বিশ্বৰ বৃহত্তম জলবিদ্যুৎ শক্তি কেন্দ্ৰসমূহ।
জলবিদ্যুৎ হৈছে পানীৰ শক্তি ব্যৱহাৰ কৰি বিদ্যুৎ তৈয়াৰ কৰাৰ এক উপায়। Largest Hydroelectric Power Station বোৰে বিশ্বৰ মুঠ বিদ্যুতৰ এক ষষ্ঠাংশ (1/6) যোগান ধৰে, যিটো আন সকলো নবীকৰণযোগ্য উৎসৰ তুলনাত অধিক। ই পৰিষ্কাৰ আৰু নিৰ্ভৰযোগ্য লগতে ইয়াক প্ৰয়োজন অনুসৰি উৎপাদন কৰিব পাৰে। এই শক্তি কেন্দ্ৰসমূহে জীৱাশ্ম ইন্ধন চালিত শক্তি কেন্দ্ৰতকৈ কম সেউজ গৃহ গেছ নিৰ্গত কৰে। আনুমানিকভাৱে বিশ্বজুৰি 62,500 টা বিদ্যুৎ কেন্দ্ৰ চলি আছে, যাৰ মুঠ স্থাপন ক্ষমতা 6,000 গিগাৱাট (GW)তকৈও অধিক। বিশ্বৰ কিছুমান বৃহৎ জলবিদ্যুৎ শক্তি কেন্দ্ৰৰ বিষয়ে উল্লেখ কৰা হ’ল –

বিশ্বৰ শীৰ্ষ ১০ টা বৃহৎ জলবিদ্যুৎ শক্তি কেন্দ্ৰ (Top 10 Largest Hydroelectric Power Stations):
থ্ৰী গৰ্জ বান্ধ (Three Gorges Dam):
থ্ৰী গৰ্জ বান্ধ হৈছে মধ্য চীন (Central China)ৰ হুবেই প্ৰদেশ (Hubei Province)ৰ ইয়াংচে নদী (Yangtze River)ৰ ওপৰত নিৰ্মিত এটা জলবিদ্যুৎ বান্ধ। 22,500 মেগাৱাট (MW) স্থাপন ক্ষমতাৰে বিশ্বৰ সৰ্ববৃহৎ শক্তি কেন্দ্ৰ (World’s Largest Power Station)। 1994 চনত বান্ধটাৰ নিৰ্মাণ আৰম্ভ হৈছিল আৰু 2012 চনত সম্পূৰ্ণৰূপে কাৰ্যক্ষম হয়। বান্ধটোৰ উচ্চতা 185 মিটাৰ আৰু দৈৰ্ঘ্য 2,335 মিটাৰ। ভাৰতীয় হিচাপত বান্ধটোৰ নিৰ্মাণত ব্যয় হৈছিল প্ৰায় তিনি লাখ কোটি টকা।
বাইহেটান বান্ধ (Baihetan Dam):
বাইহেটান বান্ধ হৈছে দক্ষিণ-পশ্চিম চীন (Southwest China)ৰ ইউনান প্ৰদেশ (Yunnan Provinces)ৰ জিনছা নদী (Jinsha River)ৰ ওপৰত থকা এটা বৃহৎ জলবিদ্যুৎ বান্ধ। ই বিশ্বৰ দ্বিতীয় বৃহত্তম জলবিদ্যুৎ কেন্দ্ৰ (Second Largest Hydropower Plant in the World)। বান্ধটোৰ উচ্চতা 289 মিটাৰ আৰু দৈৰ্ঘ্য 13 মিটাৰ। এই জলবিদ্যুৎ কেন্দ্ৰটোত 16 টা জেনেৰেটৰ আছে, আৰু প্ৰত্যেকেই 1,000 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পাৰে, যিটো বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ একক ইউনিট টাৰ্বাইন (Largest Single Unit Capacity Turbine in the World)। নিৰ্মাণ আৰম্ভ হৈছিল 2017 চনত আৰু সম্পূৰ্ণ হৈছিল 2022 চনত। ইয়াৰ স্থাপন ক্ষমতা 16,000 মেগাৱাট।
