Districts of Assam : A Short Overview 2025 in Assamese

অসমৰ জিলাসমূহ : এক চমু আভাস।

জিলা হৈছে ৰাজ্য বা দেশৰ দৰে বৃহৎ অঞ্চলক সৰু সৰু অধিক পৰিচালনাযোগ্য অংশত ভাগ কৰিবলৈ ব্যৱহাৰ কৰা ভৌগোলিক আৰু প্ৰশাসনিক (Administrative) একক। ভাৰতত জিলাসমূহ প্ৰশাসনিক ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ উপাদান আৰু ইয়াৰ নেতৃত্বত এজন উপাযুক্ত (Deputy Commissioner) থাকে, যিয়ে জিলাখনৰ ভিতৰত আইন-শৃংখলা (Law and Order) বজাই ৰখা আৰু ৰাজহ (Revenue) সংগ্ৰহৰ দায়িত্ব লয়। অসমৰ জিলাসমূহ (Districts of Assam) 35 টা ভাগত বিভক্ত কৰা হৈছে।

Districts of Assam || অসমৰ জিলাসমূহ
Districts of Assam Map

অসমৰ জিলাসমূহ (List of Districts of Assam) -

বজালী জিলা (Bajali District):

বজালী জিলা অসম ৰাজ্যৰ এখন জিলা যাক বৰপেটা জিলাৰ পৰা খোদিত কৰা হৈছে। ইয়াৰ মুখ্য কাৰ্যালয় হৈছে পাঠশালা (Pathsala)। জিলাখনৰ আয়তন 418 বৰ্গ কিলোমিটাৰ আৰু 2011 চনৰ লোকপিয়ল অনুসৰি বজালী জিলাৰ জনসংখ্যা 2,53,876 জন।

বাকছা জিলা (Baksa District):

বাকছা অসমৰ বডোলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ এখন প্ৰশাসনিক জিলা। জিলা সদৰ মুশালপুৰ (Mushalpur)ত অৱস্থিত। মানস ৰাষ্ট্ৰীয় উদ্যান (Manas National Park) এই জিলাৰ এটা অংশ। জিলাখনৰ আয়তন 1,573 বৰ্গ কিলোমিটাৰ আৰু 2011 চনৰ লোকপিয়ল অনুসৰি বাকছা জিলাৰ জনসংখ্যা 5,60,925 জন।

বৰপেটা জিলা (Barpeta District):

বৰপেটা অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। জিলা সদৰ বৰপেটা (Barpeta)ত অৱস্থিত। এই জিলাখনৰ আয়তন 2,764 বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ জনসংখ্যা 14,39,806 জন (2011)।

বিশ্বনাথ জিলা (Biswanath District):

বিশ্বনাথ জিলা হৈছে অসমৰ এখন প্ৰশাসনিক জিলা আৰু ইয়াক শোণিতপুৰ জিলাৰ পৰা সৃষ্টি কৰা হৈছে। ইয়াৰ মুখ্য কাৰ্যালয় বিশ্বনাথ চাৰিআলিত (Biswanath Chariali) অৱস্থিত। জিলাখনৰ আয়তন 1,415 বৰ্গ কিলোমিটাৰ আৰু 2011 চনৰ লোকপিয়ল অনুসৰি বিশ্বনাথ জিলাৰ জনসংখ্যা 6,12,491 জন।

বঙাইগাঁও জিলা (Bongaigaon District):

বঙাইগাঁও জিলা অসমৰ এখন প্ৰশাসনিক জিলা আৰু ইয়াৰ সদৰ হ’ল বঙাইগাঁও (Bongaigaon)। জিলাখনৰ আয়তন 1,093 বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা 7,38,804 জন (2011)।

কাচাৰ জিলা (Cachar District):

কাচাৰ জিলাৰ মুখ্য কাৰ্যালয় হ’ল শিলচৰ (Silchar), অসমৰ অন্যতম গুৰুত্বপূৰ্ণ ব্যৱসায়িক কেন্দ্ৰ। ইয়াৰ মাটিকালি 3,786 বৰ্গ কিলোমিটাৰ আৰু 2011 চনৰ লোকপিয়ল অনুসৰি কাছাৰ জিলাৰ জনসংখ্যা 17,36,617 জন।

