Ports of India: Its Importance and Significance in Assamese

ভাৰতৰ বন্দৰসমূহ : ইয়াৰ গুৰুত্ব আৰু তাৎপৰ্য্য

কোনো এখন দেশৰ সফলতাৰ বাবে বন্দৰৰ আন্তঃগাঁথনি অতি গুৰুত্বপূৰ্ণ। ভাৰতৰ উপকূল ৰেখা 7,516.6 কিলোমিটাৰ বিস্তৃত আৰু ইয়াৰ বন্দৰসমূহে (Ports of India) দেশখনক বিশ্ব বাণিজ্যৰ মূল খেলুৱৈ হিচাপে গঢ়ি তুলিছে। ভাৰতবৰ্ষৰ প্ৰায় 95 শতাংশ ব্যৱসায় সামুদ্ৰিক পৰিবহণৰ জৰিয়তে কৰা হয়। দেশখনত 13 টা ডাঙৰ বন্দৰ আৰু 187 টা সৰু আৰু মধ্যমীয়া বন্দৰ আছে। ভাৰত চৰকাৰে 2015 চনত প্ৰতিষ্ঠিত সাগৰমালা প্ৰকল্প (Sagarmala Project) আৰু ৰাষ্ট্ৰীয় সামুদ্ৰিক উন্নয়ন কাৰ্যসূচী (National Maritime Development Programme)ৰ জৰিয়তে নতুন সেউজ ক্ষেত্ৰ বন্দৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে।

ports of india || ভাৰতৰ বন্দৰসমূহ
Ports of India

ভাৰতৰ প্ৰধান বন্দৰসমূহ (Major Ports of India):

কলকাতা বন্দৰ (Port of Kolkata):

কলকাতা বন্দৰ আনুষ্ঠানিকভাৱে স্যামা প্ৰসাদ মুখাৰ্জী বন্দৰ (Syama Prasad Mookerjee Port) নামেৰে জনাজাত আৰু ই হ’ল ভাৰতৰ একমাত্ৰ নদীৰ পাৰৰ প্ৰধান বন্দৰ (Only riverine major port of India)। ইয়াক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী (British East India Company)য়ে 1870 চনত কলিকতা বন্দৰ (Calcutta Port) হিচাপে প্ৰতিষ্ঠা কৰিছিল।

ৱেবছাইট – smportkolkata.shipping.gov.in

মুম্বাই বন্দৰ (Mumbai Port):

মুম্বাই পৰ্ট, যাক বম্বে পৰ্ট (Bombay Port) বুলিও কোৱা হয়। ইয়াক 1870 চনত নিৰ্মাণ আৰু 1873 চনত বম্বে বন্দৰ ট্ৰাষ্ট (Bombay Port Trust) হিচাপে স্থাপন কৰা হৈছিল। এই বন্দৰটো মুম্বাই প’ৰ্ট ট্ৰাষ্ট (Mumbai Port Trust)ৰ দ্বাৰা পৰিচালিত আৰু ভাৰত চৰকাৰৰ মালিকানাধীন। বন্দৰটোৰ বিস্তৃতি প্ৰায় 400 বৰ্গ কিলোমিটাৰ।

ৱেবছাইট – mumbaiport.gov.in

চেন্নাই বন্দৰ (Chennai Port):

চেন্নাই বন্দৰ, ইয়াক পূৰ্বতে মাদ্ৰাজ বন্দৰ (Madras Port) বুলি জনা গৈছিল। ই বংগ উপসাগৰৰ আটাইতকৈ ডাঙৰ বন্দৰ (The largest port in the Bay of Bengal)। চেন্নাই বন্দৰৰ প্ৰতিষ্ঠা হৈছিল 1881 চনত।

ৱেবছাইট – www.chennaiport.gov.in

কোচিন বন্দৰ (Cochin Port):