ইটাইপু বান্ধ (Itaipu Dam):
ইটাইপু বান্ধ হৈছে ব্ৰাজিল (Brazil) আৰু পাৰাগুৱে (Paraguay)ৰ সীমান্তত অৱস্থিত পাৰানা নদী (Parana River)ৰ জলবিদ্যুৎ বান্ধ। ই বিশ্বৰ তৃতীয় বৃহত্তম জলবিদ্যুৎ বান্ধ (Third Largest Hydroelectric Dam in the World)। ইয়াৰ উচ্চতা 196 মিটাৰ আৰু দৈৰ্ঘ্য 7,919 মিটাৰ। নিৰ্মাণ আৰম্ভ হৈছিল 1971 চনত আৰু 1991 চনত সম্পূৰ্ণ হৈছিল। ইয়াৰ স্থাপন ক্ষমতা 14,000 মেগাৱাট।
জিলুওডু বান্ধ (Xiluodu Dam):
জিলুওডু বান্ধ হৈছে চীনৰ ইয়াংচে নদীৰ ওপৰৰ ধাৰা জিনছা নদী (Jinsha River)ৰ এটা বান্ধ। ই বৰ্তমান বিশ্বৰ চতুৰ্থ বৃহত্তম শক্তি কেন্দ্ৰ ( Fourth Largest Power Station in the World)ৰ লগতে বিশ্বৰ পঞ্চম সৰ্বোচ্চ বান্ধ (Fifth Tallest Dam in the World)। ইয়াৰ উচ্চতা 285.5 মিটাৰ আৰু দৈৰ্ঘ্য 700 মিটাৰ। বান্ধটোৰ নিৰ্মাণ আৰম্ভ হৈছিল 2005 চনত আৰু সম্পূৰ্ণ হৈছিল 2014 চনত। ইয়াৰ স্থাপন ক্ষমতা 13,860 মেগাৱাট।
বেলো মণ্টে বান্ধ (Belo Monte Dam):
বেলো মণ্টে বান্ধ ব্ৰাজিলৰ পাৰা (Para)ৰ উত্তৰ অংশৰ জিংগু নদী (Xingu River)ৰ ওপৰত থকা জলবিদ্যুৎ বান্ধ। ই ব্ৰাজিলৰ দ্বিতীয় বৃহত্তম জলবিদ্যুৎ (Second Largest Hydroelectric Dam in Brazil) বান্ধ আৰু বিশ্বৰ পঞ্চম বৃহত্তম বান্ধ (Fifth Largest Dam in the World)। ইয়াৰ উচ্চতা 90 মিটাৰ আৰু দৈৰ্ঘ্য 3,645 মিটাৰ। বান্ধটোৰ নিৰ্মাণ আৰম্ভ হৈছিল 2011 চনত আৰু সম্পূৰ্ণ হৈছিল 2019 চনত। বান্ধটোৰ স্থাপন ক্ষমতা 11,233 মেগাৱাট।
গুৰি বান্ধ (Guri Dam):