চৰাইদেউ জিলা (Charaideo District):

2015 চনৰ 15 আগষ্টত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ (Tarun Gogoi)য়ে আনুষ্ঠানিকভাৱে চৰাইদেউক নতুন জিলা হিচাপে ঘোষণা কৰিছিল। ইয়াক শিৱসাগৰ জিলাৰ পৰা খোদিত কৰা হৈছে আৰু জিলা সদৰ হ’ল সোণাৰি (Sonari)। জিলাখনৰ জনসংখ্যা 4,71,418 জন (2011) আৰু মুঠ আয়তন 1,069 বৰ্গ কিলোমিটাৰ।

চিৰাং জিলা (Chirang District):

চিৰাং জিলা অসমৰ বডোলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ এখন প্ৰশাসনিক জিলা। 2004 চনত বঙাইগাঁও জিলাৰ পৰা ইয়াক খোদিত কৰা হৈছে। চিৰাং জিলাৰ জনসংখ্যা 4,82,162 জন (2011) আৰু ইয়াৰ মুঠ মাটিকালি 1,170 বৰ্গ কিলোমিটাৰ। জিলাৰ সদৰ কাজলগাঁও (Kajalgaon)।

দৰং জিলা (Darrang District):

দৰং অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। জিলা সদৰ মঙলদৈ (Mangaldoi)ত অৱস্থিত। জিলাখনৰ আয়তন 1,585 বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ মুঠ জনসংখ্যা 9,28,500 জন (2011) ৷

ধেমাজি জিলা (Dhemaji District):

ধেমাজি জিলা উচ্চ অসম (Upper Assam)ৰ এখন প্ৰশাসনিক জিলা। জিলা সদৰ ধেমাজিত আৰু বাণিজ্যিক সদৰ ছিলাপথাৰ (Silapathar)ত অৱস্থিত। এই জিলাখনৰ আয়তন 3,237 বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ জনসংখ্যা 6,86,133 জন (2011)।

ধুবুৰী জিলা (Dhubri District):

জিলা সদৰ ধুবুৰী নগৰত অৱস্থিত। ধুবুৰী জিলাৰ আয়তন 2,838 বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা 13,94,144 জন (2011)।

ডিব্ৰুগড় জিলা (Dibrugarh District):

ডিব্ৰুগড় জিলা উচ্চ অসম (Upper Assam)ৰ এখন জিলা আৰু জিলা সদৰ ডিব্ৰুগড় চহৰত অৱস্থিত। ডিব্ৰুগড় জিলাৰ আয়তন 3,381 বৰ্গ কিলোমিটাৰ আৰু 2011 চনৰ লোকপিয়ল অনুসৰি ডিব্ৰুগড় জিলাৰ জনসংখ্যা 13,26,335 জন।

ডিমা হাছাও জিলা (Dima Hasao District):

ডিমা হাচাও জিলা ভাৰতৰ অসমৰ এখন প্ৰশাসনিক জিলা। ইয়াৰ জিলা সদৰ হ’ল হাফলং আৰু ই অসমৰ একমাত্ৰ পাহাৰীয়া আস্থান (Hill Station)। 2011 চনৰ হিচাপত 2,14,102 জন জনসংখ্যাৰে ই অসমৰ সৰ্বনিম্ন জনবহুল জিলা (Least Populous District in Assam)। ইয়াৰ আয়তন 4,888 বৰ্গ কিলোমিটাৰ।

গোৱালপাৰা জিলা (Goalpara District):

জিলা সদৰ গোৱালপাৰাত অৱস্থিত। গোৱালপাৰা জিলাৰ এলেকা 1,824 বৰ্গ কিলোমিটাৰ। 2011 চনৰ লোকপিয়ল অনুসৰি গোৱালপাৰা জিলাৰ জনসংখ্যা 10,08,183 জন।

গোলাঘাট জিলা (Golaghat District):

1987 চনত ই জিলা মৰ্যাদা লাভ কৰিছিল। জিলা সদৰ গোলাঘাটত অৱস্থিত। ইয়াৰ মাটিকালি 3,502 বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা 10,66,888 জন (2011)।

হাইলাকান্দি জিলা (Hailakandi District):