কোচিন বন্দৰ আৰব সাগৰৰ এটা প্ৰধান বন্দৰ। 1928 চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই বন্দৰটো কোচিন বন্দৰ কৰ্তৃপক্ষ (Cochin Port Authority)ৰ দ্বাৰা পৰিচালিত হয়। ই ভাৰতৰ প্ৰথম ট্ৰেন্সশ্বিপমেণ্ট বন্দৰ (The first transshipment port in India)।

ৱেবছাইট – www.cochinport.gov.in

বিশাখাপট্টনম বন্দৰ (Visakhapatnam Port):

বিশাখাপট্টনম বন্দৰ ভাৰতৰ অন্যতম প্ৰধান বন্দৰ আৰু অন্ধ্ৰ প্ৰদেশৰ একমাত্ৰ প্ৰধান বন্দৰ। 1933 চনত ইয়াক মুকলি কৰা হৈছিল আৰু ইয়াক বিশাখাপট্টনম বন্দৰ কৰ্তৃপক্ষ (Visakhapatnam Port Authority)ই পৰিচালনা কৰে।

ৱেবছাইট – vpt.shipping.gov.in

দীনদয়াল বন্দৰ (Deendayal Port):

দীনদয়াল বন্দৰ পশ্চিম ভাৰতৰ গুজৰাট ৰাজ্যৰ কুচ জিলাৰ এটা সাগৰীয় বন্দৰ। বন্দৰটোৰ নিৰ্মাণ হৈছিল 1950 চনত আৰু ইয়াক দীনদয়াল বন্দৰ কৰ্তৃপক্ষ (Deendayal Port Authority)ৰ দ্বাৰা পৰিচালনা কৰা হয়।

ৱেবছাইট – www.deendayalport.gov.in

হালদিয়া বন্দৰ (Haldia Port):

কলকাতাৰ হালদী নদী (Haldi River) আৰু হুগলী নদী (Hooghly River)ৰ মিলন স্থানত হালদিয়া বন্দৰ নিৰ্মাণ কৰা হৈছে। ইয়াক 1967 চনত মুকলি কৰা হৈছিল আৰু কলকাতা বন্দৰ ট্ৰাষ্টে (Kolkata Port Trust) ইয়াৰ পৰিচালনা কৰে।

ৱেবছাইট – smportkolkata.shipping.gov.in

নিউ মাংগালুৰু বন্দৰ (New Mangaluru Port):

1974 চনত মুকলি কৰা নিউ মাংগালুৰু বন্দৰ কৰ্ণাটক ৰাজ্যত অৱস্থিত এটা বন্দৰ। ই কৰ্ণাটকৰ একমাত্ৰ প্ৰধান বন্দৰ আৰু ভাৰতৰ সপ্তম বৃহত্তম বন্দৰ (The seventh largest port in India)। ইয়াক নিউ মাংগালুৰু বন্দৰ কৰ্তৃপক্ষ (New Mangalore Port Authority)ৰ দ্বাৰা পৰিচালিত কৰা হয়।

ৱেবছাইট – newmangaloreport.gov.in

ভি.অ. চিদাম্বৰনাৰ বন্দৰ (V.O. Chidambaranar Port):

ভি.অ. চিতাম্বৰনাৰ বন্দৰ হৈছে তামিলনাডুৰ থুথুকুডীত অৱস্থিত এটা বন্দৰ। 1974 চনত ইয়াক এটা ডাঙৰ বন্দৰ হিচাপে ঘোষণা কৰা হৈছিল। ই তামিলনাডুৰ দ্বিতীয় বৃহত্তম বন্দৰ (Second largest port in Tamil Nadu) আৰু ভাৰতৰ তৃতীয় বৃহত্তম কণ্টেইনাৰ টাৰ্মিনেল (Third largest container terminal in India)। ই ভি অ’ চিদাম্বৰনাৰ বন্দৰ কৰ্তৃপক্ষ (V.O. Chidambaranar Port Authority)ৰ দ্বাৰা পৰিচালিত।

