National Parks in India : A short Overview in Assamese

ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ : এক চমু আভাস।

ভাৰতবৰ্ষ বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীজগতৰ বাসস্থান আৰু ইয়াৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ (National Parks) দেশখনৰ চহকী জৈৱ বৈচিত্ৰ্যৰ প্ৰমাণ। ভাৰতত 40 হাজাৰ বৰ্গ কিলোমিটাৰতকৈও অধিক বিস্তৃত এলেকাত 100 ৰো অধিক ৰাষ্ট্ৰীয় উদ্যান আছে। সুপৰিচিত ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যান, জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান আদি অন্যতম। এই উদ্যানসমূহে বাঘ, হাতী, গঁড় আদি বিলুপ্তপ্ৰায় প্ৰজাতিৰ বাবে এক নিৰাপদ আশ্ৰয়স্থল প্ৰদান কৰে। ইয়াৰ উপৰিও দৰ্শনাৰ্থীসকলক বন্যপ্ৰাণী ছাফাৰী, চৰাই চোৱা আৰু ট্ৰেকিংৰ সুযোগৰ সৈতে ভাৰতৰ প্ৰাকৃতিক সৌন্দৰ্য্য অনুভৱ কৰাৰ সুযোগ প্ৰদান কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ দেশৰ প্ৰাকৃতিক ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অংগ আৰু যিকোনো প্ৰকৃতিপ্ৰেমীৰ বাবে অতি প্ৰয়োজনীয়।

national parks in india || ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যান
All National Parks of India

ক্ৰম অনুসৰি ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ (List of National Parks in India):

জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান (Jim Corbett National Park):

জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান উত্তৰাখণ্ডৰ নৈনিতাল জিলাত অৱস্থিত আৰু ই ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান (First National Park of India)।  1936 চনত ব্ৰিটিছ ৰাজৰ সময়ত ইয়াক হেইলী ৰাষ্ট্ৰীয় উদ্যান (Hailey National Park) নামেৰে প্ৰতিষ্ঠা কৰা হৈছিল। ভাৰতৰ স্বাধীনতাৰ পিছত ইয়াৰ নাম চিকাৰী আৰু প্ৰকৃতিবিদ জিম কৰবেট (Jim Corbett)ৰ নামেৰে কৰবেট ৰাষ্ট্ৰীয় উদ্যান ৰখা হয়। ইয়াৰ আয়তন 520.8 বৰ্গ কিলোমিটাৰ।

কানহা ৰাষ্ট্ৰীয় উদ্যান (Kanha National Park):

কানহা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ অন্যতম বাঘ সংৰক্ষিত বনাঞ্চল আৰু মধ্যপ্ৰদেশৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান (Largest national park of Madhya Pradesh)। কানহা ৰাষ্ট্ৰীয় উদ্যানক 1933 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে আৰু 1955 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ইয়াৰ আয়তন 940 বৰ্গ কিলোমিটাৰ।

তাডোবা ৰাষ্ট্ৰীয় উদ্যান (Tadoba National Park): 

1955 চনত স্থাপিত হোৱা তাডোবা ৰাষ্ট্ৰীয় উদ্যান মহাৰাষ্ট্ৰৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান। ইয়াক তাডোবা আন্ধেৰী বাঘ সংৰক্ষিত বনাঞ্চল (Tadoba Andhari Tiger Reserve) বুলিও জনা যায়। 625.4 বৰ্গ কিলোমিটাৰ আয়তনৰ উদ্যানখন মহাৰাষ্ট্ৰৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান (Largest National Park in Maharashtra)।

মাধৱ ৰাষ্ট্ৰীয় উদ্যান (Madhav National Park):

মাধৱ ৰাষ্ট্ৰীয় উদ্যান উত্তৰ-পশ্চিম মধ্যপ্ৰদেশৰ গ্ৱালিয়ৰ সংমণ্ডলৰ শিৱপুৰী জিলাত অৱস্থিত। 1956 চনত এই উদ্যানখনক প্ৰথমবাৰৰ বাবে শিৱপুৰী ৰাষ্ট্ৰীয় উদ্যান (Shivpuri National Park) হিচাপে নথিভুক্ত কৰা হৈছিল। 1958 চনত ইয়াৰ নাম সলনি কৰি মাধৱ ৰাষ্ট্ৰীয় উদ্যান ৰখা হয়। উদ্যানখনৰ আয়তন 354 বৰ্গ কিলোমিটাৰ।

বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যান (Bandhavgarh National Park):

বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যান মধ্য প্ৰদেশৰ উমৰিয়া জিলাত অৱস্থিত। উদ্য়ানখন বাঘৰ অধিক জনসংখ্যাৰ বাবে জনাজাত। 1968 চনত ৰাষ্ট্ৰীয় উদ্যান আৰু 1993 চনত বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয়। এই উদ্যানখনৰ আয়তন 716 বৰ্গ কিলোমিটাৰ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত। এই উদ্যানখনত বিশ্বৰ দুই তৃতীয়াংশ এটা শিং থকা গঁড় আছে আৰু ই ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ। উদ্যানখনক 1905 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে আৰু 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। 2006 চনত ইয়াক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয়। উদ্যানখনৰ আয়তন 1,090 বৰ্গ কিলোমিটাৰ।

বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান (Bandipur National Park): 

বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্ণাটকৰ চামৰাজনগৰ জিলাৰ এখন ৰাষ্ট্ৰীয় উদ্যান। 1973 চনত প্ৰজেক্ট টাইগাৰৰ অধীনত বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে স্থাপন কৰা হৈছিল। বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ বাঘৰ জনসংখ্যা ভাৰতৰ দ্বিতীয় সৰ্বাধিক (Second highest Tiger population in India)। উদ্যানখনৰ আয়তন 868.63 বৰ্গ কিলোমিটাৰ।

বেনাৰঘাট্টা ৰাষ্ট্ৰীয় উদ্যান (Bannerghatta National Park):

এই উদ্যানখন কৰ্ণাটকৰ বাংগালুৰুৰ ওচৰত অৱস্থিত। 1970 চনত প্ৰতিষ্ঠা হোৱা এই উদ্যানখন 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। উদ্যানখনৰ আয়তন 260.51 বৰ্গ কিলোমিটাৰ।

গিৰ ৰাষ্ট্ৰীয় উদ্যান (Gir National Park):

গিৰ ৰাষ্ট্ৰীয় উদ্যান গুজৰাটৰ জুনাগড়, গীৰ সোমনাথ আৰু আমৰেলী জিলাত অৱস্থিত। প্ৰতিষ্ঠা হৈছিল 1965 চনত আৰু ইয়াৰ আয়তন 1,410.30 বৰ্গ কিলোমিটাৰ। উদ্যানখন এছিয়াৰ একমাত্ৰ অঞ্চল য’ত এছিয়াটিক সিংহ (Asiatic Lions) দেখা যায়।

গুগামল ৰাষ্ট্ৰীয় উদ্যান (Gugamal National Park): 

গুগামল ৰাষ্ট্ৰীয় উদ্যান মহাৰাষ্ট্ৰৰ আমৰাৱতী জিলাত অৱস্থিত। 1974 চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ মুঠ আয়তন 1,673.93 বৰ্গ কিলোমিটাৰ।

নভেগাওঁ ৰাষ্ট্ৰীয় উদ্যান (Navegaon National Park): 

নৱেগাঁও ৰাষ্ট্ৰীয় উদ্যান মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাত অৱস্থিত। 1975 চনত প্ৰতিষ্ঠা হোৱা এই ঠাইখনৰ আয়তন 133.78 বৰ্গ কিলোমিটাৰ।