হাইলাকান্দি জিলা অসমৰ বৰাক উপত্যকা (Barak Valley)ৰ 3 খন জিলাৰ ভিতৰত অন্যতম আৰু লগতে ইয়াৰ মুখ্য জিলা কাৰ্যালয়। জিলাখনৰ আয়তন 1,327 বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ জনসংখ্যা 6,59,296 জন (2011)।

হোজাই জিলা (Hojai District):

হোজাই জিলা অসমৰ এখন জিলা আৰু ইয়াৰ মুখ্য কাৰ্যালয় শংকৰদেৱ নগৰ (Sankardev Nagar)ত অৱস্থিত। জিলাখনৰ আয়তন 1,685 বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ জনসংখ্যা 9,31,218 জন (2011)।

যোৰহাট জিলা (Jorhat District):

যোৰহাট পূৰ্বতে অবিভক্ত শিৱসাগৰ জিলাৰ মহকুমা আছিল। 1983 চনত শিৱসাগৰ জিলাৰ পৰা ইয়াক গঠন কৰা হৈছিল৷ জিলাখনৰ সদৰ হ’ল যোৰহাট। 2011 চনৰ লোকপিয়ল অনুসৰি যোৰহাট জিলাৰ জনসংখ্যা 10,92,256 জন আৰু আয়তন 2,851 বৰ্গ কিলোমিটাৰ।

কামৰূপ জিলা (Kamrup District):

2003 চনত অবিভক্ত কামৰূপ জিলাক দুভাগ কৰি কামৰূপ গ্ৰাম্য জিলা (Kamrup Rural District)ৰ সৃষ্টি কৰা হৈছিল। জিলাখনৰ আয়তন 4,345 বৰ্গ কিলোমিটাৰ আৰু 2011 চনৰ লোকপিয়ল অনুসৰি কামৰূপ জিলাৰ জনসংখ্যা 15,17,542 জন।

কামৰূপ মহানগৰ জিলা (Kamrup Metropolitan District):

কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনিক মুখ্য কাৰ্যালয় গুৱাহাটী (Guwahati) মহানগৰীত। জিলাখনৰ মাটিকালি 1,528 বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ মুঠ জনসংখ্যা 12,53,938 জন (2011)।

কাৰ্বি আংলং জিলা (Karbi Anglong District):

ভাৰতীয় সংবিধান (The Constitution of India)ৰ ষষ্ঠ অনুসূচী অনুসৰি এই জিলাখন কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ (Karbi Anglong Autonomous Council)ৰ দ্বাৰা পৰিচালিত হয়। ডিফু (Diphu) জিলাখনৰ প্ৰশাসনিক সদৰ। ইয়াৰ মুঠ জনসংখ্যা 6,60,955 জন আৰু 7,366 বৰ্গ কিলোমিটাৰ মাটিকালিৰে ই অসমৰ সৰ্ববৃহৎ জিলা (Largest District in Assam)।

কোকৰাঝাৰ জিলা (Kokrajhar District):

কোকৰাঝাৰ জিলা বডোলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ এখন প্ৰশাসনিক জিলা। জিলাখনৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰ টাউন (Kokrajhar Town)ত অৱস্থিত আৰু ইয়াৰ আয়তন 3,169 বৰ্গ কিলোমিটাৰ। 2011 চনৰ লোকপিয়ল অনুসৰি কোকৰাঝাৰ জিলাৰ জনসংখ্যা 8,87,142 জন।

লখিমপুৰ জিলা (Lakhimpur District):

লখিমপুৰ জিলা উচ্চ অসমৰ এখন প্ৰশাসনিক জিলা। জিলা সদৰ উত্তৰ লখিমপুৰ (North Lakhimpur)ত অৱস্থিত। লখিমপুৰ জিলাৰ আয়তন 2,277 বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা 10,42,137 জন।

মাজুলী জিলা (Majuli District):

মাজুলী জিলা উত্তৰ-পূব অসমৰ ব্ৰহ্মপুত্ৰ নদী (Brahmaputra River)ৰ মাজত অৱস্থিত বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ (Largest River Island in the World)। ইয়াৰ মুখ্য কাৰ্যালয় গড়মূৰ (Garamur)। মাজুলী জিলাৰ জনসংখ্যা 1,67,304 জন (2011) আৰু আয়তন 880 বৰ্গ কিলোমিটাৰ।

