Top 10 Largest Bank in the World 2024 in Assamese

বিশ্বৰ শীৰ্ষ ১০ টা আটাইতকৈ ডাঙৰ বেংক ২০২৪ চনৰ হিচাপত।

বিশ্ব অৰ্থনীতিত বেংকসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই সঞ্চয়, ঋণ আৰু বিনিয়োগ পৰিচালনাৰ দৰে অত্যাৱশ্যকীয় সেৱা প্ৰদান কৰা। এই বেংকসমূহে বিপুল পৰিমাণৰ সম্পদ পৰিচালনা কৰাই নহয়, বিশ্বৰ বিত্তীয় বজাৰত প্ৰভাৱ পেলোৱাৰ লগতে অৰ্থনৈতিক বৃদ্ধিৰ ক্ষেত্ৰতো সহায় কৰে। এই লেখাটোত আমি বিশ্বৰ শীৰ্ষ ১০টা বৃহৎ বেংকৰ মুঠ সম্পত্তি আৰু বজাৰ মূলধনৰ ভিত্তিত অন্বেষণ কৰিম।

Top 10 Largest Bank in the World || বিশ্বৰ শীৰ্ষ ১০ টা বৃহত্তম বেংক
Top 10 Largest Bank in the World

মুঠ সম্পত্তিৰ হিচাপত বিশ্বৰ শীৰ্ষ ১০ টা বৃহত্তম বেংক (World's Top 10 Largest Bank by Total Asset):

চীনৰ ঔদ্যোগিক আৰু বাণিজ্যিক বেংক (Industrial and Commercial Bank of China):

চীনৰ ঔদ্যোগিক আৰু বাণিজ্যিক বেংক, চমুকৈ ICBC হৈছে চীনৰ চৰকাৰী মালিকানাধীন বহুজাতিক বেংকিং আৰু বিত্তীয় সেৱা নিগম। ইয়াৰ মুখ্য কাৰ্যালয় চীনৰ বেইজিঙত অৱস্থিত। চীনৰ বৃহৎ চাৰিটা বেংকৰ ভিতৰত ই আটাইতকৈ ডাঙৰ বেংক আৰু মুঠ সম্পত্তিৰ হিচাপত বিশ্বৰ আটাইতকৈ ডাঙৰ বেংক (Largest Bank in the World)। এই বেংকটোৰ সৃষ্টি কৰা হৈছিল 1984 চনৰ 1 জানুৱাৰীত আৰু ইয়াৰ প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱ (Initial Public Offering) আগবঢ়োৱা হৈছিল 2006 চনত।

ICBC বেংকৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে প্ৰায় 6.3 ট্ৰিলিয়ন ডলাৰ (2023), যিটো ভাৰতীয় হিচাপত প্ৰায় 529 লাখ কোটি টকা। 2022 চনৰ হিচাপত ইয়াৰ প্ৰায় 4,34,798 জন কৰ্মচাৰী আছে। এই বেংকেটোৱে 106 টা বিদেশী শাখাকে ধৰি 18,000 ৰো অধিক শাখাত সেৱা আগবঢ়াই আছে।

চীনৰ কৃষি বেংক (Agricultural Bank of China):

চীনৰ কৃষি বেংক, যাক এগবেংক (AgBank) বুলিও কোৱা হয়, চীনৰ চৰকাৰী বহুজাতিক বেংকিং আৰু বিত্তীয় সেৱা নিগম। চীনৰ চাৰিটা ডাঙৰ বেংকৰ ভিতৰত ই অন্যতম আৰু মুঠ সম্পত্তিৰ হিচাপত বিশ্বৰ দ্বিতীয় বৃহত্তম বেংক (Second Largest Bank in the World)। 1951 চনৰ 10 জুলাইত প্ৰতিষ্ঠা হোৱা এই সংস্থাটোৰ মুখ্য কাৰ্যালয় বেইজিঙৰ ডংচেং জিলাত আছে।

ইয়াৰ মুঠ সম্পত্তি হৈছে প্ৰায় 5.6 ট্ৰিলিয়ন ডলাৰ (2023), যিটো ভাৰতীয় হিচাপত প্ৰায় 470 লাখ কোটি টকা। এই বেংকত 2020 চনৰ হিচাপত প্ৰায় 4,67,631 জন কৰ্মচাৰী আছে। এই বেংকৰ 32 কোটি খুচুৰা গ্ৰাহক, 27 লাখ কৰ্পৰেট গ্ৰাহক আৰু প্ৰায় 24,000 শাখা আছে।

চীন কনষ্ট্ৰাকচন বেংক (China Construction Bank):