পেঞ্চ ৰাষ্ট্ৰীয় উদ্যান (Pench National Park):

পেঞ্চ ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা 758 বৰ্গ কিলোমিটাৰ আৰু 1975 চনত স্থাপন কৰা হৈছিল। উদ্যানখন মহাৰাষ্ট্ৰৰ ছিওনী আৰু চিণ্ডৱাৰা জিলাত অৱস্থিত।

ব্লেকবাক ৰাষ্ট্ৰীয় উদ্যান (Blackbuck National Park): 

ব্লেকবাক ৰাষ্ট্ৰীয় উদ্যান গুজৰাটৰ ভাৱনগৰ জিলাত অৱস্থিত। উদ্যানখন 1976 চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ মুঠ আয়তন 34.08 বৰ্গ কিলোমিটাৰ।

গুইণ্ডি ৰাষ্ট্ৰীয় উদ্যান (Guindy National Park):

গুইণ্ডী ৰাষ্ট্ৰীয় উদ্যান তামিলনাডুৰ চেন্নাইত অৱস্থিত। স্থাপিত হৈছিল 1977 চনত আৰু 2.70 বৰ্গ কিলোমিটাৰ আয়তনেৰে ই ভাৰতৰ অষ্টম ক্ষুদ্ৰ ৰাষ্ট্ৰীয় উদ্যান (Eighth Smallest National Park of India)।

কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান (Keibul Lamjao National Park):

1977 চনত প্ৰতিষ্ঠা হোৱা কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ মণিপুৰত অৱস্থিত। ইয়াৰ আয়তন 40 বৰ্গ কিলোমিটাৰ। ই বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যান (Only Floating National Park in the World) আৰু লোকটক হ্ৰদৰ অবিচ্ছেদ্য অংগ।

খাংচেডজংগা ৰাষ্ট্ৰীয় উদ্যান (Khangchendzonga National Park): 

ভাৰতৰ ছিকিম ৰাজ্যত অৱস্থিত খাংচেডজংগা ৰাষ্ট্ৰীয় উদ্যান 1977 চনত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ আয়তন 849.50 বৰ্গ কিলোমিটাৰ।

দুধৱা ৰাষ্ট্ৰীয় উদ্যান (Dudhwa National Park):

দুধৱা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত। 1977 চনত স্থাপিত আৰু ইয়াৰ আয়তন 490.3 বৰ্গ কিলোমিটাৰ।

এৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যান (Eravikulam National Park):

কেৰালাৰ ইডুক্কি আৰু এৰ্নাকুলাম জিলাৰ পশ্চিম ঘাটৰ কাষত এৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। উদ্য়ানখন 1978 চনত স্থাপিত আৰু ইয়াৰ আয়তন 97 বৰ্গ কিলোমিটাৰ।

ভান্সডা ৰাষ্ট্ৰীয় উদ্যান (Vansda National Park):

গুজৰাটৰ নৱছাৰী জিলাৰ ভান্সদা তহচিলত অৱস্থিত ভান্সদা ৰাষ্ট্ৰীয় উদ্যান এখন সংৰক্ষিত অঞ্চল। উদ্যানখনৰ আয়তন প্ৰায় 24 বৰ্গ কিলোমিটাৰ আৰু 1979 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰা হয়।

ভান বিহাৰ ৰাষ্ট্ৰীয় উদ্যান (Van Vihar National Park):

মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ ব্যস্ত চহৰৰ ভিতৰত অৱস্থিত ভান বিহাৰ ৰাষ্ট্ৰীয় উদ্যান এক উল্লেখযোগ্য সংৰক্ষণ আশ্ৰয়স্থল। ইয়াক 1979 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় আৰু ইয়াৰ আয়তন প্ৰায় 4.45 বৰ্গ কিলোমিটাৰ।

ছিমলিপাল ৰাষ্ট্ৰীয় উদ্যান (Simlipal National Park):

ছিমলিপাল ৰাষ্ট্ৰীয় উদ্যান ওড়িশাৰ ময়ুৰভঞ্জ জিলাত অৱস্থিত ইউনেস্ক’ৰ এক নিৰ্দিষ্ট বিশ্ব ঐতিহ্য ক্ষেত্ৰ। 1980 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল আৰু ইয়াৰ আয়তন প্ৰায় 2,750 বৰ্গ কিলোমিটাৰ।

ৰন্থাম্বোৰ ৰাষ্ট্ৰীয় উদ্যান (Ranthambore National Park):

ৰণথাম্বোৰ ৰাষ্ট্ৰীয় উদ্যান ৰাজস্থানৰ এখন ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ আয়তন 1,334 বৰ্গ কিলোমিটাৰ। উদ্যানখন 1980 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষনা কৰা হৈছিল।

মান্নাৰ উপসাগৰ সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান (Gulf of Mannar Marine National Park):

মান্নাৰ উপসাগৰ সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান হৈছে মান্নাৰ উপসাগৰত থকা 21 টা সৰু দ্বীপ আৰু  প্ৰবাল প্ৰাচীৰৰে গঠিত এক সংৰক্ষিত অঞ্চল। ইয়াক 1986 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল আৰু ইয়াৰ আয়তন প্ৰায় 560 বৰ্গ কিলোমিটাৰ।

গুৰু ঘাচিদাস ৰাষ্ট্ৰীয় উদ্যান (Guru Ghasidas National Park):

সঞ্জয় ৰাষ্ট্ৰীয় উদ্যান নামেৰেও পৰিচিত গুৰু ঘাচিদাস ৰাষ্ট্ৰীয় উদ্যান ছত্তীশগড়ৰ কোৰিয়া জিলাত অৱস্থিত এক উল্লেখযোগ্য সংৰক্ষিত অঞ্চল। লগতে ই মধ্যপ্ৰদেশৰ সিধি আৰু চিঙৰাউলি জিলাৰ কিছু অংশ সামৰি লৈছে। ইয়াক 1981 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল আৰু ইয়াৰ আয়তন প্ৰায় 2,300 বৰ্গ কিলোমিটাৰ।

ডাচিগম ৰাষ্ট্ৰীয় উদ্যান (Dachigam National Park):

ডাচিগাম ৰাষ্ট্ৰীয় উদ্যান হৈছে শ্ৰীনগৰ চহৰৰ পৰা 22 কিলোমিটাৰ নিলগত দল হ্ৰদৰ পূব দিশত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ আয়তন প্ৰায় 141 বৰ্গ কিলোমিটাৰ আৰু 1981 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰা হয়।

হেমিচ ৰাষ্ট্ৰীয় উদ্যান (Hemis National Park):

হেমিছ ৰাষ্ট্ৰীয় উদ্যান হৈছে লাডাখৰ এখন উচ্চ উচ্চতাৰ ৰাষ্ট্ৰীয় উদ্যান। তুষাৰ নাহৰফুটুকীৰ বাবে উদ্যানখন বিশ্বজুৰি বিখ্যাত। ইয়াক 1981 চনত প্ৰতিষ্ঠা কৰা হৈছিল। 4,400 বৰ্গ কিলোমিটাৰ আয়তনৰে ই ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান (Largest National Park in India)।

কিষ্টৱাৰ ৰাষ্ট্ৰীয় উদ্যান (Kishtwar National Park):

