অসমৰ বিমানবন্দৰসমূহ : এক চমু আভাস।
অসমৰ বিমানবন্দৰসমূহে (Airports of Assam) ভাৰতৰ উত্তৰ-পূব অঞ্চলক দেশৰ বাকী অংশ আৰু ইয়াৰ বাহিৰত সংযোগ স্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই বিমানবন্দৰসমূহে কেৱল ভ্ৰমণৰ সুবিধা প্ৰদান কৰাই নহয়, পৰ্যটন, বাণিজ্য আৰু সাংস্কৃতিক আদান-প্ৰদানক প্ৰসাৰিত কৰি ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নত যথেষ্ট অৰিহণা যোগায়। অসমত বৰ্তমান নটা বিমানবন্দৰ পৰিচালিত হৈ আছে। ইয়াৰ বিষয়ে তলত উল্লেখ কৰা হ’ল।
অসমৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (International Airports of Assam) -
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (Lokpriya Gopinath Bordoloi International Airport):
অসমৰ গুৱাহাটীত অৱস্থিত লোকপ্ৰিয়া গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ প্ৰৱেশদ্বাৰ। এই বিমানবন্দটো স্বাধীনতা সংগ্ৰামী তথা অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ নামেৰে নামাকৰণ কৰা হৈছে আৰু ইয়াৰ প্ৰতিষ্ঠা কৰা হয় 1958 চনত। উত্তৰ-পূব ভাৰতৰ প্ৰাথমিক বিমানবন্দৰ আৰু ই দেশৰ ভিতৰতে দ্বাদশ ব্যস্ততম বিমানবন্দৰ (Twelfth Busiest Airport in India)। 2023 চনৰ শেষলৈকে এই বিমান্দৰটোৱে 56 লাখতকৈ অধিক যাত্ৰী আৰু 46,600 বিমানৰ পৰিচালনা কৰিছিল।
অসমৰ ঘৰুৱা বিমানবন্দৰসমূহ (Domestic Airports of Assam):
ডিব্ৰুগড় বিমানবন্দৰ (Dibrugarh Airport):
ডিব্ৰুগড় বিমানবন্দৰ হৈছে অসমৰ ডিব্ৰুগড় চহৰত সেৱা আগবঢ়োৱা ঘৰুৱা বিমানবন্দৰ। চহৰৰ মাজমজিয়াৰ পৰা 15 কিলোমিটাৰ পূবে মোহনবাৰীত অৱস্থিত। বিমানবন্দৰটোৰ মাটিকালি 386 একৰ আৰু এই বিমানবন্দৰটোৱে এয়াৰবাছ-এ৩২০ (Airbus A320) আৰু বয়িং-৭৩৭ (Boeing 737)ৰ দৰে বিমান পৰিচালনা কৰিব পাৰে।
শিলচৰ বিমানবন্দৰ (Silchar Airport):
শিলচৰ বিমানবন্দৰ হৈছে অসমৰ শিলচৰত সেৱা আগবঢ়োৱা এটা ঘৰুৱা বিমানবন্দৰ। চহৰৰ মাজমজিয়াৰ পৰা 29 কিলোমিটাৰ নিলগত কুম্ভীৰগ্ৰামত অৱস্থিত। ই উত্তৰ-পূব ভাৰতৰ পঞ্চম ব্যস্ত বিমানবন্দৰ (Fifth Busiest Airport of North-East India)। ইয়াৰ মাটিকালি 36.7 একৰ আৰু ইয়াক 1944 চনত ইংৰাজসকলে নিৰ্মাণ কৰিছিল।
যোৰহাট বিমানবন্দৰ (Jorhat Airport):
যোৰহাট বিমানবন্দৰ ৰৰৈয়া বিমানবন্দৰ বুলিও জনা যায়, যি অসমৰ যোৰহাট আৰু গোলাঘাট চহৰক সেৱা আগবঢ়োৱা এক ঘৰুৱা বিমানবন্দৰ। ই যোৰহাট চহৰৰ পৰা 7 কিলোমিটাৰ পশ্চিমে আৰু গোলাঘাট চহৰৰ পৰা 51 কিলোমিটাৰ পূবে ৰৰৈয়াত অৱস্থিত।