চীন কনষ্ট্ৰাকচন বেংক কৰ্পৰেশ্যন (CCB) হৈছে চীনৰ এটা চৰকাৰী মালিকানাধীন বহুজাতিক বেংকিং আৰু বিত্তীয় সেৱা নিগম। ইয়াৰ মুখ্য কাৰ্যালয় বেইজিঙত অৱস্থিত। চীনৰ চাৰিটা ডাঙৰ বেংকৰ ভিতৰত ই অন্যতম আৰু মুঠ সম্পত্তিৰ হিচাপত ই বিশ্বৰ তৃতীয় বৃহত্তম বেংক (Third Largest Bank in the World)। ইয়াৰ প্ৰতিষ্ঠা কৰা হৈছিল 1954 চনৰ 1 অক্টোবৰত।

CCB বেংকৰ মুঠ সম্পত্তি হৈছে প্ৰায় 5.4 ট্ৰিলিয়ন ডলাৰ (2023), যিটো ভাৰতীয় হিচাপত প্ৰায় 453 লাখ কোটি টকা। 2018 চনৰ হিচাপত ইয়াৰ কৰ্মচাৰীৰ সংখ্যা হৈছে 3,45,971 জন আৰু ইয়াৰ প্ৰায় 13,629 টা ঘৰুৱা শাখা আছে।

বেংক অৱ চাইনা (Bank of China):

বেংক অৱ চাইনা হৈছে চীনৰ এক চৰকাৰী মালিকানাধীন বহুজাতিক বেংকিং আৰু বিত্তীয় সেৱা নিগম। ইয়াৰ মুখ্য কাৰ্যালয় বেইজিঙত অৱস্থিত আৰু ই চীনৰ চাৰিটা ডাঙৰ বেংকৰ ভিতৰত অন্যতম। মুঠ সম্পত্তিৰ হিচাপত ই বিশ্বৰ চতুৰ্থ বৃহত্তম বেংক (Fourth Largest Bank in the World)। প্ৰথমে 1905 চনত ডা-কিং বেংক (Da-Qing Bank) হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল আৰু 1912 চনত বেংক অৱ চাইনা হিচাপে প্ৰতিষ্ঠা কৰা হয়।

বেংক অৱ চাইনাৰ মুঠ সম্পত্তি হৈছে প্ৰায় 4.5 ট্ৰিলিয়ন ডলাৰ (2023), যিটো ভাৰতীয় হিচাপত প্ৰায় 378 লাখ কোটি টকা। 2021 চনৰ হিচাপত ইয়াৰ কৰ্মচাৰীৰ সংখ্যা হৈছে 3,06,322 জন আৰু ইয়াৰ 10,000 ৰো অধিক শাখা আৰু কাৰ্যালয় আছে।

জে পি মৰ্গান চেজ (JP Morgan Chase):

জে পি মৰ্গান চেজ এণ্ড কো হৈছে নিউয়ৰ্ক চহৰত মুখ্য কাৰ্যালয় থকা আমেৰিকাৰ বহুজাতিক বিত্তীয় কোম্পানী। ই আমেৰিকাৰ সৰ্ববৃহৎ বেংক (Largest Bank in the United States) আৰু মুঠ সম্পত্তিৰ হিচাপত বিশ্বৰ পঞ্চম বৃহৎ বেংক (Fifth Largest Bank in the World)। জন পিয়ৰপণ্ট মৰ্গানে (John Pierpont Morgan) 1871 চনত জে. পি. মৰ্গান এণ্ড কোম্পানী (J.P. Morgan & Co.) প্ৰতিষ্ঠা কৰিছিল।

জে পি মৰ্গান চেজৰ মুঠ সম্পতিৰ পৰিমাণ হৈছে 3.8 ট্ৰিলিয়ন ডলাৰ (2023), যিটো ভাৰতীয় হিচাপত প্ৰায় 325 লাখ কোটি টকা। 2023 চনৰ হিচাপত ইয়াৰ কৰ্মচাৰীৰ সংখ্যা হৈছে 3,09,926 জন।

বেংক অৱ আমেৰিকা (Bank of America):

বেংক অৱ আমেৰিকা কৰ্পৰেশ্যন হৈছে উত্তৰ কেৰ’লিনাৰ চাৰ্লটত মুখ্য কাৰ্যালয় থকা আমেৰিকাৰ বহুজাতিক বিনিয়োগ বেংক আৰু বিত্তীয় সেৱা হোল্ডিং কোম্পানী। 1998 চনত নেচনছ বেংক (Nations Bank) আৰু বেংক অৱ আমেৰিকাৰ একত্ৰীকৰণৰ ফলত এই বেংকটো প্ৰতিষ্ঠা কৰা হৈছিল।

