Paris Olympic 2024 : A Short Overview in Assamese

গ্ৰীষ্মকালীন অলিম্পিক পেৰিছ ২০২৪ : এক চমু আভাস।

গ্ৰীষ্মকালীন অলিম্পিক 2024, ইউৰোপ মহাদেশৰ ফ্ৰান্সত অনুষ্ঠিত হৈছিল। পেৰিছ আছিল আয়োজক চহৰ আৰু ইয়াৰ ওপৰিও ফ্ৰান্সৰ আন 16 খন চহৰতো অলিম্পিকৰ খোলসমূহ আয়োজন কৰা হৈছিল। ইয়াৰ পূৰ্বেও ফ্ৰান্সত 1900 আৰু 1924 চনৰ অলিম্পিকৰ আয়োজন কৰা হৈছিল। পেৰিছ অলিম্পিকত প্ৰায় 10 বিলিয়ন ইউৰো খৰচ হৈছে যিটো ভাৰতীয় হিচাপত প্ৰায় 92,000 কোটি টকা।

Summer Olympic Paris - 2024
Summer Olympic Paris - 2024

পেৰিছ অলিম্পিকৰ অংশগ্ৰহণকাৰী দেশসমূহ (Participant Countries of Paris Olympic)

2024 চনৰ গ্ৰীষ্মকালীন পেৰিছ অলিম্পিকত  206 খন ৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ ভিতৰত 204 খনে প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ ভিতৰত আছিল আফ্ৰিকাৰ 54 খন, ইউৰোপৰ 48 খন, এছিয়াৰ 44 খন, আমেৰিকাৰ 41 খন আৰু ওচেনিয়াৰ 17 খন। আংশ নোলোৱা সমিতিৰ ভিতৰত আছিল ৰাছিয়া আৰু বেলাৰুছ।

পেৰিছৰ অলিম্পিকৰ স্থানসমূহ (Venues of Paris Olympic):

অলিম্পিকৰ অধিকাংশ ইভেণ্ট পেৰিছ চহৰ আৰু ইয়াৰ মহানগৰ অঞ্চলত অনুষ্ঠিত হৈছিল, য’ত চুবুৰীয়া চহৰ চেণ্ট-ডেনিছ (Saint-Denis), লে ব’ৰ্গেট (Le Bourget), নান্টেৰে (Nanterre), ভাৰ্চেইলছ (Versailles) আৰু ভাইৰেছ-ছুৰ-মাৰ্নে (Vaires-sur-Marne) অন্তৰ্ভুক্ত আছিল।

ইয়াৰ ওপৰিও 225 কিলোমিটাৰ দূৰত্বত অৱস্থিত লিলেত (Lille) অনুষ্ঠিত হৈছিল বাস্কেটবল আৰু হেণ্ডবল। পেৰিছৰ পৰা 777 কিলোমিটাৰ দূৰত্বত থকা ভূমধ্যসাগৰীয় চহৰ মাৰ্চেইল (Marseille)ত পালতোলা আৰু ফুটবল খেল অনুষ্ঠিত হৈছিল। চাৰ্ফিং ইভেণ্ট অনুষ্ঠিত হৈছিল ফ্ৰেন্স পলিনেছিয়াৰ টাহিটি (Tahiti)ত, যি পেৰিছৰ পৰা 15,716 কিলোমিটাৰ দূৰত আছিল।

পেৰিছ অলিম্পিকৰ পদক (Medals of Paris Olympic)

পেৰিছ অলিম্পিকৰ পদকসমূহৰ ডিজাইন কৰিছিল চাউমেট (Chaumet) নামৰ এটা বিলাসী গহনা ব্ৰেণ্ডে আৰু ফ্ৰান্সৰ মিন্ট মনাই ডি পেৰিছে (Monnaie de Paris) প্ৰস্তুত কৰিছিল। পদকসমূহৰ ব্যাস আছিল 85 মিলিমিটাৰ আৰু ডাঠ আছিল 9.2 মিলিমিটাৰ। এই পদকবোৰৰ ভিতৰত সোণৰ পদকৰ ওজন আছিল 529 গ্ৰাম, ৰূপৰ 525 আৰু ব্ৰঞ্জৰ 455 গ্ৰাম।

পেৰিছ অলিম্পিকৰ পদক তালিকা (Paris Olympic 2024 Medal List) -

Sl. No.

অংশগ্ৰহণকাৰী (Participants)

সোণ

(Gold)

ৰূপ

(Silver)

ব্ৰঞ্জ

(Bronze)

মুঠ

(Total)

1.

আমেৰিকা যুক্তৰাষ্ট্ৰ

(United States of America)

40

44

42

126

2.

চীন (China)

40

27

24

91

3.

জাপান (Japan)

20

12

13

45

4.

অষ্ট্ৰেলিয়া (Australia)

18

19

16

53

5.

ফ্ৰান্স (France)

16

26

22

64

6.

নেদাৰলেণ্ড (Netherlands)

15

7

12

34

7.

গ্ৰেট ব্ৰিটেইন (Great Britain)

14

22

29

65

8.

দক্ষিণ কোৰিয়া (South Korea)

13

9

10

32

9.

ইটালী (Italy)

12

13

15

40

10.

জাৰ্মানী (Germany)

12

13

8

33

Most Popular Sports in The World 2024 || বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ক্ৰীড়া
বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ক্ৰীড়াসমূহ - ২০২৪।

FAQ

2024 চনৰ পেৰিছ অলিম্পিকত 32 বিধ খেল আছিল।

2024 চনৰ পেৰিছ অলিম্পিকৰ মূলমন্ত্ৰ আছিল গেমছ ৱাইড অ’পেন (Games Wide Open)।

2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতে ছটা পদক লাভ কৰিছে, ৰূপৰ এটা আৰু ব্ৰঞ্জৰ 5 টা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top