গুৰি বান্ধ ভেনিজুৱেলাৰ বলিভাৰ ৰাজ্যৰ কেৰ’নি নদী (Caroni River)ত অৱস্থিত। ইয়াক চিমন বলিভাৰ জলবিদ্যুৎ প্ৰকল্প (Simon Bolivar Hydroelectric Plant) বুলিও জনা যায়। ইয়াৰ উচ্চতা 162 মিটাৰ আৰু দৈৰ্ঘ্য 7,426 মিটাৰ। বান্ধটোৰ নিৰ্মাণ আৰম্ভ হৈছিল 1963 আৰু সম্পূৰ্ণ কাৰ্য্যক্ষম হৈছিল 1986 চনত। ইয়াৰ দৈৰ্ঘ্য 7,426 মিটাৰ আৰু উচ্চতা 162 মিটাৰ। ইয়াৰ স্থাপন ক্ষমতা হৈছে 10,235 মেগাৱাট।
ৱুডংডে বান্ধ (Wudongde Dam):
ৱুডংডে বান্ধ হৈছে চীনৰ জিনছা নদী (Jinsha River)ৰ ওপৰত থকা এটা বৃহৎ জলবিদ্যুৎ বান্ধ। ইয়াৰ উচ্চতা 240 মিটাৰ আৰু দৈৰ্ঘ্য 505 মিটাৰ। এই বান্ধটোৰ নিৰ্মাণ আৰম্ভ হৈছিল 2015 চনত আৰু 2021 চনৰ জুন মাহত সম্পূৰ্ণ হয়। ইয়াৰ স্থাপন ক্ষমতা হৈছে 10,200 মেগাৱাট।
টুকুৰুই বান্ধ (Tucurui Dam)
ব্ৰাজিলৰ পাৰাৰ টকান্টিন্স নদী (Tocantins River)ৰ ওপৰত থকা এটা প্ৰধান জলবিদ্যুৎ বান্ধ হৈছে টুকুৰুই বান্ধ। ইয়াৰ উচ্চতা 78 মিটাৰ আৰু দৈৰ্ঘ্য 12.5 কিলোমিটাৰ। বান্ধটোৰ নিৰ্মাণ আৰম্ভ হৈছিল 1975 চনত আৰু সম্পূৰ্ণ হৈছিল 1984 চনত। এই বান্ধটোৰ স্থাপন ক্ষমতা হৈছে 8,370 মেগাৱাট।
ছিয়াংজিয়াবা বান্ধ (Xiangjiaba Dam):
ছিয়াংজিয়াবা বান্ধ হৈছে চীনৰ দক্ষিণ অংশৰ জিনছা নদীৰ ওপৰত নিৰ্মিত এটা বৃহৎ বান্ধ। ইয়াৰ উচ্চতা 161 মিটাৰ আৰু দৈৰ্ঘ্য 909 মিটাৰ। বান্ধটোৰ নিৰ্মাণ আৰম্ভ হৈছিল 2006 চনত আৰু সম্পূৰ্ণ হয় 2012 চনত। ইয়াৰ স্থাপন ক্ষমতা হৈছে 7,798 মেগাৱাট।
গ্ৰেণ্ড ক'লি বান্ধ (Grand Coulee Dam):
গ্ৰেণ্ড ক’লি বান্ধ হৈছে আমেৰিকাৰ পূব-মধ্য ৱাশ্বিংটনৰ কলম্বিয়া নদী (Columbia River)ৰ ওপৰত থকা এক বৃহৎ জলবিদ্যুৎ বান্ধ। বান্ধটোৰ উচ্চতা 167 মিটাৰ আৰু দৈৰ্ঘ্য 1592 মিটাৰ। ইয়াৰ নিৰ্মাণ আৰম্ভ হৈছিল 1933 চনত আৰু সম্পূৰ্ণ হৈছিল 1942 চনত। এই বান্ধটোৰ স্থাপন ক্ষমতা 6,809 মেগাৱাট।
জিনপিং-১ বান্ধ (Jinping-I Dam):
জিনপিং-১ জলবিদ্যুৎ কেন্দ্ৰ বুলিও জনাজাত জিনপিং-১ বান্ধটো চীনৰ ছিচুয়ানৰ ইয়ালং নদী (Yalong River)ৰ ওপৰত অৱস্থিত। 305 মিটাৰ উচ্চতাৰে ই হৈছে বিশ্বৰ আটাইতকৈ ওখ বান্ধ (Tallest Dam in the World)। ইয়াৰ নিৰ্মাণ আৰম্ভ হৈছিল 2005 চনত আৰু সম্পূৰ্ণ হৈছিল 2014 চনত। মথাউৰিটোৰ দৈৰ্ঘ্য 568.5 মিটাৰ আৰু স্থাপন ক্ষমতা 3,600 মেগাৱাট।