বেংক অৱ আমেৰিকাৰ মুঠ সম্পতিৰ পৰিমাণ হৈছে 3.2 ট্ৰিলিয়ন ডলাৰ (2023), যিটো ভাৰতীয় হিচাপত প্ৰায় 268 লাখ কোটি টকা। 2023 চনৰ হিচাপত ইয়াৰ কৰ্মচাৰীৰ সংখ্যা হৈছে 2,13,000 জন।

এইচ এছ বি চি হোল্ডিংছ পি এল চি (HSBC Holdings plc):

এইচ এছ বি চি হোল্ডিংছ হৈছে ইংলেণ্ডৰ লণ্ডনত মুখ্য কাৰ্যালয় থকা এটা ব্ৰিটিছ ইউনিভাৰ্চেল বেংক আৰু বিত্তীয় সেৱা গ্ৰুপ। 1865 চনত হংকঙত এই বেংকটোৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু 1991 চনত লণ্ডনত এইচ এছ বি চি হোল্ডিংছ নামেৰে প্ৰতিষ্ঠা কৰা হয়।

এইচ এছ বি চি হোল্ডিংছৰ মুঠ সম্পতিৰ পৰিমাণ হৈছে 2.9 ট্ৰিলিয়ন ডলাৰ (2023), যিটো ভাৰতীয় হিচাপত প্ৰায় 243 লাখ কোটি টকা। 2024 চনৰ হিচাপত ইয়াৰ কৰ্মচাৰীৰ সংখ্যা হৈছে 2,21,000 জন।

বিএনপি পাৰিবাছ (BNP Paribas):

বিএনপি পাৰিবাছ হৈছে পেৰিছত মুখ্য কাৰ্যালয় থকা ফ্ৰান্সৰ বহুজাতিক ইউনিভাৰ্চেল বেংক আৰু বিত্তীয় সেৱা হোল্ডিং কোম্পানী। 2000 চনত ফ্ৰান্সৰ দুটা আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠান বেংক নেচনেল ডি পেৰিছ (Banque Nationale de Paris) আৰু পাৰিবাছ (Paribas)ৰ একত্ৰীকৰণৰ পৰাই ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। মুঠ সম্পত্তিৰ হিচাপত ই ইউৰোপৰ দ্বিতীয় বৃহত্তম বেংক (Second Largest Bank in Europe) আৰু বিশ্বৰ অষ্টম বৃহত্তম বেংক (Eighth Largest Bank in the World)।

বিএনপি পাৰিবাছৰ মুঠ সম্পতিৰ পৰিমাণ হৈছে 2.86 ট্ৰিলিয়ন ডলাৰ (2023), যিটো ভাৰতীয় হিচাপত প্ৰায় 240 লাখ কোটি টকা। 2023 চনৰ হিচাপত ইয়াৰ কৰ্মচাৰীৰ সংখ্যা হৈছে 1,86,162 জন।

মিটছুবিচি ইউএফজে বিত্তীয় গোট (Mitsubishi UFJ Financial Group):

মিটছুবিচি ইউ এফ জে ফাইনেন্সিয়েল গ্ৰুপ ইনকৰ্পৰেশ্যন হৈছে জাপানৰ টকিঅ’ত মুখ্য কাৰ্যালয় থকা জাপানীজ বেংক হোল্ডিং আৰু বিত্তীয় সেৱা কোম্পানী। ই জাপানৰ সৰ্ববৃহৎ বিত্তীয় গোট (Japan’s Largest Financial Group) আৰু মুঠ সম্পত্তিৰ হিচাপত বিশ্বৰ নৱম বৃহত্তম বেংক (World’s Ninth Largest Bank)। 2005 চনৰ টকিঅ’স্থিত মিটছুবিচি টকিঅ’ ফাইনেন্সিয়েল গ্ৰুপ আৰু ওছাকাস্থিত ইউ এফ জে হোল্ডিংছৰ একত্ৰীকৰণৰ ফলত এই কোম্পানীটো গঠন কৰা হয়।

মিটছুবিচিৰ মুঠ সম্পতিৰ পৰিমাণ হৈছে 2.81 ট্ৰিলিয়ন ডলাৰ (2023), যিটো ভাৰতীয় হিচাপত প্ৰায় 236 লাখ কোটি টকা। 2020 চনৰ হিচাপত ইয়াৰ কৰ্মচাৰীৰ সংখ্যা হৈছে 1,68,500 জন।

ক্ৰেডিট এগ্ৰিক'ল (Crédit Agricole):