কিস্তৱাৰ ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ জম্মু-কাশ্মীৰত অৱস্থিত। এই উদ্যানখন 1981 চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ এলেকা প্ৰায় 425 বৰ্গ কিলোমিটাৰ। বিৰল কাশ্মীৰৰ হৰিণ, নিয়ৰ নাহৰফুটুকী আৰু হিমালয়ৰ বাদামী ভালুককে ধৰি বিভিন্ন ধৰণৰ বন্যপ্ৰাণীৰ বাবে ই জনাজাত।

পান্না ৰাষ্ট্ৰীয় উদ্যান (Panna National Park):

পান্না ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশৰ পান্না আৰু ছাতাৰপুৰ জিলাত অৱস্থিত। 1981 চনত ইয়াৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ আয়তন 542.67 বৰ্গ কিলোমিটাৰ।

সঞ্জয় ৰাষ্ট্ৰীয় উদ্যান (Sanjay National Park):

সঞ্জয় ৰাষ্ট্ৰীয় উদ্যান ছত্তীশগড়ৰ মানেন্দ্ৰৰগড়-চিৰমিৰি-ভাৰতপুৰ জিলা আৰু মধ্যপ্ৰদেশৰ চিঙৰৌলি জিলাত অৱস্থিত। 1981 চনত প্ৰতিষ্ঠা হোৱা এই উদ্যানখনৰ আয়তন প্ৰায় 2,300 বৰ্গ কিলোমিটাৰ।

সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান (Satpura National Park):

সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান বনাঞ্চল মধ্যপ্ৰদেশৰ নৰ্মদাপুৰম জিলাত অৱস্থিত। ইয়াৰ নাম সাতপুৰা পৰ্বতমালাৰ পৰাই উদ্ভৱ হৈছে। ইয়াৰ আয়তন 524 বৰ্গ কিলোমিটাৰ আৰু ইয়াক 1981 চনত স্থাপন কৰা হৈছিল।

কেওলাডেও ঘানা ৰাষ্ট্ৰীয় উদ্যান (Keoladeo Ghana National Park):

কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান ৰাজস্থানৰ ভাৰতপুৰৰ এখন ৰাষ্ট্ৰীয় উদ্যান। 1982 চনৰ 10 মাৰ্চত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। 28.7 বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত এই উদ্যানখন চহকী পক্ষীৰ জৈৱ বৈচিত্ৰ্যৰ বাবে বিখ্যাত, ইয়াত 370 টাতকৈও অধিক প্ৰজাতিৰ চৰাই আছে।

ইন্দ্ৰাৱতী ৰাষ্ট্ৰীয় উদ্যান (Indravati National Park):

ইন্দ্ৰাৱতী ৰাষ্ট্ৰীয় উদ্যান হৈছে ছত্তীশগড় ৰাজ্যৰ বিজাপুৰ জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। 1981 চনত স্থাপিত হোৱা এই উদ্যানখনৰ আয়তন প্ৰায় 2,799 বৰ্গ কিলোমিটাৰ। ইয়াৰ ওচৰতে বৈ যোৱা ইন্দ্ৰাৱতী নদীৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। এই উদ্যানখনত বিৰল বনৰীয়া জলম’হৰ জনসংখ্যাৰ বাবে জনাজাত।

কাংগাৰ ভেলী ৰাষ্ট্ৰীয় উদ্যান (Kanger Valley National Park):

কংগেৰ ভেলী ৰাষ্ট্ৰীয় উদ্যান চত্তীশগড়ৰ বাষ্টাৰ অঞ্চলত অৱস্থিত। উদ্যানখন 1982 চনত স্থাপন কৰা হৈছিল আৰু ইয়াৰ আয়তন প্ৰায় 200 বৰ্গ কিলোমিটাৰ।

মেৰিন নেচনেল পাৰ্ক (Marine National Park):

গুজৰাটৰ কুচ উপসাগৰত অৱস্থিত মেৰিন ৰাষ্ট্ৰীয় উদ্যান 1982 চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ আয়তন প্ৰায় 162.89 বৰ্গ কিলোমিটাৰ আৰু ইয়াত 82 টা দ্বীপ অন্তৰ্ভুক্ত কৰা হৈছে, ইয়াৰে অধিকাংশই প্ৰবাল প্ৰাচীৰেৰে আগুৰি আছে।

পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান (Periyar National Park):

পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান কেৰালাৰ পাঠানমথিত্তা আৰু ইডুক্কি জিলাত অৱস্থিত। 1982 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল, আৰু ইয়াৰ আয়তন 925 বৰ্গ কিলোমিটাৰ। হাতী আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ বাবে ই বিখ্যাত।

নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান (Nanda Devi National Park):

নন্দ দেৱী ৰাষ্ট্ৰীয় উদ্যান উত্তৰাখণ্ডৰ চামোলী জিলাত অৱস্থিত আৰু 1982 চনত ইয়াক প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ আয়তন 630.33 বৰ্গ কিলোমিটাৰ আৰু ই বৃহত্তৰ নন্দ দেৱী বায়’স্ফিয়াৰ ৰিজাৰ্ভৰ অংশ।

ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যান (Valley of Flowers National Park):

ভেলী অৱ ফ্লাৱাৰছ ৰাষ্ট্ৰীয় উদ্যান উত্তৰাখণ্ডৰ চামোলী জিলাত অৱস্থিত। 1982 চনত স্থাপন কৰা এই উদ্যানখনৰ আয়তন 87.5 বৰ্গ কিলোমিটাৰ।

মহাত্মা গান্ধী মেৰিন নেচনেল পাৰ্ক (Mahatma Gandhi Marine National Park):

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৱাণ্ডুৰৰ ওচৰত অৱস্থিত মহাত্মা গান্ধী মেৰিন ৰাষ্ট্ৰীয় উদ্যান। 1983 চনৰ 24 মে’ত এই উদ্যানখন স্থাপন কৰা হৈছিল। ইয়াৰ আয়তন 281.5 বৰ্গ কিলোমিটাৰ আৰু ইয়াত 15 টা দ্বীপ আৰু অঞ্চলটোৰ মাজেৰে বৈ যোৱা মুকলি সাগৰৰ খালসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

নামডফা ৰাষ্ট্ৰীয় উদ্যান (Namdapha National Park):

নামদাফা ৰাষ্ট্ৰীয় উদ্যান, অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত অৱস্থিত। নামদাফাক 1972 চনত বন্যপ্ৰাণী অভয়াৰণ্য আৰু 1983 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। নামদাফা ভাৰতৰ চতুৰ্থ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান (Fourth Largest National Park in India)। ইয়াৰ আয়তন 1,985 বৰ্গ কিলোমিটাৰ।

জীৱাশ্ম ৰাষ্ট্ৰীয় উদ্যান (Fossil National Park):

জীৱাশ্ম ৰাষ্ট্ৰীয় উদ্যান যাক ঘুঘুৱা জীৱাশ্ম উদ্যান (Ghughua Fossil Park) বুলিও জনা যায় মধ্য প্ৰদেশৰ মণ্ডলা জিলাত অৱস্থিত। 1983 চনত স্থাপিত আৰু ইয়াৰ আয়তন প্ৰায় 2.74 বৰ্গ কিলোমিটাৰ। উদ্ভিদৰ জীৱাশ্মৰ বিশাল সংগ্ৰহৰ বাবে এই উদ্যানখন বিখ্যাত যাৰ কিছুমান 6.5 কোটি বছৰৰো অধিক পুৰণি।

সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যান (Sanjay Gandhi National Park):

মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যান 1969 চনত প্ৰতিষ্ঠা কৰা হয়। এই উদ্যানখনৰ আয়তন হৈছে 87 বৰ্গ কিলোমিটাৰ। উদ্যানখনত খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ প্ৰাচীন কানহেৰী গুহা আছে।

ৰাজাজী ৰাষ্ট্ৰীয় উদ্যান (Rajaji National Park):

ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত ৰাজাজী ৰাষ্ট্ৰীয় উদ্যান 1983 চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ বিস্তৃতি প্ৰায় 820 বৰ্গ কিলোমিটাৰ। বিশিষ্ট স্বাধীনতা সংগ্ৰামী চি. ৰাজগোপালাচাৰী (C. Rajagopalachari)ৰ নামেৰে এই উদ্যানখনৰ নামকৰণ কৰা হৈছে।

গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান (Great Himalayan National Park):

হিমাচল প্ৰদেশৰ কুল্লু জিলাত অৱস্থিত গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান 1984 চনত প্ৰতিষ্ঠা কৰা হৈছিল। 1,171 বৰ্গ কিলোমিটাৰ বিস্তৃত এই উদ্যানখন অৰণ্য, ঘাঁহনি, হিমবাহৰ বাবে পৰিচিত। 2014 চনত ইয়াৰ অসাধাৰণ জৈৱ বৈচিত্ৰ্যৰ বাবে ইয়াক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়।

চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান (Silent Valley National Park):

কেৰালাৰ পালাক্কাড জিলাত অৱস্থিত চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান 1984 চনত প্ৰতিষ্ঠা কৰা হৈছিল। 89.52 বৰ্গ কিলোমিটাৰ এলেকা বিস্তৃত এইখন নীলগিৰি বায়’স্ফিয়াৰ ৰিজাৰ্ভ (Nilgiri Biosphere Reserve)ৰ অংশ।

সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান (Sundarban National Park):

সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান পশ্চিম বংগৰ দক্ষিণ 24 পাৰগনা জিলাত অৱস্থিত। সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানক 1973 চনত টাইগাৰ ৰিজাৰ্ভ, 1977 চনত বন্যপ্ৰাণী অভয়াৰণ্য আৰু 1984 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু লগতে ৰামছাৰ ক্ষেত্ৰ (Ramsar Site)। ইয়াৰ আয়তন 1,330 বৰ্গ কিলোমিটাৰ।

বালপাক্ৰাম ৰাষ্ট্ৰীয় উদ্যান (Balpakram National Park):

মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰত অৱস্থিত বালপাক্ৰাম ৰাষ্ট্ৰীয় উদ্যান 1987 চনত প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰায় 220 বৰ্গ কিলোমিটাৰ অঞ্চল সামৰি লোৱা এই উদ্যানখনৰ অনন্য খাদ সদৃশ পৰিৱেশ আৰু চহকী জৈৱ বৈচিত্ৰ্যৰ বাবে জনাজাত। উদ্যানখনত ৰঙা পাণ্ডা (Red Panda), বনৰীয়া পানীৰ ম’হ (Water Buffalo), মাৰ্বল মেকুৰী (Marbled Cat) আদি বিৰল প্ৰজাতিৰ প্ৰাণী পোৱা যায়।

মৌলিং ৰাষ্ট্ৰীয় উদ্যান (Mouling National Park):

মৌলিং ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশৰ আপাৰ ছিয়াং, পশ্চিম ছিয়াং আৰু পূব ছিয়াং জিলাত অৱস্থিত। অৰুণাচল প্ৰদেশৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান, প্ৰতিষ্ঠা কৰা হৈছিল 1977 চনত। ৰাষ্ট্ৰীয় উদ্যানখনৰ আয়তন 483 বৰ্গ কিলোমিটাৰ।

বেতলা ৰাষ্ট্ৰীয় উদ্যান (Betla National Park):

বেতলা ৰাষ্ট্ৰীয় উদ্যান ঝাৰখণ্ডৰ লাতেহাৰ আৰু পালামু জিলাত অৱস্থিত। ইয়াক 1989 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। উদ্যানখনৰ আয়তন 1,315 বৰ্গ কিলোমিটাৰ।

নক্ৰেক ৰিজ ৰাষ্ট্ৰীয় উদ্যান (Nokrek Ridge National Park):

নোক্ৰেক ৰাষ্ট্ৰীয় উদ্যান মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত অৱস্থিত। এই উদ্যানখন 1986 চনত স্থাপন কৰা হৈছিল আৰু ইয়াৰ আয়তন হৈছে 47.48 বৰ্গ কিলোমিটাৰ।

নেওৰা ভেলী ৰাষ্ট্ৰীয় উদ্যান (Neora Valley National Park):

নেওৰা ভেলী ৰাষ্ট্ৰীয় উদ্যান পশ্চিম বংগৰ কালিম্পং জিলাত অৱস্থিত। 1986 চনত প্ৰতিষ্ঠা হোৱা এই উদ্যানখনৰ আয়তন 88 বৰ্গ কিলোমিটাৰ।

চিংগালিলা ৰাষ্ট্ৰীয় উদ্যান (Singalila National Park):

চিংগালিলা ৰাষ্ট্ৰীয় উদ্যান পশ্চিমবংগৰ দাৰ্জিলিং জিলাত অৱস্থিত। 1986 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা এই উদ্যানখনক 1992 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলা হয়। ইয়াৰ আয়তন হৈছে 78.6 বৰ্গ কিলোমিটাৰ। এই উদ্যানখনৰ পৰা বিশ্বৰ পাঁচটা উচ্চতম শৃংগৰ ভিতৰত চাৰিটা শৃংগ ক্ৰমে মাউণ্ট এভাৰেষ্ট (Mount Everest), কাঞ্চনজংগা (Kanchenjunga), লোট্চে (Lhotse) আৰু মাকালু (Makalu)ৰ দৃশ্য দেখা পোৱা যায়।

মিডল বাটন দ্বীপ ৰাষ্ট্ৰীয় উদ্যান (Middle Button Island National Park):

মিডল বাটন দ্বীপ ৰাষ্ট্ৰীয় উদ্যান আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অৱস্থিত। 1979 চনত প্ৰতিষ্ঠা হোৱা এই উদ্যানখনৰ আয়তন 64 বৰ্গ কিলোমিটাৰ।

মাউণ্ট হেৰিট ৰাষ্ট্ৰীয় উদ্যান (Mount Harriet National Park):

মাউণ্ট হেৰিয়েট ৰাষ্ট্ৰীয় উদ্যান, যাক মাউণ্ট মণিপুৰ ৰাষ্ট্ৰীয় উদ্যান (Mount Manipur National Park) বুলিও জনা যায়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অৱস্থিত। এই উদ্যানখন 1979 চনত স্থাপন কৰা হয় আৰু ইয়াৰ আয়তন 46.62 বৰ্গ কিলোমিটাৰ।

নৰ্থ বুটাম দ্বীপ ৰাষ্ট্ৰীয় উদ্যান (North Button Island National Park):

নৰ্থ বাটন দ্বীপ ৰাষ্ট্ৰীয় উদ্যান আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অৱস্থিত। ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল 1979 চনত। 114 বৰ্গ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উদ্যানখনত ডুগং (Dugong) আৰু ডলফিন (Dolphin)ৰ দৰে বহু জীৱৰ বাসস্থান।

চেডেল পিক ৰাষ্ট্ৰীয় উদ্যান (Saddle Peak National Park):

চেডেল পিক ৰাষ্ট্ৰীয় উদ্যান আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জত অৱস্থিত। উদ্যানখনৰ 1979 চনত স্থাপন কৰা হৈছিল আৰু ইয়াৰ আয়তন 32.54 বৰ্গ কিলোমিটাৰ।

