বিশ্বৰ শীৰ্ষ ১০ খন বৃহৎ মৰুভূমি।
মৰুভূমি হৈছে এনে এক ভূ-প্ৰকৃতি য’ত বছৰি 25 চেণ্টিমিটাৰতকৈ কম বৰষুণ হয়। যাৰ ফলত এই অঞ্চলবোৰত অনন্য জৈৱ আৰু পৰিৱেশ তন্ত্ৰৰ সৃষ্টি হয়। পৃথিৱীৰ ভুখণ্ডৰ প্ৰায় এক তৃতীয়াংশত মৰুভূমিসমূহ বিয়পি আছে। এই অঞ্চলসমূহত বিৰল গছ-গছনি, উষ্ণতাৰ অতি উঠা-নমা আৰু বতাহৰ খহনীয়া দেখা যায়। ইয়াত থকা উদ্ভিদ আৰু প্ৰাণীবোৰে এই কঠোৰ পৰিস্থিতিত জীয়াই থাকিবলৈ নিজকে খাপ খুৱাই লয়। বিশ্বৰ শীৰ্ষ 10 খন বৃহৎ মৰুভূমিৰ বিষয়ে তলত উল্লেখ কৰা হ’ল।

এন্টাৰ্কটিক মৰুভূমি (Antarctic Desert):
পৃথিৱীৰ দক্ষিণ মেৰুৰ চাৰিওফালে অৱস্থিত এন্টাৰ্কটিক মৰুভূমি, বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমি (Largest Desert in the World) আৰু ইয়াৰ আয়তন প্ৰায় 1.42 কোটি বৰ্গ কিলোমিটাৰ। এন্টাৰ্কটিকা এখন ঠাণ্ডা মৰুভূমি আৰু ই সম্পূৰ্ণভাৱে বৰফেৰে আবৃত। ঊনবিংশ শতিকাৰ আৰম্ভণিতে ৰাছিয়া, ব্ৰিটিছ আৰু আমেৰিকাৰ অভিযানৰ দ্বাৰা প্ৰথমবাৰৰ বাবে এন্টাৰ্কটিকাৰ ভূখণ্ড নিশ্চিত কৰা হৈছিল। তেতিয়াৰ পৰাই এই অতীতৰ মহাদেশখনত অসংখ্য বহুবিষয়ক অধ্যয়ন চলি আহিছে। 1959 চনত স্বাক্ষৰিত এন্টাৰ্কটিকা চুক্তি (The Antarctic Treaty)খনে নিশ্চিত কৰে যে কোনো দেশেই সম্পদ শোষণৰ বাবে মাটিৰ দাবী কৰিব নোৱাৰে। চুক্তিমতে ইয়াৰ কেৱল বৈজ্ঞানিক অনুসন্ধান, অন্বেষণ আৰু পৰ্যটনৰ বাবেহে অনুমতি প্ৰদান কৰা হৈছে।
আৰ্কটিক মৰুভূমি (Arctic Desert):
আৰ্কটিক মৰুভূমি হৈছে আৰ্কটিক মহাসাগৰৰ 75 ডিগ্ৰী উত্তৰ অক্ষাংশৰ ওপৰৰ দ্বীপসমূহৰ মাজেৰে বিস্তৃত এক কঠোৰ বৰফৰ অঞ্চল। ইয়াৰ আয়তন 1.39 কোটি বৰ্গ কিলোমিটাৰ আৰু ই বিশ্বৰ দ্বিতীয় বৃহত্তম মৰুভূমি (Second Largest Desert in the World)। এই অঞ্চলটো হিমবাহ, বৰফ আৰু শিলৰ ভূখণ্ডেৰে ভৰি আছে। আৰ্কটিক মৰুভূমিত টুণ্ড্ৰা জলবায়ু দেখা যায়। উল্লেখযোগ্য বন্যপ্ৰাণীসমূহৰ ভিতৰত আছে আইভৰি গাল (Ivory Gull), আটলাণ্টিক ৱালৰাছ (Atlantic Walrus), মেৰু ভালুক (Polar Bear)।
উত্তৰ আফ্ৰিকাত অৱস্থিত চাহাৰা মৰুভূমি বিশ্বৰ আটাইতকৈ ডাঙৰ উষ্ণ মৰুভূমি (World’s Largest Hot Desert) আৰু বিশ্বৰ তৃতীয় বৃহত্তম মৰুভূমি (Third Largest Desert in the World)। ইয়াৰ আয়তন প্ৰায় 92 লাখ বৰ্গ কিলোমিটাৰ আৰু ই পূবে লোহিত সাগৰৰ পৰা পশ্চিমে আটলাণ্টিক মহাসাগৰলৈকে বিস্তৃত। ইয়াৰ উত্তৰত ভূমধ্য সাগৰ আৰু দক্ষিণে নাইজাৰ নদীৰ উপত্যকা আছে। চাহাৰা মৰুভূমিৰ ভূগোল উত্তৰ আফ্ৰিকাৰ 11 খন দেশৰ বিশাল অঞ্চল বিস্তৃত হৈ আছে। ইয়াৰ জলবায়ুৰ বৈশিষ্ট্য হৈছে দিনত অত্যন্ত গৰম আৰু ৰাতি অত্যন্ত ঠাণ্ডা।
