Space Agencies Around the Globe : A Short Overview

বিশ্বৰ মহাকাশ সংস্থাসমূহ : এক চমু আভাস

মহাকাশ সংস্থাসমূহ (Space Agencies) হৈছে মহাকাশ অন্বেষণ, গৱেষণা আৰু উন্নয়নৰ বাবে উৎসৰ্গিত চৰকাৰী বা বেচৰকাৰী সংস্থা। এই সংস্থাসমূহে মহাকাশৰ সৈতে জড়িত কাৰ্য্যকলাপৰ পৰিকল্পনা, নিষ্পাদন আৰু তদাৰক কৰে। ইয়াৰ ওপৰিও মহাবিশ্বৰ বিষয়ে আমাৰ জ্ঞান, প্ৰযুক্তিগত উন্নতি আৰু বৈজ্ঞানিক গৱেষণা লাভ কৰাত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। এই সংস্থাসমূহৰ মূল কাম হ’ল মহাকাশ অভিযান নিক্ষেপ কৰি গ্ৰহ (Planet), চন্দ্ৰ (Moon), গ্ৰহাণু (Astroid), ধুমকেতু (Comet) আদিৰ বিষয়ে অধ্যয়ন কৰা। পৃথিৱী পৰ্যবেক্ষণ, বতৰ পূৰ্বাভাস আৰু যোগাযোগৰ দৰে উদ্দেশ্যৰ বাবে এই সংস্থাসমূহে উপগ্ৰহ নিয়োগ আৰু পৰিচালনা কৰে। প্ৰয়োজন সাপেক্ষে তেওঁলোকে অন্যান্য ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতে যৌথ অভিযানত সহযোগিতা কৰে।

Space Agencies Around the Globe || বিশ্বৰ মহাকাশ সংস্থাসমূহ
World's Best Space Agencies

ৰাষ্ট্ৰীয় বিমান আৰু মহাকাশ প্ৰশাসন (National Aeronautics and Space Administration):

ৰাষ্ট্ৰীয় বিমান আৰু মহাকাশ প্ৰশাসন, চমুকৈ নাছা (NASA)ৰ স্থাপিত হৈছিল 1958 চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচি (Washington DC)ত অৱস্থিত। নাছৰ বাৰ্ষিক বাজেট হৈছে 1.96 লাখ কোটি টকা (2023)।

ৱেবছাইট – www.nasa.gov

চীন ৰাষ্ট্ৰীয় মহাকাশ প্ৰশাসন (China National Space Administration):

চীন ৰাষ্ট্ৰীয় মহাকাশ প্ৰশাসন, চমুকৈ চি.এন.এছ.এ. (CNSA) হৈছে চীন গণৰাজ্যৰ এটা চৰকাৰী সংস্থা যাৰ মুখ্য কাৰ্যালয় বেইজিঙৰ হাইডিয়ান (Haidian)ত আছে। এই সংস্থাটো স্থাপন কৰা হৈছিল 1993 চনত আৰু ইয়াৰ বাৰ্ষিক বাজেট হৈছে 74 হাজাৰ কোটি টকা (2020)।

ৱেবছাইট – www.cnsa.gov.cn

ইউৰোপীয় মহাকাশ সংস্থা (European Space Agency):

ইউৰোপীয় মহাকাশ সংস্থা, চমুকৈ ই.এছ.এ. (ESA) হৈছে মহাকাশ অন্বেষণৰ বাবে নিয়োজিত 22 খন দেশৰ পৰা গঠিত হোৱা এক আন্তঃৰাষ্ট্ৰীয় চৰকাৰী সংস্থা। ইয়াৰ গঠন হৈছিল 1975 চনত আৰু ইয়াৰ বাৰ্ষিক বাজেট হৈছে 59 হাজাৰ কোটি টকা (2023)।

ৱেবছাইট – www.euspa.europa.eu

মহাকাশ অধ্যয়নৰ বাবে ৰাষ্ট্ৰীয় কেন্দ্ৰ (National Centre for Space Studies):

মহাকাশ অধ্যয়নৰ বাবে ৰাষ্ট্ৰীয় কেন্দ্ৰ তথা চি.এন.ই.এছ. (CNES) হৈছে ফ্ৰান্সৰ ৰাষ্ট্ৰীয় মহাকাশ সংস্থা, যাৰ মুখ্য কাৰ্যালয় মধ্য পেৰিছ (Central Paris)ত আছে আৰু ইয়াক ফ্ৰান্সৰ প্ৰতিৰক্ষা আৰু গৱেষণা মন্ত্ৰালয়ে তদাৰক কৰে। 1961 চনত ৰাষ্ট্ৰপতি চাৰ্লছ ডি গ’ল (Charles de Gaulle)ৰ অধীনত CNES প্ৰতিষ্ঠা কৰা হৈছিল। ই হৈছে বিশ্বৰ তৃতীয় পুৰণি মহাকাশ সংস্থা (World’s third oldest Space Agency) আৰু ইয়াৰ বাৰ্ষিক বাজেট হৈছে 21.4 হাজাৰ কোটি টকা (2022)।

ৱেবছাইট – cnes.fr

মহাকাশ কাৰ্য্যকলাপৰ বাবে ৰাজ্যিক নিগম (State Corporation for Space Activities):

