ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহ।
ভাৰতে সৰ্বমুঠ এঘাৰখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় স্থল সীমা আৰু জল সীমা ভাগ কৰে। ভাৰতবৰ্ষৰ মুঠ স্থল সীমা হৈছে 15,106.7 কিলোমিটাৰ আৰু সামুদ্ৰিক সীমা 7,516.6 কিলোমিটাৰ দীঘল। ভাৰতৰ আটাইতকৈ দীঘল সীমা আছে বাংলাদেশৰ সৈতে, যাৰ দৈৰ্ঘ্য হৈছে 4,096.7 কিলোমিটাৰ আৰু আটাইতকৈ চুটি সীমা আছে আফগানিস্তানৰ সৈতে, যাৰ দৈৰ্ঘ্য় 106 কিলোমিটাৰ। এই সীমান্তসমূহে উত্তৰ দিশৰ উচ্চ হিমালয়ৰ পৰা আৰম্ভ কৰি দক্ষিণৰ উপকূলীয় অঞ্চললৈকে বিভিন্ন ধৰণৰ ভূখণ্ড সামৰি লৈছে।
ভাৰতৰ স্থল সীমাসমূহ (Land Borders of India) -
ভাৰত - বাংলাদেশ সীমান্ত (India-Bangladesh Border):
ভাৰত-বাংলাদেশ সীমান্তক ৰেডক্লিফ লাইন (Radcliffe Line) বুলিও কোৱা হয়। ই বিশ্বৰ অন্যতম দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু ইয়াৰ দৈৰ্ঘ্য় হৈছে 4,096.7 কিলোমিটাৰ। 1947 চনত ব্ৰিটিছ ভাৰত বিভাজনৰ সময়ত ইয়াৰ সৃষ্টি কৰা হৈছিল। সীমান্তখন স্তম্ভৰে চিহ্নিত কৰা হৈছে আৰু বহু অঞ্চলত বেৰ দিয়া হৈছে যাতে অবৈধ অনুপ্ৰৱেশ আৰু চোৰাং ব্যৱসায় ৰোধ কৰিব পৰা যায়। এই ব্যৱস্থাসমূহৰ মাজতো সীমান্তত ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী (Border Security Force) আৰু বাংলাদেশ সীমান্তৰক্ষীৰ মাজত সংঘাত আৰু সমস্যাই দেখা দিছে।
ভাৰত - চীন সীমান্ত (India-China Border):
ভাৰত-চীন সীমান্তক প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (Line of Actual Control) বুলি জনা যায়। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 3,488 কিলোমিটাৰ আৰু ই বিশ্বৰ অন্যতম বিতৰ্কিত সীমান্ত। এই সীমান্ত তিনিটা খণ্ডত ভাগ কৰা হৈছে – পশ্চিম খণ্ড, মধ্য খণ্ড আৰু পূব খণ্ড। LAC ৰ সীমা স্পষ্টভাৱে নিৰ্ধাৰণ কৰা হোৱা নাই, যাৰ ফলত দুয়োখন দেশৰ মাজত সঘনাই বিবাদ আৰু সংঘৰ্ষৰ সৃষ্টি হয়। একাধিক সামৰিক আৰু কূটনৈতিক আলোচনাৰ সত্ত্বেও উত্তেজনা অধিক হৈয়ে আছে আৰু দুয়োখন ৰাষ্ট্ৰই সীমান্তত আন্তঃগাঁথনি নিৰ্মাণ অব্যাহত ৰাখিছে।
ভাৰত - পাকিস্তান সীমান্ত (India-Pakistan Border):
