Bridges of Assam : Enhanced Connectivity, Development and Economic Growth

অসমৰ দলংসমূহ : বৰ্ধিত সংযোগ, উন্নয়ন আৰু অৰ্থনৈতিক বিকাশ।

দলং হৈছে এক অভিযান্ত্ৰিক আশ্চৰ্য্য, যিয়ে নদী, উপত্যকা, খাদ আদি প্ৰাকৃতিক বাধাসমূহ অতিক্ৰম কৰি দূৰৰ ঠাইবোৰক সংযোগ কৰে। অসমৰ দলংসমূহে (Bridges of Assam) ৰাজ্যখনৰ প্ৰগতিৰ আৰু উন্নত সংযোগ স্থাপনৰ ক্ষেত্ৰত শক্তিশালী প্ৰতীক হিচাপে কাম কৰে। লগতে এই দলংসমূহে সংযোগ বৃদ্ধি, সামগ্ৰী আৰু মানুহৰ মসৃণ প্ৰবাহ সক্ষম কৰা আৰু ভ্ৰমণৰ সময় হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশেষকৈ দুৰ্গম অঞ্চলত বাণিজ্য বৃদ্ধি, কৃষিক সহায় কৰা, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ উন্নত সুবিধা প্ৰদান কৰা আদিও উল্লেখযোগ্য়। 

Bridges of Assam

অসমৰ প্ৰধান দলংসমূহ (Major Bridges of Assam) -

শৰাইঘাট দলং (Saraighat Bridge):

শৰাইঘাট দলং অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা ৰেলৰ লগতে পথৰ দলং। 1962 চনত স্থাপিত অসমৰ প্ৰথমখন দলং (First Bridge of Assam)। এই দলংখনে উত্তৰ-পূব ভাৰতক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰিছে। এই দলংখনে কামৰূপ গ্ৰাম্যৰ আমিনগাঁৱৰ সৈতে গুৱাহাটীৰ পাণ্ডুক সংযোগ কৰে। দলংখনৰ দৈৰ্ঘ্য 1.492 কিলোমিটাৰ আৰু বহল 7.3 মিটাৰ।

কলিয়া ভোমোৰা সেতু (Kolia Bhomora Setu):

কলিয়া ভোমোৰা সেতু অসমৰ দ্বিতীয় দলং আৰু 1987 চনত ইয়াৰ কাম সম্পূৰ্ণ হৈছিল। ই উত্তৰ পাৰৰ শোণিতপুৰ জিলাৰ তেজপুৰক দক্ষিণ পাৰত নগাঁও জিলাৰ কলিয়াবৰৰ সৈতে সংযোগ কৰে। দলংখনৰ দৈৰ্ঘ্য 3.15 কিলোমিটাৰ আৰু ই অসমৰ তৃতীয় দীঘলীয়া দলং (Third Longest Bridge of Assam)।

নৰনাৰায়ণ সেতু (Naranarayan Setu):

নৰনাৰায়ণ ছেতু হৈছে অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ হোৱা তৃতীয়খন দলং। ই এখন ডাবল ডেক দলং যাৰ তলৰ ডেকত ৰেলপথ আৰু ওপৰৰ ডেকত পথ আছে। ইয়াৰ দৈৰ্ঘ্য 2.284 কিলোমিটাৰ আৰু ই উত্তৰ দিশত বঙাইগাঁও জিলাৰ যোগীঘোপাক দক্ষিণ পাৰৰ গোৱালপাৰা জিলাৰ পঞ্চৰত্নৰ সৈতে সংযোগ কৰে।

নতুন শৰাইঘাট দলং (New Saraighat Bridge):

নতুন শৰাইঘাট দলং, ইয়াক দ্বিতীয় শৰাইঘাট দলং (Second Saraighat Bridge) বুলিও কোৱা হয়। 2017 ত নিৰ্মিত দলংখনৰ মুঠ দৈৰ্ঘ্য 1.494 কিলোমিটাৰ।

ধলা শদিয়া দলং (Dhola Sadiya Bridge):

আনুষ্ঠানিকভাৱে ভূপেন হাজৰিকা দলং (Bhupen Hazarika Bridge) নামেৰে জনাজাত ধলা শদিয়া দলং ভাৰতৰ আটাইতকৈ দীঘল দলং (The Longest Bridge in India)। দলংখনৰ দৈৰ্ঘ্য 9.15 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ লোহিত নদী (Lohit River)ৰ ওপৰেৰে দলংখনে তিনিচুকীয়া জিলাৰ দক্ষিণ পাৰৰ ধলাক উত্তৰ পাৰৰ শদিয়াৰ সৈতে সংযোগ কৰিছে। 2017 চনৰ 26 মে’ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দলংখন উদ্বোধন কৰিছিল।