চাউথ বুটাম দ্বীপ ৰাষ্ট্ৰীয় উদ্যান (South Button Island National Park):

দক্ষিণ বাটন দ্বীপ ৰাষ্ট্ৰীয় উদ্যান আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ দক্ষিণ-পশ্চিমে অৱস্থিত। ইয়াৰ আয়তন প্ৰায় 5 বৰ্গ কিলোমিটাৰ আৰু ই ভাৰতৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান (Smallest National Park in India)। এই উদ্যানখন স্থাপন কৰা হৈছিল 1979 চনত।

পিন ভেলী ৰাষ্ট্ৰীয় উদ্যান (Pin Valley National Park):

পিন ভেলী ৰাষ্ট্ৰীয় উদ্যান হিমাচল প্ৰদেশৰ লাহৌল আৰু স্পিটি জিলাত অৱস্থিত। এই উদ্যানখন স্থাপন কৰা হৈছিল 1987 চনত। ইয়াৰ আয়তন হৈছে 675 বৰ্গ কিলোমিটাৰ।

অংশী ৰাষ্ট্ৰীয় উদ্যান (Anshi National Park):

অংশী ৰাষ্ট্ৰীয় উদ্যান কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাত অৱস্থিত। এই উদ্যানখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল 1987 চনত। ইয়াৰ আয়তন প্ৰায় 1,345 বৰ্গ কিলোমিটাৰ।

কুদ্ৰেমুখ ৰাষ্ট্ৰীয় উদ্যান (Kudremukh National Park):

কুদ্ৰেমুখ ৰাষ্ট্ৰীয় উদ্যান কৰ্ণাটকৰ চিক্কামাগালুৰু জিলাত অৱস্থিত। 1987 চনত এই উদ্যানখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ আয়তন প্ৰায় 600 বৰ্গ কিলোমিটাৰ।

নাগাৰাহোলে ৰাষ্ট্ৰীয় উদ্যান (Nagarahole National Park):

নাগাৰাহোলে ৰাষ্ট্ৰীয় উদ্যান কৰ্ণাটকৰ কোডাগু আৰু মহীশূৰ জিলাত অৱস্থিত। 1955 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্থাপন কৰা এই উদ্যানখন 1988 চনত ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হয়। ইয়াৰ আয়তন 643 বৰ্গ কিলোমিটাৰ।

ভিতৰকানিকা ৰাষ্ট্ৰীয় উদ্যান (Bhitarkanika National Park):

ভিতৰকানিকা ৰাষ্ট্ৰীয় উদ্যান ওড়িশাৰ কেন্দ্ৰপাৰা জিলাত অৱস্থিত।  এই উদ্যানখন 1998 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰা হয় আৰু 2002 চনত ৰামছাৰ স্থান (Ramsar Site)ৰ মৰ্যাদা লাভ কৰে। ইয়াৰ আয়তন প্ৰায় 145 বৰ্গ কিলোমিটাৰ। এই উদ্যানখন ইয়াৰ বৃহৎ মেংগ্ৰোভ অৰণ্য (Mangrove Forests) আৰু নিমখীয়া পানীৰ ঘৰিয়াল (Saltwater Crocodiles) ৰ বাবে জনাজাত।

শ্ৰী ভেংকটেশ্বৰ ৰাষ্ট্ৰীয় উদ্যান (Sri Venkateswara National Park):

শ্ৰী ভেংকটেশ্বৰ ৰাষ্ট্ৰীয় উদ্যান অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি আৰু অন্নমায়া জিলাত অৱস্থিত। এই উদ্যানখন 1989 চনত স্থাপন কৰা হৈছিল। ইয়াৰ আয়তন হৈছে 353 বৰ্গ কিলোমিটাৰ। তালাকোনা (Talakona), গুণ্ডালাকোনা (Gundalakona) আৰু গুঞ্জানা (Gunjana) কে ধৰি বহুতো জলপ্ৰপাতৰ বাবে উদ্যানখন পৰিচিত।

বাল্মিকী ৰাষ্ট্ৰীয় উদ্যান (Valmiki National Park):

বাল্মিকী ৰাষ্ট্ৰীয় উদ্যান বিহাৰৰ পশ্চিম চম্পাৰণ জিলাত অৱস্থিত। 1978 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে প্ৰতিষ্ঠা কৰা এই উদ্যানখন 1990 চনত ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হয়। ইয়াৰ মাটিকালি 898.45 বৰ্গ কিলোমিটাৰ। ই হৈছে বিহাৰৰ একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান।

চুলতানপুৰ ৰাষ্ট্ৰীয় উদ্যান (Sultanpur National Park):

চুলতানপুৰ ৰাষ্ট্ৰীয় উদ্যান হাৰিয়ানাৰ গুৰগাঁও জিলাত অৱস্থিত। 1971 চনত চৰাই অভয়াৰণ্য হিচাপে প্ৰতিষ্ঠা কৰা এই উদ্যানখন 1991 চনত ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হয়। ইয়াৰ আয়তন প্ৰায় 1.43 বৰ্গ কিলোমিটাৰ। এই উদ্যানখন বিশেষকৈ পৰিভ্ৰমী চৰাইৰ বাবে বিখ্যাত।

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় উদ্যান (Indira Gandhi National Park):

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় উদ্যানখন তামিলনাডুৰ কইম্বাটুৰ জিলাৰ পশ্চিম ঘাটৰ অনামলাই পাহাৰত অৱস্থিত। 1976 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে প্ৰতিষ্ঠা কৰা হয় আৰু 1989 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ইয়াৰ মুঠ আয়তন 1479.87 বৰ্গকিলোমিটাৰ।

গংগোত্ৰী ৰাষ্ট্ৰীয় উদ্যান (Gangotri National Park):

গংগোত্ৰী ৰাষ্ট্ৰীয় উদ্যান উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত অৱস্থিত। এই উদ্যানখন 1989 চনত স্থাপন কৰা হৈছিল। ইয়াৰ আয়তন 2,390 বৰ্গ কিলোমিটাৰ আৰু ই ভাৰতৰ তৃতীয় বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান (Third Largest National Park in India)।

মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ চিৰাং আৰু বাকছা জিলাত অৱস্থিত। 1928 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে প্ৰতিষ্ঠা কৰা এই উদ্যানখন 1990 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। উদ্যানখনৰ আয়তন 950 বৰ্গ কিলোমিটাৰ। ইয়াৰ উপৰিও ই হৈছে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ। উদ্যানখনত বিৰল আৰু বিলুপ্তপ্ৰায় প্ৰজাতি যেনে অসম চালিৰ কচ্ছপ, হিস্পিড হাৰে (Hispid Hare), সোণালী বান্দৰ (Golden Langur), পিগমি হাগ (Pygmy Hog) আদি জীৱ-জন্তু পোৱা যায়।

মুদুমলাই ৰাষ্ট্ৰীয় উদ্যান (Mudumalai National Park):

তামিলনাডুৰ নীলগিৰি জিলাত অৱস্থিত মুডুমলাই ৰাষ্ট্ৰীয় উদ্যান তামিলনাডু, কেৰালা আৰু কৰ্ণাটকৰ ত্ৰি সংযোগস্থলত অৱস্থিত। 1940 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্থাপন কৰা এই উদ্যানখন পিছলৈ 1990 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়।  ইয়াৰ আয়তন 321 বৰ্গ কিলোমিটাৰ।