ভাৰত-পাকিস্তান সীমান্ত, যাক ৰেডক্লিফ লাইন (Radcliffe Line) বুলিও কোৱা হয়, 1947 চনত ব্ৰিটিছ ভাৰত বিভাজনৰ সময়ত স্থাপন কৰা হৈছিল। এই সীমান্ত দক্ষিণে আৰব সাগৰৰ পৰা উত্তৰত হিমালয়লৈকে প্ৰায় 3,323 কিলোমিটাৰ বিস্তৃত। এই সীমান্তত যথেষ্ট পহৰা দিয়া হৈছে আৰু ফ্লাডলাইট লগোৱাৰ হৈছে, যিটো ৰাতি মহাকাশৰ পৰা দেখা যায়। উত্তেজনাৰ মাজতো ৱাগাহ-আটাৰী সীমান্ত (Wagah-Attari Border) ক্ৰছিঙত দৈনিক জনপ্ৰিয় পতাকা নমাই অনা অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ উপৰিও ইয়াক বিশ্বৰ অন্যতম বিপদজনক আন্তঃৰাষ্ট্ৰীয় সীমা হিচাপেও স্থান দিয়া হৈছে।
ভাৰত - নেপাল সীমান্ত (India-Nepal Border):
ভাৰত-নেপাল সীমান্ত প্ৰায় 1,751 কিলোমিটাৰ দৈৰ্ঘ্যৰ এক মুকলি আন্তৰ্জাতিক সীমা। এই সীমান্ত হিমালয়ৰ ভূখণ্ড আৰু ভাৰত-গংগা সমভূমিৰ মাজেৰে পাৰ হৈ গৈছে। 1815 চনত নেপাল আৰু ব্ৰিটিছ ৰাজৰ মাজত চুগাউলী সন্ধি (Treaty of Sugauli)ৰ দ্বাৰা এই সীমান্ত স্থাপন কৰা হৈছিল। এই সীমান্ত বেছিভাগেই মুকলি, যাৰ ফলত মানুহ আৰু সামগ্ৰীৰ মুক্তভাৱে চলাচল কৰিব পৰা যায়। ইয়াৰ ফলত সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে শক্তিশালী সম্পৰ্ক গঢ়ি উঠিছে।
ভাৰত - ম্যানমাৰ সীমান্ত (India-Myanmar Border):
ভাৰত-ম্যানমাৰ সীমান্ত দৈৰ্ঘ্য হৈছে 1,643 কিলোমিটাৰ আৰু ই উত্তৰত চীনৰ সৈতে থকা ত্ৰিবিন্দুৰ পৰা দক্ষিণে বাংলাদেশৰ সৈতে থকা ত্ৰিবিন্দুলৈকে বিস্তৃত। 1826 চনত ইয়াণ্ডাবো সন্ধি (Treaty of Yandabo) আৰু পিছলৈ হোৱা চুক্তিসমূহৰ সহায়ত ইয়াৰ সীমা গঠন কৰা হৈছে। ভাৰত-ম্যানমাৰ সীমান্তৰ এটা অনন্য দিশ হ’ল মুক্ত চলাচলৰ ব্যৱস্থা (Free Movement Regime), যিয়ে সীমান্তৰ কাষত বাস কৰা জনজাতীয় সম্প্ৰদায়সমূহক ভিছা অবিহনে ইজনে সিজনৰ ভূখণ্ডত 16 কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰিবলৈ অনুমতি দিয়ে।
ভাৰত - ভূটান সীমান্ত (India-Bhutan Border):
ভাৰত-ভূটান সীমান্ত প্ৰায় 699 কিলোমিটাৰ দৈৰ্ঘ্যৰ এক মুকলি আন্তৰ্জাতিক সীমা। 1865 চনত চিনচুলাৰ সন্ধি (Treaty of Sinchula)ৰ দ্বাৰা ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল যদিও বছৰ বছৰ ধৰি ইয়াৰ বিভিন্ন পৰিৱৰ্তন ঘটিছে আহিছে। ভাৰতৰ জয়গাঁও আৰু ভূটানৰ ফুন্টছলিঙে প্ৰধান ক্ৰছিং পইণ্ট হিচাপে কাম কৰে, যাৰ ফলত বাণিজ্য আৰু ভ্ৰমণৰ সুবিধা হয়। আন বহু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বিপৰীতে ভাৰত-ভূটান সীমা তুলনামূলকভাৱে শান্তিপূৰ্ণ আৰু সহযোগিতামূলক, যিয়ে দুয়োখন ৰাষ্ট্ৰৰ ঘনিষ্ঠ সম্পৰ্কক প্ৰতিফলিত কৰে।