লীলাবাৰী বিমানবন্দৰ (Lilaabari Airport):
উত্তৰ লখিমপুৰ বিমানবন্দৰ নামেৰেও পৰিচিত লীলাবাৰী বিমানবন্দৰ হৈছে অসমৰ উত্তৰ লখিমপুৰ চহৰত সেৱা আগবঢ়োৱা এটা ঘৰুৱা বিমানবন্দৰ। ই চহৰৰ মাজমজিয়াৰ পৰা 8 কিলোমিটাৰ উত্তৰে লিলাবাৰীত অৱস্থিত।
তেজপুৰ বিমানবন্দৰ (Tezpur Airport):
তেজপুৰ বিমানবন্দৰ যাক ছালোনীবাৰী বায়ুসেনা ষ্টেচন বুলিও জনা যায়। ই এটা ভাৰতীয় বায়ুসেনাৰ ষ্টেচন আৰু লগতে এক ঘৰুৱা বিমানবন্দৰ যি তেজপুৰত সেৱা আগবঢ়ায়। ই চহৰৰ মাজমজিয়াৰ পৰা 8.5 কিলোমিটাৰ দূৰত্বত ছালোনিবাৰীত অৱস্থিত। বিমানবন্দৰটোৱে যাত্ৰীবাহী টাৰ্মিনেলৰ সৈতে 22 একৰ ভূমি সামৰি লৈছে।
ৰূপসী বিমানবন্দৰ (Rupsi Airport):
ৰূপসী বিমানবন্দৰ হৈছে অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী চহৰক সেৱা আগবঢ়োৱা ঘৰুৱা বিমানবন্দৰ। চহৰৰ মাজমজিয়াৰ পৰা 17 কিলোমিটাৰ উত্তৰ দিশত ৰূপছিত অৱস্থিত আৰু এই বিমানবন্দৰটোৰ আয়তন 447 একৰ।
অসমৰ সামৰিক বিমানবন্দৰসমূহ (Military Airports of Assam):
চাবুৱা বায়ুসেনা কেন্দ্ৰ (Chabua Air Force Station):
চাবুৱা বায়ুসেনা কেন্দ্ৰ হৈছে অসমৰ ডিব্ৰুগড় জিলাৰ চাবুৱাত অৱস্থিত ভাৰতীয় বায়ুসেনা ঘাটি। এই ঘাটিটো 1939 চনত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াক আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীৰ বায়ুসেনা (United States Army Air Forces)ৰ দ্বাৰা পৰিচালিত কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিমানবন্দৰটো পৰিত্যক্ত হৈ পৰিছিল আৰু 1962 চনত চীনৰ সৈতে বৃদ্ধি পোৱা উত্তেজনাৰ পাছৰ পৰা ভাৰতীয় বায়ুসেনাই এই বিমানবন্দৰটো ব্য়ৱহাৰ কৰি আহিছে।
ছুকেৰেটিং বায়ুসেনা কেন্দ্ৰ (Sookerating Air Force Station):
ছুকেৰাটিং বায়ুসেনা কেন্দ্ৰ অসমৰ ছুকেৰাটিংত অৱস্থিত এটা ভাৰতীয় বায়ুসেনাৰ ঘাটি। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই বিমানবন্দৰটোক আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ বায়ুসেনাই পৰিবহণ ঘাটি হিচাপে ব্যৱহাৰ কৰিছিল। জাপানী বাহিনীৰ বিৰুদ্ধে অসম উপত্যকা ৰক্ষাৰ বাবে 1942 চনত যুঁজাৰু হিচাপে এই বিমানবন্দৰটো ব্যৱহাৰ কৰা হৈছিল।
FAQ
অসমত মুঠ নটা বিমানবন্দৰ আছে।
অসমৰ প্ৰধান বিমানবন্দৰটো হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (Lokpriya Gopinath Bordoloi International Airport)।
অসমত মুঠ সাতটা অসামৰিক বিমানবন্দৰ আছে।
অসমত মুঠ চাৰিটা সামৰিক বিমানবন্দৰ আছে।