ক্ৰেডিট এগ্ৰিকোল গ্ৰুপ হৈছে ফ্ৰান্সৰ এটা আন্তঃৰাষ্ট্ৰীয় বেংকিং গ্ৰুপ আৰু বিশ্বৰ সৰ্ববৃহৎ সমবায় বিত্তীয় প্ৰতিষ্ঠান (World’s Largest Cooperative Financial Institution)। ই ফ্ৰান্সৰ দ্বিতীয় বৃহত্তম বেংক (Second Largest Bank in France)ৰ লগতে ইউৰোপৰ তৃতীয় বৃহত্তম বেংক (Third Largest Bank in Europe) আৰু বিশ্বৰ দশম বৃহত্তম বেংক (Tenth Largest Bank in the World)। এই বেংকটোৰ 1894 চনৰ 5 নৱেম্বৰত প্ৰতিষ্ঠা কৰা হৈছিল।

ক্ৰেডিট এগ্ৰিকোল গ্ৰুপৰ মুঠ সম্পতিৰ পৰিমাণ হৈছে 2.73 ট্ৰিলিয়ন ডলাৰ (2023), যিটো ভাৰতীয় হিচাপত প্ৰায় 236 লাখ কোটি টকা। 2022 চনৰ হিচাপত ইয়াৰ কৰ্মচাৰীৰ সংখ্যা হৈছে 1,45,000 জন।

বজাৰ মূলধনৰ হিচাপত বিশ্বৰ শীৰ্ষ ১০ টা বৃহত্তম বেংক (World's Top 10 Largest Bank by Market Cap):

স্থান (Rank)

বেংকৰ নাম (Bank Name)

দেশ

(Country)

বজাৰ মূলধন

(Market Capital)

1.

জে পি মৰ্গান চেজ (JP Morgan Chase)

আমেৰিকা যুক্তৰাষ্ট্ৰ

(United States)

583.91 বিলিয়ন ডলাৰ

2.

বেংক অৱ আমেৰিকা (Bank of America)

আমেৰিকা যুক্তৰাষ্ট্ৰ

(United States)

304.56 বিলিয়ন ডলাৰ

3.

চীনৰ ঔদ্যোগিক আৰু বাণিজ্যিক বেংক

(Industrial and Commercial Bank of China)

চীন (China)

288.06 বিলিয়ন ডলাৰ

4.

চীনৰ কৃষি বেংক

(Agricultural Bank of China)

চীন (China)

231 বিলিয়ন ডলাৰ

5.

চীন কনষ্ট্ৰাকচন বেংক

(China Construction Bank)

চীন (China)

197.15 বিলিয়ন ডলাৰ

6.

বেংক অৱ চাইনা (Bank of China)

চীন (China)

187.79 বিলিয়ন ডলাৰ

7.

ওৱেলছ ফাৰ্গো (Wells Fargo)

আমেৰিকা যুক্তৰাষ্ট্ৰ

(United States)

187.13 বিলিয়ন ডলাৰ

8.

ৰয়েল বেংক অৱ কানাডা

(Royal Bank Of Canada)

কানাডা (Canada)

173.86 বিলিয়ন ডলাৰ

9.

মৰ্গান ষ্টেনলি (Morgan Stanley)

আমেৰিকা যুক্তৰাষ্ট্ৰ

(United States)

169.17বিলিয়ন ডলাৰ

10.

হংকং আৰু চাংহাই বেংকিং কৰ্পৰেশ্যন

(Hongkong and Shanghai Banking Corporation)

ইংলেণ্ড (England)

159.35 বিলিয়ন ডলাৰ

**Note: 1 বিলিয়ন = 100 কোটি  &  1 মাৰ্কিন ডলাৰ = 84 ভাৰতীয় টকা (Oct 2024)

Top 10 Largest Countries in the World || বিশ্বৰ শীৰ্ষ ১০ খন বৃহৎ দেশ
বিশ্বৰ শীৰ্ষ ১০ খন বৃহত্তম দেশ।
Worlds Largest Hydroelectric Power
বিশ্বৰ বৃহত্তম জলবিদ্যুৎ শক্তি কেন্দ্ৰসমূহ।
Top 10 Largest Sea in the World || বিশ্বৰ শীৰ্ষ ১০ খন বৃহত্তম সাগৰ
বিশ্বৰ শীৰ্ষ ১০ খন বৃহৎ সাগৰ : এক চমু আভাস।

FAQ

মুঠ সম্পত্তিৰ হিচাপত বিশ্বৰ সৰ্ববৃহৎ বেংকটো হৈছে চীনৰ ঔদ্যোগিক আৰু বাণিজ্যিক বেংক (Industrial and Commercial Bank of China)।

বজাৰ মূলধনৰ হিচাপত ভাৰতৰ সৰ্ববৃহৎ বেংক হৈছে এইচ ডি এফ চি বেংক (HDFC Bank)।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top