গ্ৰেট অষ্ট্ৰেলিয়াৰ মৰুভূমি (Great Australian Desert):
পশ্চিম মৰুভূমি বুলিও জনাজাত গ্ৰেট অষ্ট্ৰেলিয়ান মৰুভূমি হৈছে প্ৰায় 27 লাখ বৰ্গ কিলোমিটাৰ বিস্তৃত এক বিশাল আৰু মনোমোহা শুষ্ক অঞ্চল। ই অষ্ট্ৰেলিয়াৰ পশ্চিম মালভূমি (Western Plateau) আৰু অভ্যন্তৰীণ নিম্নভূমি অঞ্চলত বিস্তৃত। এই মৰুভূমিখনত প্ৰতি বছৰে প্ৰায় 250 মিলিমিটাৰ পৰ্যন্ত বৰষুণ হয় যদিও বাষ্পীভৱন হোৱাৰ বাবে ই সোনকালে শুকান হৈ পৰে। ইয়াত মৰুভূমিৰ লগত খাপ খুৱাই লোৱা সৰীসৃপ, চৰাই আৰু সৰু স্তন্যপায়ী প্ৰাণীকে ধৰি বিভিন্ন ধৰণৰ জীৱৰ আতিথ্য আছে।
আৰবীয় মৰুভূমি (Arabian Desert):
আৰব মৰুভূমি হৈছে পশ্চিম এছিয়াৰ এক বিশাল প্ৰান্তৰ যি প্ৰায় সমগ্ৰ আৰব উপদ্বীপক সামৰি লৈছে আৰু ইয়াৰ আয়তন প্ৰায় 23 লাখ বৰ্গ কিলোমিটাৰ। ই এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমি (Largest Desert in Asia) আৰু বিশ্বৰ ভিতৰতে পঞ্চম বৃহত্তম মৰুভূমি (Fifth Largest Desert in the World)। ই চৌদি আৰৱৰ অধিকাংশ অঞ্চল সামৰি লৈছে যদিও ইৰাক, জৰ্ডান, কাটাৰ, ওমান আৰু য়েমেনলৈও বিস্তৃত। ইয়াৰ জলবায়ু বেছিভাগেই শুকান আৰু কিছুমান অঞ্চলত বছৰি 50 মিলিমিটাৰ পৰ্যন্ত বৰষুণ হয়। আৰবীয় মৰুভূমিত গেজেল, অৰিক্স, বালি মেকুৰী, কাঁইটীয়া ঠেংযুক্ত টিকটিকি আদি প্ৰাণীৰ বাসস্থান।
গোবি মৰুভূমি (Gobi Desert):
গোবি মৰুভূমি মধ্য এছিয়াৰ এক বিশাল মৰুভূমি আৰু অৰ্ধ মৰুভূমি অঞ্চল। ইয়াক জলহীন ঠাই (Waterless Place) বুলিও জনা যায়। ই মংগোলিয়া আৰু চীন দুয়োখন দেশৰ বৃহৎ অংশত বিস্তৃত হৈ আছে। ই বিশ্বৰ ষষ্ঠ বৃহত্তম মৰুভূমি (Sixth Largest Desert in the World) আৰু ইয়াৰ আয়তন প্ৰায় 13 লাখ বৰ্গ কিলোমিটাৰ। যদিও গছ-গছনি বিৰল গোবিত উট, কুলান, আৰু জেৰেনকে ধৰি বিভিন্ন প্ৰাণীৰ পোৱা যায়।
কালাহাৰী মৰুভূমি (Kalahari Desert):
কালাহাৰী মৰুভূমি দক্ষিণ আফ্ৰিকাৰ এক বিশাল অৰ্ধশুষ্ক বালিচহীয়া ছাভানা আৰু ইয়াৰ বিস্তৃতি প্ৰায় 9 লাখ বৰ্গ কিলোমিটাৰ। ই বটছৱানাৰ এক বৃহৎ অংশ, নামিবিয়াৰ কিছু অংশ আৰু দক্ষিণ আফ্ৰিকাৰ উত্তৰ কেপ প্ৰদেশৰ আটাইতকৈ উত্তৰ অঞ্চলত বিস্তৃত হৈ আছে। কালাহাৰীত মাজে মাজে যথেষ্ট পৰিমাণৰ বৰষুণ পৰে আৰু ই বন্যপ্ৰাণীৰ বাবে ডাঙৰ চৰণীয়া পথাৰ সৃষ্টি কৰে। কালাহাৰী বন্যপ্ৰাণীৰে সমৃদ্ধ যিয়ে মৰুভূমি আৰু অৰ্ধমৰুভূমিৰ পৰিৱেশ তন্ত্ৰৰ এক অনন্য মিশ্ৰণ প্ৰদান কৰে।