মুকুৰ্থী ৰাষ্ট্ৰীয় উদ্যান (Mukurthi National Park):

মুকুৰ্থী ৰাষ্ট্ৰীয় উদ্যান তামিলনাডুৰ নীলগিৰি জিলাৰ পশ্চিম ঘাট পৰ্বতমালাৰ ভিতৰত অৱস্থিত। 2001 চনত এই উদ্যানখন স্থাপন কৰা হৈছিল আৰু ইয়াৰ আয়তন 78.46 বৰ্গ কিলোমিটাৰ। এই উদ্যানখনত বিলুপ্তপ্ৰায় নীলগিৰি তাহৰ নামৰ এটা প্ৰজাতি পাহাৰীয়া ছাগলী পোৱা যায়।

গোবিন্দ ৰাষ্ট্ৰীয় উদ্যান (Govind National Park):

গোবিন্দ ৰাষ্ট্ৰীয় উদ্যান উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত অৱস্থিত। ইয়াক গোবিন্দ পাশু বিহাৰ ৰাষ্ট্ৰীয় উদ্যান (Govind Pashu Vihar National Park) নামেৰেও জনা যায়। 1955 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে প্ৰতিষ্ঠা কৰা এই উদ্যানখন 1991 চনত ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হয়। ইয়াৰ আয়তন হৈছে 958 বৰ্গ কিলোমিটাৰ। এই উদ্যানখন বিলুপ্তপ্ৰায় নিয়ৰ নাহৰফুটুকী (Snow Leopard) ৰ সংৰক্ষণৰ এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ।

মুৰলেন ৰাষ্ট্ৰীয় উদ্যান (Murlen National Park):

মুৰলেন ৰাষ্ট্ৰীয় উদ্যান ম্যানমাৰ সীমান্তৰ সমীপত থকা মিজোৰামৰ চম্পাই জিলাত অৱস্থিত। এই উদ্যানখন 1991 চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ আয়তন 200 বৰ্গ কিলোমিটাৰ।

কেম্পবেল বে ৰাষ্ট্ৰীয় উদ্যান (Campbell Bay National Park):

কেম্পবেল বে ৰাষ্ট্ৰীয় উদ্যান গ্ৰেট নিকোবৰ (Great Nicobar) দ্বীপত অৱস্থিত। ইয়াক 1992 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। উদ্যানখনৰ আয়তন 426 বৰ্গ কিলোমিটাৰ।

গালাথিয়া বে ৰাষ্ট্ৰীয় উদ্যান (Galathea Bay National Park):

গলাথিয়া ৰাষ্ট্ৰীয় উদ্যান গ্ৰেট নিকোবাৰ দ্বীপত অৱস্থিত আৰু 1992 চনত এই উদ্যানখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্থাপন কৰা হৈছিল। ইয়াৰ আয়তন প্ৰায় 110 বৰ্গ কিলোমিটাৰ। এই উদ্যানখন হৈছে বিশ্বৰ সৰ্ববৃহৎ কচ্ছপ (World’s Largest Turtle) লেদাৰবেক কচ্ছপ (Leatherback Turtle)ৰ বাহ সজা স্থান।

মলেম ৰাষ্ট্ৰীয় উদ্যান (Mollem National Park):

মলেম ৰাষ্ট্ৰীয় উদ্যান যাক ভগৱান মহাবীৰ বন্যপ্ৰাণী অভয়াৰণ্য বুলিও জনা যায় গোৱাৰ সাংগেম তালুকত অৱস্থিত। 1969 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে প্ৰতিষ্ঠা কৰা এই উদ্যানখন পিছলৈ 1978 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ইয়াৰ আয়তন 240 বৰ্গ কিলোমিটাৰ।

চিটি ফৰেষ্ট ৰাষ্ট্ৰীয় উদ্যান (City Forest National Park):

চিটি ফৰেষ্ট ৰাষ্ট্ৰীয় উদ্যান যাক চেলিম আলী ৰাষ্ট্ৰীয় উদ্যান বুলিও জনা যায় জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত অৱস্থিত। 1986 চনত প্ৰতিষ্ঠা হোৱা উদ্যানখনৰ নাম ভাৰতৰ বিখ্যাত পক্ষীবিদ চেলিম আলীৰ নামেৰে নামাকৰণ কৰা হৈছে। ইয়াৰ আয়তন হৈছে 9.07 বৰ্গ কিলোমিটাৰ।

ফাংপুই ৰাষ্ট্ৰীয় উদ্যান (Phawngpui National Park):

ফাংপুই ৰাষ্ট্ৰীয় উদ্যান, যাক ব্লু মাউণ্টেন ৰাষ্ট্ৰীয় উদ্যান (Blue Mountain National Park) বুলিও কোৱা হয় মিজোৰামৰ দক্ষিণ-পূব অঞ্চলত অৱস্থিত। উদ্যানখন 1992 চনত এই অঞ্চলৰ অনন্য জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ আয়তন হৈছে 50 বৰ্গ কিলোমিটাৰ।

মৰুভূমি ৰাষ্ট্ৰীয় উদ্যান (Desert National Park):

মৰুভূমি ৰাষ্ট্ৰীয় উদ্যান ৰাজস্থানৰ জয়ছালমেৰ জিলাত অৱস্থিত। 1981 চনত এই উদ্যানখন স্থাপন কৰা হৈছিল। ইয়াৰ আয়তন 3,162 বৰ্গ কিলোমিটাৰ আৰু ই ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান (Second Largest National Park in India)। এই উদ্যানখন ইয়াৰ অনন্য থাৰ মৰুভূমি (Thar Desert) ৰ পৰিৱেশ তন্ত্ৰৰ বাবে জনাজাত।

সাৰিস্কা ৰাষ্ট্ৰীয় উদ্যান (Sariska National Park):

সাৰিস্কা ৰাষ্ট্ৰীয় উদ্যান ৰাজস্থানৰ আলৱাৰ জিলাত অৱস্থিত। 1958 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে প্ৰতিষ্ঠা কৰা এই উদ্যানখন 1978 চনত বাঘ সংৰক্ষিত বনাঞ্চল আৰু 1982 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ইয়াৰ আয়তন প্ৰায় 881 বৰ্গ কিলোমিটাৰ।

বুক্সা ৰাষ্ট্ৰীয় উদ্যান (Buxa National Park):

বুক্সা ৰাষ্ট্ৰীয় উদ্যান পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাত অৱস্থিত। 1983 চনত বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে প্ৰতিষ্ঠা কৰা এই উদ্যানখন 1992 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ইয়াৰ আয়তন 760 বৰ্গ কিলোমিটাৰ।

গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যান (Gorumara National Park):

গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যান পশ্চিম বংগৰ দুৱাৰছ অঞ্চলত অৱস্থিত। 1994 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্থাপন কৰা এই উদ্যানখন 2004 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ইয়াৰ আয়তন প্ৰায় 80 বৰ্গ কিলোমিটাৰ।

ইন্টাংকি ৰাষ্ট্ৰীয় উদ্যান (Intanki National Park):

ইন্টাংকি ৰাষ্ট্ৰীয় উদ্যান নাগালেণ্ডৰ পেৰেন জিলাত অৱস্থিত। ইয়াক ণ্টাংকি ৰাষ্ট্ৰীয় উদ্যান (Ntangki National Park) বুলিও কোৱা হয়। 1923 চনত এই উদ্যানখনক প্ৰথমে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে নিৰ্ধাৰণ কৰা হয় আৰু 1993 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ইয়াৰ আয়তন প্ৰায় 202 বৰ্গ কিলোমিটাৰ।