ভাৰত - আফগানিস্তান সীমান্ত (India-Afghanistan Border):
ডুৰাণ্ড লাইন (Durand Line) নামেৰে জনাজাত ভাৰত-আফগানিস্তান সীমান্তটো এটা চুটি কিন্তু উল্লেখযোগ্য সীমা আৰু ই প্ৰায় 106 কিলোমিটাৰ বিস্তৃত। এই সীমান্ত জম্মু-কাশ্মীৰ অঞ্চলত অৱস্থিত, যিটো বৰ্তমান পাকিস্তানে গিলগিট-বাল্টিস্তানৰ অংশ হিচাপে পৰিচালিত কৰে। 1893 চনত ছাৰ মৰটিমাৰ ডুৰাণ্ডে এই লাইনৰ স্থাপন কৰিছিল। যদিও সীমান্তখন তুলনামূলকভাৱে চুটি, তথাপিও ইয়াৰ অৱস্থান আৰু অঞ্চলটোৰ ঐতিহাসিক প্ৰেক্ষাপটৰ বাবে ইয়াৰ ভূ-ৰাজনৈতিক গুৰুত্ব আছে।
ভাৰতৰ সামুদ্ৰিক সীমাসমূহ (Maritime Borders of India) -
ভাৰত ম্যানমাৰ সামুদ্ৰিক সীমা (India Myanmar Maritime Boundary):
ভাৰত আৰু ম্যানমাৰৰ মাজৰ সামুদ্ৰিক সীমা আন্দামান সাগৰ, কোকো চেনেল আৰু বংগোপসাগৰৰ মাজেৰে গৈছে। এই সীমা 1986 চনৰ 23 ডিচেম্বৰত দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে স্থাপন কৰা হৈছিল। এই সীমাৰ দৈৰ্ঘ্য প্ৰায় 1,100 কিলোমিটাৰ।
ভাৰত মালদ্বীপ সামুদ্ৰিক সীমা (India Maldives Maritime Boundary):
ভাৰত আৰু মালদ্বীপৰ মাজত সামুদ্ৰিক সীমা 1976 চনত স্বাক্ষৰিত দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে স্থাপন কৰা হৈছিল আৰু 1978 চনৰ পৰা বলবৎ হৈছিল। এই সীমা আৰব সাগৰত অৱস্থিত আৰু ই দুয়োখন দেশৰ একচেটিয়া অৰ্থনৈতিক মণ্ডলৰ সীমা নিৰ্ধাৰণ কৰে। এই সামুদ্ৰিক সীমা প্ৰায় 1,009 কিলোমিটাৰ বিস্তৃত হৈ আছে।
ভাৰত শ্ৰীলংকা সামুদ্ৰিক সীমা (India Sri Lanka Maritime Boundary):
ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সামুদ্ৰিক সীমা, দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে স্থাপন কৰা হৈছিল। পাল্ক ষ্ট্ৰেইট (Palk Strait)ৰ সীমা স্থাপন কৰা হৈছিল 1974 চনৰ চুক্তিত, আনহাতে মান্নাৰ উপসাগৰ (Gulf of Mannar) আৰু বংগ উপসাগৰ (Bay of Bengal)ৰ সীমা 1976 চনৰ চুক্তিত নিৰ্ধাৰণ কৰা হৈছিল। এই সামুদ্ৰিক সীমাৰ দৈৰ্ঘ্য প্ৰায় 972 কিলোমিটাৰ।