মৰিগাঁও জিলা (Morigaon District):

মৰিগাঁও জিলা মধ্য অসমৰ এখন প্ৰশাসনিক জিলা আৰু ইয়াৰ মুখ্য কাৰ্যালয় মৰিগাঁও (Morigaon)ত অৱস্থিত। মৰিগাঁও জিলাৰ আয়তন 1,704 বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা 9,57,853 জন (2011)।

নগাঁও জিলা (Nagaon District):

নগাঁও জিলা অসমৰ এখন প্ৰশাসনিক জিলা। 2011 চনৰ লোকপিয়ল অনুসৰি ই অসমৰ আটাইতকৈ জনবহুল জিলা (Most Populous District in Assam)। জিলা সদৰ নগাঁৱত অৱস্থিত। জিলাখনৰ মুঠ জনসংখ্যা 18,92,550 জন (2011) আৰু ইয়াৰ মুঠ আয়তন 2,287 বৰ্গ কিলোমিটাৰ।

নলবাৰী জিলা (Nalbari District):

নলবাৰী নিম্ন অসমৰ এখন প্ৰশাসনিক জিলা আৰু জিলা সদৰ নলবাৰী (Nalbari)ত অৱস্থিত। নলবাৰী জিলাৰ আয়তন 2,257 বৰ্গ কিলোমিটাৰ আৰু 2011 চনৰ লোকপিয়ল অনুসৰি নলবাৰী জিলাৰ জনসংখ্যা 7,71,639 জন।

শিৱসাগৰ জিলা (Sivasagar District):

শিৱসাগৰ জিলা উচ্চ অসমৰ অন্যতম জিলা। শিৱসাগৰ চহৰ (Sivasagar City) এই জিলাৰ প্ৰশাসনিক সদৰ। শিৱসাগৰ জিলাৰ মাটিকালি 2,668 বৰ্গ কিলোমিটাৰ আৰু 2011 চনৰ লোকপিয়ল অনুসৰি শিৱসাগৰ জিলাৰ জনসংখ্যা 11,51,050 জন।

শোণিতপুৰ জিলা (Sonitpur District):

শোণিতপুৰ জিলা উত্তৰ অসমৰ এখন প্ৰশাসনিক জিলা। জিলা সদৰ তেজপুৰ (Tezpur)ত অৱস্থিত। শোণিতপুৰ জিলাৰ আয়তন হৈছে 2,076.70 বৰ্গ কিলোমিটাৰ আৰু 2011 চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা 19,24,110 জন।

দক্ষিণ শালমাৰা-মানকাচৰ জিলা (South Salmara-Mankachar District):

দক্ষিণ শালমাৰা-মানকাচৰ নিম্ন অসমৰ এখন প্ৰশাসনিক জিলা। জিলাখন আগতে ধুবুৰী জিলাৰ এটা মহকুমা আছিল। জিলা সদৰ হাটছিঙিমাৰী চহৰ (Hatsingimari Town)ত অৱস্থিত। 568 বৰ্গ কিলোমিটাৰ মাটিকালিৰে অসমৰ আটাইতকৈ সৰু জিলা (Smallest District in Assam) আৰু ইয়াৰ জনসংখ্যা 5,55,114 জন।

শ্ৰীভূমি জিলা (Sribhumi District):

শ্ৰীভূমি জিলা হৈছে বৰাক উপত্যকা (Barak Valley)ৰ অন্য এখন জিলা। 1983 চনত ই জিলা হিচাপে পৰিগণিত হয়। পূৰ্বতে জিলাখনক কৰিমগঞ্জ জিলা নামেৰে জনাজাত গৈছিল। ইয়াৰ আয়তন 1809 বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা 12,28,686 জন (2011)। কৰিমগঞ্জ চহৰ হৈছে প্ৰশাসনিক মুখ্য কাৰ্যালয়ৰ লগতে আটাইতকৈ ডাঙৰ চহৰ।

তামুলপুৰ জিলা (Tamulpur District):