কাসু ব্ৰহ্মানন্দ ৰেড্ডী ৰাষ্ট্ৰীয় উদ্যান (Kasu Brahmananda Reddy National Park):

কাছু ব্ৰহ্মানন্দ ৰেড্ডী ৰাষ্ট্ৰীয় উদ্যান, তেলেংগানাৰ জুবিলী পাহাৰ আৰু বাঞ্জৰা পাহাৰত অৱস্থিত। 1998 চনত এই উদ্যানখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কাছু ব্ৰহ্মানন্দ ৰেড্ডী (Kasu Brahmananda Reddy)ৰ নামেৰে উদ্যানখনৰ নামকৰণ কৰা হৈছে। উদ্যানখনৰ আয়তন প্ৰায় 1.6 বৰ্গ কিলোমিটাৰ।

মহাবীৰ হৰিণা বানস্থলী ৰাষ্ট্ৰীয় উদ্যান (Mahavir Harina Vanasthali National Park):

মহাবীৰ হৰিনা বানস্থলী ৰাষ্ট্ৰীয় উদ্যান, তেলেংগানাৰ বানস্থলীপুৰমত অৱস্থিত। 1975 চনত জৈন ধৰ্মৰ ভগৱান মহাবীৰ (Lord Mahavir)ৰ 2500 সংখ্যক জন্ম জয়ন্তী উপলক্ষে এই উদ্যানখন স্থাপন কৰা হৈছিল। ইয়াৰ আয়তন 14.59 বৰ্গ কিলোমিটাৰ।

মৃগাৱনি ৰাষ্ট্ৰীয় উদ্যান (Mrugavani National Park):

মৃগাৱনী ৰাষ্ট্ৰীয় উদ্যান হায়দৰাবাদৰ চিলকুৰত অৱস্থিত। 1994 চনত এই উদ্যানখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ইয়াৰ আয়তন প্ৰায় 3.6 বৰ্গ কিলোমিটাৰ।

ৰাণী ঝাঁচী সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান (Rani Jhansi Marine National Park):

ৰাণী ঝাঁচী সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান, বংগ উপসাগৰৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অৱস্থিত। 1996 চনত এই উদ্যানখন স্থাপন কৰা হৈছিল। ইয়াৰ আয়তন 256 বৰ্গ কিলোমিটাৰ। এই উদ্যানখনৰ নামকৰণ কৰা হৈছে ঝান্সীৰ ৰাণী (Queen of Jhansi) ৰাণী লক্ষ্মীবাই (Rani Lakshmibai)ৰ নামেৰে।

নামেৰী ৰাষ্ট্ৰীয় উদ্যান (Nameri National Park):

নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ (Sonitpur) জিলাত অৱস্থিত। এই উদ্যানখনক 1978 চনত সংৰক্ষিত বনাঞ্চল আৰু 1998 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ইয়াৰ মুঠ আয়তন 212 বৰ্গ কিলোমিটাৰ।

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান (Dibru-Saikhowa National Park):

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ তিনিচুকীয়া (Tinsukia) আৰু ডিব্ৰুগড় (Dibrugarh) জিলাত অৱস্থিত। 1995 চনত ইয়াক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে আৰু 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। উদ্যানখনৰ আয়তন 350 বৰ্গ কিলোমিটাৰ।

ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান (Rajiv Gandhi Orang National Park):

ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ দৰং (Darrang) আৰু শোণিতপুৰ (Sonitpur) জিলাত অৱস্থিত। ইয়াৰ আয়তন 78.81 বৰ্গ কিলোমিটাৰ ৷ 1985 চনত অভয়াৰণ্য হিচাপে প্ৰতিষ্ঠা কৰা হয় আৰু 1999 চনত ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হয়।

কালেছাৰ ৰাষ্ট্ৰীয় উদ্যান (Kalesar National Park):

কালেছাৰ ৰাষ্ট্ৰীয় উদ্যান হাৰিয়ানাৰ যমুনানগৰ জিলাত অৱস্থিত। 2003 চনত এই উদ্যানখন স্থাপন কৰা হৈছিল। ইয়াৰ আয়তন 53.45 বৰ্গ কিলোমিটাৰ।

অনামুদি শ্বোলা ৰাষ্ট্ৰীয় উদ্যান (Anamudi Shola National Park):

অনামুদি শ্বোলা ৰাষ্ট্ৰীয় উদ্যান কেৰালাৰ ইডুক্কি জিলাত অৱস্থিত। এই উদ্যানখন 2003 চনত স্থাপিত হৈছিল আৰু উদ্যানখনৰ আয়তন হৈছে প্ৰায় 7.5 বৰ্গ কিলোমিটাৰ।

মথিকেত্তন শ্বোলা ৰাষ্ট্ৰীয় উদ্যান (Mathikettan Shola National Park):

মথিকেত্তন শ্বোলা ৰাষ্ট্ৰীয় উদ্যান কেৰালাৰ ইডুক্কি জিলাত অৱস্থিত। মথিকেত্তনৰ শ্বোলা বনাঞ্চলৰ অনন্য স্বৰূপ আৰু হাতী পট্টা হিচাপে ইয়াৰ গুৰুত্ব বিবেচনা কৰি ৰাজ্য চৰকাৰে 2008 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে। ইয়াৰ আয়তন হৈছে 12.82 বৰ্গ কিলোমিটাৰ।

পাম্পাডুম শ্বোলা ৰাষ্ট্ৰীয় উদ্যান (Pampadum Shola National Park):

পাম্পাডুম শ্বোলা ৰাষ্ট্ৰীয় উদ্যান কেৰালাৰ ইডুক্কি জিলাত অৱস্থিত। এই উদ্যানখন স্থাপন কৰা হৈছিল 2003 চনত আৰু ইয়াৰ আয়তন হৈছে 1.32 বৰ্গ কিলোমিটাৰ।

চান্দোলি ৰাষ্ট্ৰীয় উদ্যান (Chandoli National Park):

চান্দোলি ৰাষ্ট্ৰীয় উদ্যান মহাৰাষ্ট্ৰৰ সাংগলী জিলাত অৱস্থিতআৰু ই সহ্যাদ্ৰী বাঘ সংৰক্ষিত বনাঞ্চল (Sahyadri Tiger Reserve)ৰ এটা অংশ। 2004 চনত এই উদ্যানখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ আয়তন 317.67 বৰ্গ কিলোমিটাৰ।

ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান (Rajiv Gandhi National Park):

ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান অন্ধ্ৰপ্ৰদেশৰ কদাপা জিলাৰ ৰামেশ্বৰমত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ইয়াক 2005 চনত স্থাপন কৰা হৈছিল আৰু ইয়াৰ আয়তন 2.4 বৰ্গ কিলোমিটাৰ। এই অঞ্চলটো প্ৰথমে ৰামেশ্বৰম ৰাষ্ট্ৰীয় উদ্যান নামেৰে জনাজাত আছিল। 

মুকুন্দ্ৰ হিলছ ৰাষ্ট্ৰীয় উদ্যান (Mukundra Hills National Park):

মুকুন্দৰা পাহাৰ ৰাষ্ট্ৰীয় উদ্যান ৰাজস্থানত অৱস্থিত। ইয়াক দৰাহ ৰাষ্ট্ৰীয় উদ্যান (Darrah National Park) বুলিও জনা যায়। 1955 চনত এই উদ্যানখনক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে আৰু 2004 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ইয়াৰ আয়তন 759.99 বৰ্গ কিলোমিটাৰ।