মহাকাশ কাৰ্য্যকলাপৰ বাবে ৰাজ্যিক নিগম, চমুকৈ ৰস্কোচমছ (Roscosmos) হৈছে ৰাছিয়ান ফেডাৰেচনৰ এটা ৰাজ্যিক নিগম। ইয়াৰ প্ৰতিষ্ঠা কৰা হৈছিল 1992 চনত আৰু ইয়াৰ মূখ্য কাৰ্যালয় ৰাছিয়া (Russia)ৰ মস্কো (Moscow)ত অৱস্থিত। পূৰ্বতে ইয়াক ছোভিয়েট মহাকাশ কাৰ্যসূচী (Soviet Space Program) নামেৰে জনা গৈছিল আৰু 1955 চনৰ পৰা 1991 চনত ছোভিয়েট ইউনিয়ন (Soviet Union) ভংগ হোৱালৈকে সক্ৰিয় আছিল। ৰস্কোচমছৰ বাৰ্ষিক বাজেট হৈছে 16 হাজাৰ কোটি টকা (2021)।

ৱেবছাইট – www.roscosmos.ru

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (Indian Space Research Organisation):

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰো (ISRO) হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় মহাকাশ সংস্থা। ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল 1969 চনত। ইছৰো পূৰ্বতে ভাৰতীয় মহাকাশ গৱেষণাৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় সমিতি (INCOSPAR) নামেৰে জনাজাত আছিল, যিটো 1962 চনত বিক্ৰম চাৰাভাই (Vikram Sarabhai)ৰ পৰামৰ্শ অনুসৰি জৱাহৰলাল নেহৰুৰ অধীনত স্থাপন কৰা হৈছিল ৷ ইছৰোৰ বাৰ্ষিক বাজেট হৈছে 10.5 হাজাৰ কোটি টকা (2023)।

ৱেবছাইট – www.isro.gov.in

ইটালীৰ মহাকাশ সংস্থা (Italian Space Agency):

ইটালী মহাকাশ সংস্থা, চমুকৈ এ.এছ.আই. (ASI) 1988 চনত স্থাপিত হোৱা এক চৰকাৰী সংস্থা। এই সংস্থাটোৱে ইটালীত মহাকাশ অন্বেষণৰ কাৰ্য্যকলাপ সমূহ নিয়ন্ত্ৰণ কৰে। ইয়াৰ মুখ্য কাৰ্যালয় ইটালী (Italy)ৰ ৰোম (Rome)ত অৱস্থিত। ASI ৰ বাৰ্ষিক বাজেট হৈছে 14.5 হাজাৰ কোটি টকা (2020)।

ৱেবছাইট – www.asi.it

জাপান মহাকাশ অন্বেষণ সংস্থা (Japan Aerospace Exploration Agency):

জাপান মহাকাশ অন্বেষণ সংস্থা, চমুকৈ জেক্সা (JAXA) হৈছে জাপানৰ ৰাষ্ট্ৰীয় বায়ু আৰু মহাকাশ সংস্থা । জাপানৰ তিনিটা সংস্থা একত্ৰিত কৰি জেক্সা গঠন কৰা হৈছিল 2003 চনত আৰু ইয়াৰ মূখ্য় কাৰ্যালয় টকিঅ’ (Tokyo)ৰ চ’ফু (Chofu)ত অৱস্থিত। জেক্সাৰ বাৰ্ষিক বাজেট হৈছে 11.8 হাজাৰ কোটি টকা (2021)।

ৱেবছাইট – global.jaxa.jp

জাৰ্মান মহাকাশ কেন্দ্ৰ (German Aerospace Center):

জাৰ্মান মহাকাশ কেন্দ্ৰ, চমুকৈ ডি.এল.আৰ. (DLR) প্ৰতিষ্ঠা হৈছিল 1969 চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয় কল’ন (Cologne)ত অৱস্থিত। ই জাৰ্মান ফেডাৰেল চৰকাৰৰ হৈ জাৰ্মান মহাকাশ কাৰ্যসূচীৰ পৰিকল্পনা আৰু ৰূপায়ণৰ দায়িত্ব লয়। DLR ৰ বাৰ্ষিক বাজেট হৈছে 11.2 হাজাৰ কোটি টকা (2021)।

ৱেবছাইট – www.dlr.de

Our Solar System || সৌৰজগতৰ ছবি
আমাৰ সৌৰজগত : গ্ৰহ, উপগ্ৰহ আৰু বহুতো।
ISRO || ইছৰো
ইছৰো : ভাৰতীয় মহাকাশ গৱেষণা সংস্থা।

FAQ

মহাকাশ সংস্থা হৈছে মহাকাশৰ সন্ধান আৰু গৱেষণা কৰা চৰকাৰী বা ব্যক্তিগত সংস্থা।

মহাকাশ সংস্থাসমূহে মানৱ মহাকাশ যাত্ৰা, গ্ৰহ অন্বেষণ, উপগ্ৰহ আৰু মহাকাশ দূৰবীণৰ দৰে অভিযান আৰম্ভ কৰে।

আই এছ এছ হৈছে একাধিক দেশৰ মহাকাশচাৰীয়ে বাস কৰা আৰু কাম কৰা মহাকাশ কেন্দ্ৰ। নাছা, ৰস্কোচমছ, ই এছ এ আৰু অন্যান্য মহাকাশ সংস্থাৰ সৈতে জড়িত এক যৌথ প্ৰকল্প।

বিশ্বৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো আছিল স্পুটনিক (Sputnik)-1 আৰু ইয়াক ছোভিয়েট ইউনিয়নে উৎক্ষেপণ কৰিছিল।

ইউৰি গাগাৰিন (Yuri Gagarin) আছিল প্ৰথমজন মানৱ যি 1961 চনৰ 12 এপ্ৰিলত ভষ্টক (Vostok)-1 মহাকাশযানত উঠি মহাকাশলৈ গৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top