তামুলপুৰ জিলা অসমৰ বডোলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ এখন প্ৰশাসনিক জিলা আৰু ইয়াৰ মুখ্য কাৰ্যালয় তামুলপুৰত অৱস্থিত। জিলাখনৰ মাটিকালি 884 বৰ্গ কিলোমিটাৰ আৰু 2011 চনৰ লোকপিয়ল অনুসৰি তিনিচুকীয়া জিলাৰ জনসংখ্যা 3,89,150 জন।

তিনিচুকীয়া জিলা (Tinsukia District):

তিনিচুকীয়া জিলা উচ্চ অসমৰ এখন প্ৰশাসনিক জিলা। জিলা সদৰ তিনিচুকীয়া চহৰ (Tinsukia City)ত অৱস্থিত। জিলাখনৰ মাটিকালি 3,790 বৰ্গ কিলোমিটাৰ আৰু 2011 চনৰ লোকপিয়ল অনুসৰি তিনিচুকীয়া জিলাৰ জনসংখ্যা 13,27,929 জন।

উদালগুৰি জিলা (Udalguri District):

উদালগুৰি জিলা অসমৰ বডোলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ এখন প্ৰশাসনিক জিলা। উদালগুৰি নগৰ (Udalguri Town) জিলাখনৰ মুখ্য কাৰ্যালয়। 2011 চনৰ লোকপিয়ল অনুসৰি উদালগুৰি জিলাৰ জনসংখ্যা 8,31,668 জন আৰু জিলাখনৰ আয়তন 1,852 বৰ্গ কিলোমিটাৰ।

পশ্চিম কাৰ্বি আংলং জিলা (West Karbi Anglong District):

পশ্চিম কাৰ্বি আংলং জিলা অসমৰ কাৰ্বি আংলং জিলাৰ পৰা গঠিত এখন জিলা। হামৰেণ (Hamren) জিলাখনৰ মুখ্য কাৰ্যালয়। জিলাখনৰ আয়তন 3,035 বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা 2,95,358 জন (2011)৷

সামৰণি (Conclusion):

সামৰণিত ক’বলৈ গ’লে অসমৰ জিলাসমূহে (Districts of Assam) সংস্কৃতি আৰু ভূ-প্ৰকৃতিৰ বৈচিত্ৰ্যপূৰ্ণ মিশ্ৰণ প্ৰদৰ্শন কৰে, প্ৰত্যেকেই ৰাজ্যখনৰ স্বকীয় পৰিচয়ত অৰিহণা যোগায়। ডিব্ৰুগড়ৰ চাহ বাগিচাৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰ উপত্যকালৈকে এই জিলাসমূহে অসমৰ ভৱিষ্যত গঢ় দিয়া, সৰ্বাংগীনতা, বহনক্ষম বৃদ্ধি আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Indian States and Union Territories || ভাৰতীয় ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ
ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ: এক চমু আভাস।
Districts of Arunachal Pradesh
অৰুণাচল প্ৰদেশৰ জিলাসমূহ : এক চমু আভাস।
Top 10 Largest Countries in the World || বিশ্বৰ শীৰ্ষ ১০ খন বৃহৎ দেশ
অসমৰ জিলাসমূহ : এক চমু আভাস।

FAQ

2023 চনৰ মতে অসমত 31 খন জিলা আছে।

মাটিকালি হিচাপে অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হৈছে কাৰ্বি আংলং, ইয়াৰ মুঠ মাটিকালি 7,366 বৰ্গ কিলোমিটাৰ।

ক্ষেত্ৰফলৰ হিচাপত অসমৰ আটাইতকৈ সৰু জিলাখন হৈছে দক্ষিণ ছালমাৰা-মানকাচৰ, মুঠ মাটিকালি 568 বৰ্গ কিলোমিটাৰ।

এখন জিলাৰ মুৰব্বী হ’ল উপ-আয়ুক্ত (DC), যিয়ে আইন-শৃংখলা বজাই ৰখা আৰু ৰাজহ সংগ্ৰহৰ দায়িত্ব লয়।

অসমৰ আটাইতকৈ সৰু জিলাখন হৈছে দক্ষিণ ছালমাৰা-মানকাচৰ, ইয়াৰ মুঠ মাটিকালি 568 বৰ্গ কিলোমিটাৰ।

2023 চনৰ মতে অসমৰ জিলাৰ সংখ্যা হ’ল 31 খন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top