ডাৱৰীয়া নাহৰফুটুকী ৰাষ্ট্ৰীয় উদ্যান (Clouded Leopard National Park):

ডাৱৰীয়া নাহৰফুটুকী ৰাষ্ট্ৰীয় উদ্যান ত্ৰিপুৰাৰ এখন ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানখন 2007 চনত স্থাপন কৰা হৈছিল আৰু ইয়াৰ আয়তন প্ৰায় 5.08 বৰ্গ কিলোমিটাৰ। এই উদ্যানখনত ফাইৰেৰ লেংগুৰকে ধৰি চাৰিটা প্ৰজাতিৰ প্ৰাইমেট বান্দৰে বাস কৰে।

ৰাজবাৰী বাইচন ৰাষ্ট্ৰীয় উদ্যান (Rajbari Bison National Park):

ৰাজবাৰী বাইচন ৰাষ্ট্ৰীয় উদ্যান ত্ৰিপুৰাৰ এখন ৰাষ্ট্ৰীয় উদ্যান। 1988 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে প্ৰতিষ্ঠা কৰা এই উদ্য়ানখন 2007 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ আয়তন হৈছে প্ৰায় 31.63 বৰ্গ কিলোমিটাৰ।

পাপিকোন্দা ৰাষ্ট্ৰীয় উদ্যান (Papikonda National Park):

পাপিকোণ্ডা ৰাষ্ট্ৰীয় উদ্যান অন্ধ্ৰপ্ৰদেশৰ পূব আৰু পশ্চিম গোদাবৰী জিলাত অৱস্থিত। 1978 চনত বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা কৰা এই উদ্যানখন 2008 চনত  ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ আয়তন হৈছে 1,012.86 বৰ্গ কিলোমিটাৰ।

ইন্দৰকিল্লা ৰাষ্ট্ৰীয় উদ্যান (Inderkilla National Park):

ইন্দৰকিল্লা ৰাষ্ট্ৰীয় উদ্যান হিমাচল প্ৰদেশৰ কুল্লু জিলাত অৱস্থিত। এই উদ্য়ানখন 2010 চনত স্থাপিত  কৰা হৈছিল আৰু ইয়াৰ আয়তন প্ৰায় 104 বৰ্গ কিলোমিটাৰ।

খিৰগংগা ৰাষ্ট্ৰীয় উদ্যান (Khirganga National Park):

খিৰগংগা ৰাষ্ট্ৰীয় উদ্যান হিমাচল প্ৰদেশৰ কুল্লু জিলাত অৱস্থিত। এই উদ্যানখন 2010 চনত স্থাপন কৰা হৈছিল আৰু ইয়াৰ আয়তন প্ৰায় 710 বৰ্গ কিলোমিটাৰ।

চিম্বালবাৰা ৰাষ্ট্ৰীয় উদ্যান (Simbalbara National Park):

চিম্বালবাৰা ৰাষ্ট্ৰীয় উদ্যান হিমাচল প্ৰদেশৰ ছিৰমৌৰ জিলাৰ পাওন্ত উপত্যকাত অৱস্থিত। ইয়াক কৰ্ণেল শ্বেৰ জং ৰাষ্ট্ৰীয় উদ্যান (Colonel Sher Jung National Park) নামেৰেও জনা যায়। এই উদ্য়ানখন 1958 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল আৰু 2010 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে নিৰ্ধাৰণ কৰা হৈছিল। ইয়াৰ আয়তন প্ৰায় 27.88 বৰ্গ কিলোমিটাৰ।

জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান (Jaldapara National Park):

জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান উত্তৰ পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাত অৱস্থিত। এই উদ্য়ানখন 1941 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল আৰু 2012 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদালৈ উন্নীত কৰা হয়। ইয়াৰ আয়তন হৈছে 216.51 বৰ্গ কিলোমিটাৰ।

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান (Dehing Patkai National Park):

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। ইয়াক পূবৰ আমাজন (Amazon of the East) বুলিও জনা যায়। 2004 চনত এই উদ্যানখন বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় আৰু পিছলৈ 2020 চনত ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হয়। ইয়াৰ আয়তন 231.65 বৰ্গ কিলোমিটাৰ।

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান (Raimona National Park):

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত। 2021 চনত উদ্যানখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল আৰু ইয়াৰ আয়তন 422 বৰ্গ কিলোমিটাৰ।

কুনো ৰাষ্ট্ৰীয় উদ্যান (Kuno National Park):

কুনো ৰাষ্ট্ৰীয় উদ্যান মধ্য প্ৰদেশৰ শ্বেওপুৰ জিলাত অৱস্থিত। 1981 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্থাপন কৰা হৈছিল আৰু উদ্যানখনক 2018 চনত ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হয়। ইয়াৰ আয়তন হৈছে 748.76 বৰ্গ কিলোমিটাৰ।

শ্বিৰুই ৰাষ্ট্ৰীয় উদ্যান (Shirui National Park):

শিৰুই ৰাষ্ট্ৰীয় উদ্যান মণিপুৰৰ উখৰুল জিলাত অৱস্থিত। ইয়াক ছিৰোহি ৰাষ্ট্ৰীয় উদ্যান (Sirohi National Park) বুলিও কোৱা হয়। এই উদ্যানখন 1982 চনত স্থাপন কৰা হৈছিল আৰু ইয়াৰ আয়তন প্ৰায় 100 বৰ্গ কিলোমিটাৰ। শিৰুই লিলি (Shirui Lily) নামৰ বিৰল আৰু বিলুপ্তপ্ৰায় ফুলৰ প্ৰজাতিৰ বাবে এই উদ্যান বিখ্যাত।

ৰন্থাম্বোৰ ৰাষ্ট্ৰীয় উদ্যান (Ranthambore National Park):

ৰন্থাম্বোৰ ৰাষ্ট্ৰীয় উদ্যান, ৰাজস্থানৰ ছাৱাই মাধোপুৰ জিলাত অৱস্থিত। 1955 চনত ছাৱাই মাধোপুৰ গেম অভয়াৰণ্য হিচাপে প্ৰতিষ্ঠা কৰা এই উদ্যানখন 1980 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। ইয়াৰ আয়তন হৈছে 1,334 বৰ্গ কিলোমিটাৰ আৰু ই ৰাজস্থানৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান (Largest National Park in Rajasthan)।

Rivers of India || ভাৰতৰ নদীসমূহ
ভাৰতৰ নদীসমূহ : ইয়াৰ গুৰুত্ব আৰু তাৎপৰ্য।
ports of india || ভাৰতৰ বন্দৰসমূহ
ভাৰতৰ বন্দৰসমূহ : ইয়াৰ গুৰুত্ব আৰু তাৎপৰ্য্য।
Indian States and Union Territories || ভাৰতীয় ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ
ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ: এক চমু আভাস।

FAQ

2023 চনৰ মতে ভাৰতত 106 খন ৰাষ্ট্ৰীয় উদ্যান আছে।

ৰাষ্ট্ৰীয় উদ্যান হৈছে এনে অঞ্চল যিবোৰৰ লক্ষ্য প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা।

হেমিছ ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান।

জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান আৰু 1936 চনত ইয়াৰ প্ৰতিষ্ঠা কৰা হৈছিল।

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ দক্ষিণ বাটন দ্বীপ ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান, ইয়াৰ আয়তন প্ৰায় 5 বৰ্গ কিলোমিটাৰ।

ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হৈছে জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াক 1936 চনত প্ৰতিষ্ঠা কৰা হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top