰা ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।
হয়শলাসকলৰ পবিত্ৰ দল (Sacred Ensembles of the Hoysalas) - 2023
বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত দক্ষিণ ভাৰতৰ তিনিটা হয়শলা শৈলীৰ মন্দিৰৰ এটা গোট হৈছে হয়শলাৰ পবিত্ৰ দল। সোমনাথপুৰা, বেলুৰ আৰু হালেবিডুত থকা এই মন্দিৰসমূহ হয়শলা সাম্ৰাজ্য (Hoysala Empire)ৰ অধীনত দ্বাদশ আৰু ত্ৰয়োদশ শতিকাৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল।
চৰাইদেউ মৈদাম (Charaideo Moidams) - 2024
অসমত অৱস্থিত চৰাইদেউ মৈদাম হৈছে আহোম বংশ (Ahom Dynasty)ৰ প্ৰাচীন সমাধিস্থল। ত্ৰয়োদশ শতিকাৰ এই সমাধিস্থলত আহোম ৰজাৰ অৱশিষ্টসমূহ সন্নিবিষ্ট কৰা হৈছে। মইদামসমূহ ইয়াৰ অনন্য স্থাপত্য শৈলী আৰু ঐতিহাসিক গুৰুত্বৰ বাবে উল্লেখযোগ্য। 2024 চনত চৰাইদেউ মৈদামসমূহৰ সাংস্কৃতিক আৰু ঐতিহাসিক মূল্যক উজ্জ্বল কৰি ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে লিপিবদ্ধ কৰা হয়।
মাৰাঠা সামৰিক প্ৰাকৃতিক দৃশ্য (Maratha Military Landscapes) - 2025
মাৰাঠা সামৰিক প্ৰাকৃতিক দৃশ্য হৈছে 12 টা দুৰ্গ (Fort)ৰ এক গোট যিটো 17ৰ পৰা 19 শতিকাৰ ভিতৰত মাৰাঠা শাসকসকলে দখল কৰি বিকশিত কৰিছিল। এই দুৰ্গসমূহৰ ভিতৰত আছে ছালহেৰ (Salher), শিৱনেৰী (Shivneri), লোহাগাড (Lohagad), খাণ্ডেৰী (Khanderi), ৰায়গদ (Raigad), ৰাজগড (Rajgad), প্ৰতাপগড (Pratapgad), সোৱৰ্ণাদুৰ্গ (Suvarnadurg), পানহলা (Panhala), বিজয়দুৰ্গ (Vijaydurg), সিন্ধুদুৰ্গ (Sindhudurg)। এই সকলোবোৰ মহাৰাষ্ট্ৰ আৰু তামিলনাডুৰ জিঞ্জি দুৰ্গত অৱস্থিত। বিভিন্ন ভৌগোলিক ভূখণ্ডত বিয়পি থকা এই দুৰ্গসমূহে মাৰাঠা শাসনৰ সামৰিক শক্তি প্ৰদৰ্শন কৰে।
- See Also -
FAQ
ভাৰতত 44 খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে।
ভাৰতৰ প্ৰথমটো ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে অজন্তা গুহা।
ভাৰতৰ প্ৰথমখন ঐতিহ্যমণ্ডিত গাঁও হৈছে হিমাচল প্ৰদেশৰ কংৰা জিলাত অৱস্থিত প্ৰাগপুৰ।
অজন্তা গুহা ভাৰতৰ আটাইতকৈ পুৰণি ঐতিহ্য ক্ষেত্ৰ বুলি গণ্য কৰা হয়।
ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য ক্ষেত্ৰ হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, কেওলাদেউ ৰাষ্ট্ৰীয় উদ্যান, সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান, নন্দ দেৱী আৰু ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যান, পশ্চিম ঘাট আৰু গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান।
- Source -
- Wikipedia