পেটাগনিয়ান মৰুভূমি (Patagonian Desert):
পেটাগোনিয়ান মৰুভূমি হৈছে আৰ্জেণ্টিনাৰ মূল ভূখণ্ড দক্ষিণ অংশত বিস্তৃত এক বিশাল আৰু আকৰ্ষণীয় প্ৰাকৃতিক দৃশ্য থকা মৰুভূমি। ইয়াৰ আয়তন 6.73 লাখ বৰ্গ কিলোমিটাৰ আৰু ই আৰ্জেণ্টিনাৰ আটাইতকৈ ডাঙৰ মৰুভূমি (Largest Desert in Argentina) লগতে বিশ্বৰ অষ্টম বৃহত্তম মৰুভূমি (Eighth Largest Desert in the World)। ই পশ্চিমে এণ্ডিজ পৰ্বতমালা (Andes Mountain Range) আৰু পূবে আটলাণ্টিক মহাসাগৰ (Atlantic Ocean)লৈকে বিস্তৃত হৈ আছে।
ছিৰিয়ান মৰুভূমি (Syrian Desert):
ছিৰিয়াৰ মৰুভূমি সমগ্ৰ মধ্যপ্ৰাচ্যৰ 5 লাখ বৰ্গ কিলোমিটাৰ বিস্তৃত হৈ আছে। ইয়াক উত্তৰ আৰব মৰুভূমি (North Arabian Desert), জৰ্ডানৰ ষ্টেপ (Jordanian Steppe) আৰু বদিয়া (Badiya) বুলিও জনা যায়। ই দক্ষিণ ছিৰিয়াৰ কিছু অংশ, পূব জৰ্ডান, উত্তৰ চৌদি আৰব আৰু পশ্চিম ইৰাকক সামৰি লৈছে। ছিৰিয়াৰ মৰুভূমিৰ কেন্দ্ৰীয় অঞ্চলত হামাদ মালভূমি (Hamad Plateau) আছে।
গ্ৰেট বেচিন মৰুভূমি (Great Basin Desert):
আমেৰিকাৰ পশ্চিম অংশত অৱস্থিত গ্ৰেট বেচিন মৰুভূমি বিশ্বৰ দশম বৃহত্তম মৰুভূমি (Tenth Largest Desert in the World)। ই নেভাদা (Nevada) ৰাজ্যৰ বেছিভাগ অংশ সামৰি লৈছে আৰু কেলিফৰ্ণিয়া (California), আইডাহ’ (Idaho), অৰেগন (Oregon), ইউটা (Utah) আৰু ৱাইমিং (Wyoming)ৰ কিছু অংশলৈকে বিস্তৃত। এই মৰুভূমিৰ বতৰ গ্রীষ্মকালত গৰম আৰু শুকান হয়, আনহাতে শীতকালত বৰফ পৰে। এই অঞ্চলত অনন্য উদ্ভিদ আৰু প্ৰাণীৰ জনসংখ্যাকে ধৰি 600 ৰো অধিক মেৰুদণ্ডী প্ৰজাতিৰ প্ৰাণী পোৱা যায়।
- See Also -
FAQ
পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি হৈছে এন্টাৰ্কটিক মৰুভূমি আৰু ইয়াৰ আয়তন প্ৰায় 1.42 কোটি বৰ্গ কিলোমিটাৰ।
বিশ্বৰ আটাইতকৈ ডাঙৰ উষ্ণ মৰুভূমি হৈছে চাহাৰা মৰুভূমি আৰু ই প্ৰায় 92 লাখ বৰ্গ কিলোমিটাৰ বিস্তৃত।
এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমি হৈছে আৰব মৰুভূমি।
বিশ্বৰ দ্বিতীয় বৃহত্তম মৰুভূমি হৈছে আৰ্কটিক মৰুভূমি, যাক মেৰু মৰুভূমি বুলিও কোৱা হয়।
আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ মৰুভূমি হৈছে চাহাৰা মৰুভূমি।
চাহাৰা মৰুভূমি আফ্ৰিকা মহাদেশত অৱস্থিত।
কাৰ্ক্ৰছ মৰুভূমি (Carcross Desert) বিশ্বৰ আটাইতকৈ সৰু মৰুভূমি।
- Source -
- Wikipedia