ৱেবছাইট – www.vocport.gov.in

মৰ্মুগাও বন্দৰ (Mormugao Port):

মৰ্মুগাও বন্দৰ গোৱাৰ মৰ্মুগাও চহৰত অৱস্থিত। 1885 চনত বন্দৰটো মুকলি কৰা হৈছিল আৰু মৰ্মুগাও বন্দৰ কৰ্তৃপক্ষ (Mormugao Port Authority)ই ইয়াক পৰিচালনা কৰে।

ৱেবছাইট – www.mptgoa.gov.in

জৱাহৰলাল নেহৰু বন্দৰ (Jawaharlal Nehru Port):

জৱাহৰলাল নেহৰু বন্দৰ, যাক নভা শ্বেভা বন্দৰ (Nhava Sheva Port) বুলিও কোৱা হয়। মুন্দ্ৰা বন্দৰৰ পিছত ই ভাৰতৰ দ্বিতীয় বৃহত্তম কণ্টেইনাৰ বন্দৰ (Second largest container port in India)। ইয়াক জৱাহৰলাল নেহৰু বন্দৰ ন্যাস কৰ্তৃপক্ষ (Jawaharlal Nehru Port Trust Authority)ই পৰিচালনা কৰে। 1998 চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।

ৱেবছাইট – jnport.gov.in

মুন্দ্ৰা বন্দৰ (Mundra Port):

গুজৰাটৰ কুচ উপসাগৰৰ উত্তৰ পাৰত অৱস্থিত ভাৰতৰ প্ৰথমটো ব্যক্তিগত বন্দৰ (India’s first private port) আৰু সৰ্ববৃহৎ কণ্টেইনাৰ বন্দৰ (Largest container port in India) হৈছে মুন্দ্ৰা বন্দৰ। 1998 চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াক আদানী বন্দৰে (Adani Port) পৰিচালনা কৰে।

ৱেবছাইট – www.adaniports.com

কাকিনাদা বন্দৰ (Kakinada Port):

কাকিনাডা বন্দৰ ভাৰতৰ পূব উপকূলৰ অন্ধ্ৰ প্ৰদেশৰ কাকিনাডাত অৱস্থিত। ইয়াক 1999 চনত মুকলি কৰা হৈছিল।

ৱেবছাইট – kakinadaseaports.in

সামৰণিত ক’ব পাৰি যে ভাৰতৰ বন্দৰসমূহে (Ports of India) দেশখনক উন্নতিৰ পথক আগবাঢ়ি যোৱাত সহায় কৰে। ইয়াৰ উপৰিও এই বন্দৰসমূহে ভাৰতত বাণিজ্য আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই বন্দৰবোৰ দেশখনৰ কেৱল দুৱাৰমুখ নহয় বৰঞ্চ ভাৰতৰ সমৃদ্ধি আৰু বিশ্বব্যাপী সংযোগৰ বাবে অপৰিহাৰ্য অৱদান।

FAQ

মুম্বাই বন্দৰ ভাৰতৰ আটাইতকৈ ডাঙৰ বন্দৰ।

ভাৰতৰ আটাইতকৈ সৰু বন্দৰ হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অৱস্থিত পৰ্ট ব্লেয়াৰ।

কোচি বন্দৰ আৰব সাগৰৰ ৰাণী হিচাপে পৰিচিত।

চেন্নাই দক্ষিণ ভাৰতৰ দুৱাৰমুখ।

ভাৰতৰ উপকূল আৰু জলপথৰ সম্পূৰ্ণ সম্ভাৱনা মুকলি কৰি ভাৰতৰ লজিষ্টিক খণ্ডৰ প্ৰদৰ্শনত এক পদক্ষেপ পৰিৱৰ্তন অনাৰ লক্ষ্যৰে সাগৰমালা হৈছে এক অভিলাষী ৰাষ্ট্ৰীয় পদক্ষেপ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top