বগীবিল দলং (Bogibeel Bridge):

বগীবিল দলং হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা পথ আৰু ৰে’ল দলং লগতে ই অসমৰ দ্বিতীয় দীঘল দলং (Second Longest Bridge in Assam)। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 4.94 কিলোমিটাৰ দৈৰ্ঘ্যৰ বগীবিল দলং ভাৰতৰ আটাইতকৈ দীঘল ৰেল সহ পথ দলং (Longest Rail cum Road Bridge in India)। এই দলংখনে অসমৰ ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলাক ৰাষ্ট্ৰীয় ঘাইপথ (NH15)ৰ মাজেৰে সংযোগ কৰিছে। ইয়াৰ উপৰিও ই এছিয়াৰ দ্বিতীয় দীঘলীয়া ৰেল সহ পথ দলং (Asia’s Second Longest Rail cum Road Bridge)। দলংখন 2018 চনত মুকলি কৰা হয়।

নামদাং শিলৰ সাঁকো (Namdang Stone Bridge):

নামদাং শিলৰ সাঁকো হৈছে অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এখন ঐতিহাসিক দলং। 1703 চনত আহোম ৰজা ৰুদ্ৰ সিংহৰ ৰাজত্বকালত ইয়াক নিৰ্মাণ কৰা হৈছিল। ইয়াক দিখৌ নদীৰ উপনৈ নামদাং নদীৰ ওপৰত নিৰ্মান কৰা হৈছে। এই দলংখনৰ দৈৰ্ঘ্য  হৈছে 60 মিটাৰ আৰু বহল 6.5 মিটাৰ। ইয়াৰ স্বকীয়তা এয়াই যে ইয়াক কেৱল এটা শিলৰ টুকুৰাৰ পৰা তৈয়াৰ কৰা হৈছিল।

ধুবুৰী ফুলবাৰী দলং (Dhubri Phulbari Bridge):

ধুবুৰী ফুলবাৰী দলং হৈছে উত্তৰ-পূব ভাৰতৰ অসম আৰু মেঘালয়ৰ মাজত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত এখন দলং। এই দলংখন 19 কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ হ’ব আৰু ই অসমৰ ধুবুৰীক মেঘালয়ৰ ফুলবাৰীৰ সৈতে সংযোগ কৰিব। বৰ্তমান এই দলংখন নিৰ্মাণৰ কাম চলি আছে আৰু 2028 চনৰ ভিতৰত সম্পূৰ্ণ হ’ব।

সামৰণিত ক’বলৈ গ’লে উন্নত সংযোগ, উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ বাবে অসমৰ দলংসমূহ (Bridges of Assam) অতি গুৰুত্বপূৰ্ণ। এই দলংসমূহ কেৱল পথ নহয়, ই সম্প্ৰদায়সমূহক একত্ৰিত হোৱাত সহায় কৰে আৰু অসমক সকলোৰে বাবে অধিক সমৃদ্ধিশালী আৰু একত্ৰিত স্থান হিচাপে গঢ়ি তোলাত অৰিহণা যোগায়।

 

National Parks of Assam || অসমৰ ৰাষ্ট্ৰীয় উদ্যান
অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ আৰু ইয়াৰ স্বকীয়তা।
Wildlife Sanctuaries in Assam
অসমৰ বন্যপ্ৰাণী অভয়াৰণ্যসমূহ : এক চমু আভাস।
airports of assam || অসমৰ বিমানবন্দৰ সমূহ
অসমৰ বিমানবন্দৰসমূহ : এক চমু আভাস।

FAQ

ভূপেন হাজৰিকা সেতু অসমৰ আটাইতকৈ দীঘল দলং।

2023 চনৰ হিচাপত অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 7 খন ডাঙৰ দলং আছে।

শৰাইঘাট দলঙে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰিছে।

নামদাং শিলৰ সাঁকো 1702 চনত আহোম ৰজা ৰুদ্ৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল।

নামদাং শিলৰ সাঁকো অসমৰ শিৱসাগৰ জিলাৰ নামডাং নদীৰ ওপৰেৰে অৱস্থিত।

1 thought on “Bridges of Assam : Enhanced Connectivity, Development and Economic Growth”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top