ভাৰত ইণ্ডোনেছিয়া সামুদ্ৰিক সীমা (India Indonesia Maritime Boundary):
ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত সামুদ্ৰিক সীমা প্ৰথমে 1974 চনৰ 17 ডিচেম্বৰত দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে স্থাপন কৰা হৈছিল। পৰৱৰ্তী সময়ত 1977 চনত এই সীমা সম্প্ৰসাৰণ কৰি ইয়াৰ মুঠ দৈৰ্ঘ্য প্ৰায় 556 কিলোমিটাৰ কৰা হয়। ইয়াৰ উপৰিও 1978 চনৰ 22 জুনত ভাৰত, ইণ্ডোনেছিয়া আৰু থাইলেণ্ডে আন্দামান সাগৰত নিজৰ ত্ৰিবিন্দুৰ স্থান নিৰ্ধাৰণৰ বাবে চুক্তি স্বাক্ষৰ কৰিছিল।
ভাৰত-বাংলাদেশ সামুদ্ৰিক সীমা (India-Bangladesh Maritime Boundary):
বংগ উপসাগৰত ভাৰত আৰু বাংলাদেশৰ মাজত থকা সামুদ্ৰিক সীমা দীৰ্ঘদিনীয়া বিবাদ আছিল, যাক 2014 চনত ৰাষ্ট্ৰসংঘৰ ন্যায়াধিকৰণে সমাধান কৰিছিল। এই সামুদ্ৰিক সীমাৰ দৈৰ্ঘ্য প্ৰায় 555 কিলোমিটাৰ।
ভাৰত থাইলেণ্ড সামুদ্ৰিক সীমা (India Thailand Maritime Boundary):
ভাৰত আৰু থাইলেণ্ডৰ মাজৰ সামুদ্ৰিক সীমা সমদূৰত্বৰ নীতিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। 1978 চনৰ 22 জুনত স্বাক্ষৰিত চুক্তিৰ জৰিয়তে এই সীমা স্থাপন কৰা হৈছিল। ই দক্ষিণে ইণ্ডোনেছিয়াৰ সৈতে থকা ত্ৰিবিন্দুৰ পৰা উত্তৰত ম্যানমাৰৰ সৈতে থকা ত্ৰিবিন্দুলৈকে দক্ষিণ আন্দামান সাগৰৰ মাজেৰে প্ৰায় 213 কিলোমিটাৰ বিস্তৃত হৈ আছে।
ভাৰত-পাকিস্তান সামুদ্ৰিক সীমা (India-Pakistan Maritime Boundary):
ভাৰত আৰু পাকিস্তানৰ মাজৰ সামুদ্ৰিক সীমা অনিৰ্দিষ্ট হৈ আছে, মূলতঃ ছাৰ ক্ৰিক অঞ্চলক লৈ চলি থকা বিবাদ, যি এতিয়াও অমীমাংসিত হৈ আছে।
- See Also -
FAQ
ভাৰতৰ মুঠ স্থল সীমা হৈছে 15,106.7 কিলোমিটাৰ।
ভাৰতৰ সামুদ্ৰিক সীমা হৈছে 7,516.6 কিলোমিটাৰ।
ভাৰতৰ আটাইতকৈ ডাঙৰ স্থল সীমা বাংলাদেশৰ সৈতে আছে আৰু ইয়াৰ দৈৰ্ঘ্য় 4,096.7 কিলোমিটাৰ।
ভাৰতৰ আটাইতকৈ চুটি স্থল সীমা আফগানিস্তানৰ সৈতে ভাগ কৰা হৈছে, যিটো 106 কিলোমিটাৰ দীঘল।
ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমান্তক ৰেডক্লিফ লাইন (Radcliffe Line) বুলি জনা যায়।
ভাৰত আৰু বাংলাদেশৰ মাজৰ সীমান্তক ৰেডক্লিফ লাইন (Radcliffe Line) বুলি জনা যায়।
- Source -
- Wikipedia