হিৰাকুড বান্ধ (Hirakud Dam):
ভাৰতৰ ওড়িশা ৰাজ্যৰ মহানদী নদী (Mahanadi River)ৰ ওপৰত অৱস্থিত হিৰাকুড বান্ধ বিশ্বৰ অন্যতম দীঘলীয়া মাটিৰ বান্ধ। ই পৃথিৱীৰ আটাইতকৈ দীঘল মাটিৰ বান্ধ (Longest Earthen Dam in the World)। বান্ধটোৰ উচ্চতা 60.96 মিটাৰ আৰু ইয়াৰ মূল অংশৰ দৈৰ্ঘ্য 4.8 কিলোমিটাৰ। ইয়াৰ দুটা শক্তিকেন্দ্ৰ আছে, শক্তিকেন্দ্ৰ-১ ৰ ক্ষমতা 287.8 মেগাৱাট আৰু শক্তিকেন্দ্ৰ-২ ৰ ক্ষমতা 60 মেগাৱাট। এই বান্ধটোৱে বান নিয়ন্ত্ৰণ, জলসিঞ্চন আৰু জলবিদ্যুৎ শক্তি উৎপাদনকে ধৰি একাধিক উদ্দেশ্য সাধন কৰে।
সামৰণি (Conclusion):
সামৰণিত ক’ব পাৰি যে বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ শক্তি কেন্দ্ৰসমূহে অভিযান্ত্ৰিক আৰু উদ্ভাৱনৰ কীৰ্তিচিহ্নস্বৰূপ কৃতিত্বক প্ৰতিনিধিত্ব কৰে, বৈ যোৱা পানীৰ অপৰিসীম শক্তিক ব্যৱহাৰ কৰি যথেষ্ট পৰিমাণৰ পৰিষ্কাৰ আৰু নবীকৰণযোগ্য শক্তি উৎপাদন কৰে। লগতে এই কেন্দ্ৰসমূহে বিশ্বব্যাপী কাৰ্বন নিৰ্গমন হ্ৰাস কৰাত যথেষ্ট অৰিহণা যোগায়।
- See Also -
FAQ
জলবিদ্যুৎ প্ৰকল্প হৈছে নদী এখন বন্ধ কৰি জলাশয় সৃষ্টি কৰা হ’য় আৰু ইয়াত জমা হোৱা পানী ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰা হয়।
বিশ্বৰ আটাইতকৈ ডাঙৰ জলবিদ্যুৎ বান্ধটো হৈছে চীনৰ হুবেইত অৱস্থিত থ্ৰী গৰ্জ বান্ধ (Three Gorges Dam)।
চীনৰ ইয়াংচে নদীৰ ওপৰত থ্ৰী গৰ্জ বান্ধ হৈছে এক বৃহৎ জলবিদ্যুৎ প্ৰকল্প, যিটো ইয়াৰ পৰিসৰ আৰু পৰিৱেশৰ ওপৰত প্ৰভাৱৰ বাবে জনাজাত।
ইয়াৰ দৈৰ্ঘ্য প্ৰায় 3.7 কিলোমিটাৰ আৰু ওখ প্ৰায় 185 মিটাৰ।
বানপানী নিয়ন্ত্রণ, খেতি-বাতি আৰু খোৱাৰ বাবে পানী জমা কৰা, বিদ্যুৎ উৎপাদন আৰু নদীবোৰক নাওৰ বাবে সহজে ব্যৱহাৰ কৰিবলৈ বান্ধ নিৰ্মাণ কৰা হয়।
- Source -
- Wikipedia